ব্ৰিটেইনছ গট টেলেন্ট’ত অসম কন্যা বিনীতা চেত্ৰীৰ সাফল্য, সৰ্বত্ৰে ভাইৰেল ভিডিঅ’…
Binita chetry: ব্ৰিটেইনছ গট টেলেন্ট (britain's got talent)ত অসম জীয়ৰীৰ সাফল্য। কাৰ্বি আংলঙৰ ৮ বছৰীয়া কন্যা বিনীতাই ব্ৰিটেইনছ গট টেলেন্টত নৃত্য প্ৰদৰ্শন কৰি কোটি কোটি জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।

অসমৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক গৌৰৱৰ ক্ষণ! দেশৰ নহয়, বিদেশৰ মঞ্চত উজ্বলি উঠিল অসম জীয়ৰী। অসমৰ ৮ বছৰীয়া বিনীতা চেত্ৰীয়ে শেহতীয়াকৈ ব্ৰিটেইনছ গট টেলেণ্ট (Britain’s got talebt) (বিজিটি)ত নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ লগতে বিশ্বৰ কোটি কোটি জনতাৰ মন মুহিবলৈ সক্ষম হয়। মঞ্চত বিনীতাৰ নৃত্যৰ অন্তত সকলোৱে হাত চাপৰি বজোৱাৰ লগতে বিচাৰকসকলেও থিয় হৈ প্ৰশংসা কৰে। বৰ্তমান সময়ত সামাজিক মাধ্যমত বিনীতাৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। যাৰ পাছত বিভিন্নজনে বিনীতাৰ প্ৰশংসা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বিনীতাৰ প্ৰশংসা কৰি ফেচবুকত এক পোষ্ট কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে যে- বিশ্বৰ এক জনপ্ৰিয় মঞ্চত নিজৰ প্ৰতিভাৰে অসমৰ কণমানি বিনীতা জিলিকি উঠিছে! অসম কন্যা বিনীতা ছেত্ৰীয়ে শেহতীয়াকৈ ‘ব্ৰিটেইনছ গট টেলেণ্ট’ৰ দৰে বিশেষ অনুষ্ঠানত স্বকীয় প্ৰতিভা প্ৰদৰ্শন কৰাই নহয়, বিচাৰক তথা বিশ্ববাসীক মোহিত কৰাৰ ক্ষণটিয়ে আমাকো গৌৰৱেৰে মহীয়ান কৰিছিল৷ আমাৰ ভৱিষ্যৎ প্ৰজন্ম বিশ্বৰ বুকুত এনেকৈ সমাদৃত হোৱা দেখিলে মনত সৃষ্ট অনুভৱক বুজাব নোৱৰা হৈ যাওঁ৷ সাফল্যৰ জখলা বগাই এনেকৈয়ে আগুৱাই যোৱা, দেশ তথা ৰাজ্যৰ নাম উজলোৱা বিনীতা৷ আমি ৰাজ্যবাসীৰ হৈ তোমালৈ অলেখ শুভেচ্ছা জনালোঁ।৷
যেতিয়া বিচাৰকে বিনীতাক সোধে যে তেওঁ কেনেকৈ এই মঞ্চলৈ আহিল। তাৰ উত্তৰত বিনীতাই কয়- এইখন মঞ্চ তেওঁৰ বাবে সপোন আৰু তেওঁ জয়ী হ’ব বিচাৰে। বিচাৰকে যেতিয়া বিনীতাক ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সোধে তেতিয়া তেওঁ কয় যে, “মই এটা গোলাপী ৰঙৰ ৰাজকুমাৰীৰ ঘৰ কিনিব বিচাৰো।” বিনীতাৰ উত্তৰ শুনি বিচাৰকৰ পৰা আৰম্ভ কৰি দৰ্শকলৈকে সকলোৱে হাত চাপৰি বজায়।
বিনীতাই সকলোকে ধন্যবাদ জনাই ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে। লগতে লিখিছে যে- যেতিয়া কঠোৰ পৰিশ্ৰমে প্ৰতিভাক লগ পায় তেতিয়া ই নিঃসন্দেহে যাদুৰ সৃষ্টি কৰে। লগতে কয়, “মই আজি বহুত সুখী যে বিশ্বৰ অন্যতম ডাঙৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিছো। আপোনালোকৰ সহায় অবিহনে এয়া কেতিয়াও সম্ভৱ নাছিল। মোৰ যাত্ৰাক সমৰ্থন কৰা আৰু মোক ইমান মৰম দিয়া বাবে সকলোকে ধন্যবাদ”।
উল্লেখ্য যে, ব্ৰিটেইনছ গট টেলেন্টত বিচাৰক হিচাপে আছিল চাইমন ৰোৱেল, আমাণ্ডা হোল্ডেন, ব্ৰুনো টনিওলি আৰু আলেছা ডিক্সন। এই নৃত্য প্ৰদৰ্শনৰ পাছতে বিনীতাই পৰৱৰ্তী ৰাউণ্ডৰ বাবে নিৰ্বাচিত হয়। জানিব পৰা মতে, বিনীতা চেত্ৰীৰ ঘৰ কাৰ্বি আংলঙৰ বোকাজানত। তেওঁৰ পিতৃৰ নাম অমৰ চেত্ৰী। প্ৰতিযোগিতাৰ পৰৱৰ্তী ৰাউণ্ডৰ বাবে অসমবাসীৰ আশীৰ্বাদ কামনা কৰিছে বিনীতা চেত্ৰীৰ লগতে পৰিয়ালৰলোকে।