‘চুমিৰ সৈতে মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই’- ট্ৰেডিং বিতৰ্কক লৈ সামাজিক মাধ্যমত স্পষ্টীকৰণ প্ৰস্তুতি পৰাশৰৰ
মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হৈছিল চুমিৰ পাতি লোৱা ভাতৃ বিশাল ফুকন। বিকাশৰ গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহি আছে বহু-বহু চাঞ্চল্যকৰ তথ্য।
আজি আদালতত হাজিৰ কৰোৱা হ’ব স্বপ্ননীল দাসক। কিন্তু এই মুহূৰ্তলৈ সন্ধান পোৱা নাই চুমিৰ। ক’লৈ গ’ল অভিনেত্ৰী তথা কৰিঅ’গ্ৰাফাৰ চুমি বৰা? আৰক্ষীৰ চকুত ধূলি দি এতিয়াও পলাতক প্ৰৱঞ্চক চুমী বৰা আৰু স্বামী তাৰ্কিক বৰা। স্বামীসহ সন্ধানহীন চুমীক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান। মহানগৰীৰ কেইবাটাও স্থানত চলিল আৰক্ষীৰ অভিযান। গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে চুমি আৰু স্বামীক হাজিৰ হ’বলৈ ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰিছে৷
অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিশাল আৰু চুমিয়ে এক বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈছিল। আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। তথ্যনুসৰি এই কাণ্ডত নাম সাঙোৰ খাইছে অসমৰ বহু জনপ্ৰিয় সাংস্কৃতিক জগতৰ লোকৰ নাম।
ইফালে প্ৰস্তুতি পৰাশৰে ট্ৰেডিং বিতৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ সংবাদ মাধ্যমে। ইয়াৰ পিছতে সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে কয় যে- বৰ্তমান চলি থকা ট্ৰেডিং বিতৰ্কৰ লগত একাংশ সংবাদ মাধ্যমে মোৰ নাম সাঙুৰি মইও ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে, যিয়ে আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে। চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী। বিগত দুটা বৰ্ষত এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে চুমিয়ে আৱাহন থিয়েটাৰৰ কেৱল দুটি গীতৰ নৃত্য পৰিচালনা কৰিছে। তাৰ বাহিৰে চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই লগতে বিশাল নামৰ যুৱক জনৰ লগত মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে কেতিয়াও সংস্পৰ্শলৈ অহা নাই। আশ্চৰ্য্যজনকভাৱে সংবাদ মাধ্যমৰ যোগেদিহে ল’ৰাজন চুমিৰ ভাতৃ বুলি জানিব পাৰিছোঁ।
ইয়াৰোপৰি অভিনেত্ৰীগৰাকীয়ে কয়, এগৰাকী বাণিজ্য বিভাগৰ শিক্ষাৰ্থী হিচাপে ট্ৰেডিং আৰু সহজলভ্য বিনিয়োগৰ বিষয়ে মই ভালকৈয়ে অৱগত। লগতে এনেধৰণৰ Unauthorized Trading ত Invest কৰাৰ পক্ষপাতী মই কেতিয়াও নহয়। মই কষ্টত বিশ্বাসী ব্যক্তি। অভিনয় ক্ষেত্ৰ খনৰ প্ৰচাৰ আৰু প্ৰসাৰতে ব্ৰতী হৈ থাকি আপোনালোকৰ আশীৰ্বাদত এইবৰ্ষৰ ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে আমাৰ ৩০০ জনীয়া পৰিয়ালটোক ইতিমধ্যে অগ্ৰসৰ কৰিছোঁ। কিন্তু সম্প্ৰতি এনেবোৰ অপপ্ৰচাৰে জনমানসত আমাক হেয় প্ৰতিপন্ন কৰাৰ লগতে মানসিকভাৱেও ব্যতিব্যস্ত কৰি তুলিছে। গতিকে সচেতন সমাজৰ যিসকল ব্যক্তিয়ে মোৰ ওপৰত এই অভিযোগ তুলিছে, তেওঁলোকৰ বাবে এটাই স্পষ্টীকৰণ দিব খোজোঁ যে এই অমান্য বিনিয়োগ ব্যৱস্থাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু মই কেতিয়াও ইয়াৰ প্ৰচাৰক সমৰ্থন জনোৱা নাই। কষ্টৰ ফল আৰু ইজি মানিৰ পাৰ্থক্য মই ভালকৈয়ে জানোঁ। গতিকে অনাহকত মোক এই বিতৰ্কৰ আওঁতালৈ আনিব খোজা একাংশ সংবাদ মাধ্যমৰ যিসকলে এই কেলেংকাৰীত জড়িত ব্যক্তিৰ তালিকাখন আৰক্ষীৰ ফালৰ পৰা অহা বুলি দাবী কৰিছে, য’ত মোৰ নামো প্ৰকাশ পাইছে, সেই তালিকাখন ২৪ ঘন্টাৰ ভিতৰত পূৰ্ণ প্ৰমাণ সহকাৰে তথা মান্য নথিপত্ৰৰে আমাৰ আগত দেখুৱাবলৈ আহ্বান জনাইছোঁ, অন্যথা মই আইনৰ ওচৰ চাপিবলৈ বাধ্য হ’ম। অৱশেষত সকলো শুভাকাংক্ষী তথা ৰাইজক এনেধৰণৰ ভুৱা বাতৰিক বিশ্বাস নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ।
ইয়াৰোপৰি কণ্ঠশিল্পী দীপলিনা ডেকা, মন্টু মণি আৰু কণ্ঠশিল্পী নিলাক্ষী নেওগেও সামাজিক মাধ্যমত দিছে এই ঘটনাৰ লগত জড়িত নথকাৰ স্পষ্টীকৰণ।