কইনা হ’বলৈ ওলাইছে ‘জানমণি’! Reel ত নহয়, ৰিয়েল লাইফত পিন্ধিব কইনাৰ সাজ
ঐ ৰাম জানমণিৰ বিয়া হে...কইনা হ'বলৈ সাজু হৈছে জানমণি খ্যাত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। হাজাৰজনৰ হিয়া ভাঙি নতুন জীৱনৰ পাতনি মেলিব জানমণিয়ে।
অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত জানমণি খ্য়াত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা অন্যতম। নিজৰ অভিনয়েৰে সকলোৰ হৃদয় জয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক আৰু ভিডিঅ’ত অভিনয় কৰিছে শ্যামন্তিকাই। ‘জানমণি’ ভিচিডিখনৰ জৰিয়তে বেছি জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰীগৰাকী।
অৱশেষত সকলো গুণা-গঁথাৰ অন্ত পৰিল। এতিয়া গোলাঘাটৰ বোৱাৰী হ’বলৈ সাজু হৈছে শ্যামন্তিকাই। এই খবৰে এতিয়া অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত লাভ কৰিছে বিশেষ চৰ্চা। শেহতীয়াকৈ দুয়োজনৰ পৰিয়ালবৰ্গই আনুষ্ঠানিকভাৱে মিলি তেওঁলোকৰ সম্পৰ্কক আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল।
কিছুদিন পূৰ্বে সামাজিক মাধ্যমত শ্যামন্তিকাই আপলোড কৰা এটা পোষ্টৰ জৰিয়তে সন্মুখলৈ আহে এই কথা। এতিয়া সামাজিক ভাবে বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু শ্যামন্তিকা।
মোহময়ী অভিনেত্ৰীগৰাকীৰ বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে। ৬ ফেব্ৰুৱাৰীত বিয়া হোমৰ গুৰিত বহিব শ্যামন্তিকা শৰ্মা। জীৱনৰ বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অৱশেষত শ্যামন্তিকাই সন্ধান পালে নিজৰ প্ৰিয় আৰু সপোনৰ মানুহজনৰ।
পিছে, আপুনি জানেনে জানমণি কাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব? যশস্বী পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিব শ্যামন্তিকাই। এতিয়া সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীৰ মেহেণ্ডী পৰ্বৰ ফটো ভাইৰেল হৈ পৰিছে।
তথ্যনুসৰি, অভিনেত্ৰীগৰাকীৰ মেহেণ্ডী পৰ্ব বৰগছ ৰিজৰ্টত অনুষ্ঠিত হয়। অভিনেত্ৰীৰ বিবাহকলৈ আনন্দিত হৈ পৰিছে অনুৰাগীসকল। ইফালে অভিনেত্ৰী জেৰিফা ৱাহিদেও কইনাৰ লগত শ্বেয়াৰ কৰিছে ফটো।
শ্যমন্তিকাৰ বেদনা!
উল্লেখ্য যে, পূৰ্বে কলিকতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে শুকলেশ্বৰ দেৱালয়ত বিবাহপাশত আবদ্ধ হৈছিল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। সুপ্ৰতিম দাস আছিল নৌসেনাৰ এগৰাকী বিষয়া। কিন্তু তেওঁৰ লগত বিবাহপাশত আৱদ্ধ হৈ জানমণিয়ে নিজকে হেৰুৱাই পেলাইছিল। অৱশেষত সুপ্ৰতিম দাসৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত নতুন জীৱনৰ পাতনি মেলিবলৈ আগবাঢ়িছে হৈছে শ্যামন্তিকা শৰ্মা।