শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘গোলাই চোৰ’ক লগ কৰিবলৈ আপুনি সাজু নে? ১৭ জানুৱাৰীত চুৰিৰ ন ন কৌশল শিকাবলৈ আহি আছে ছবিগৃহত

‘গোলাই চোৰ’ হৈছে এখন হাস্যমধুৰ ছবি। ছবিখনত অভিনয় কৰিছে কেনী বসুমতাৰী, হিমাংশু প্ৰসাদ, দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ,প্ৰতিভা চৌধুৰীকে ধৰি বহুকেইজন শিল্পীয়ে৷

‘গোলাই চোৰ’ক লগ কৰিবলৈ আপুনি সাজু নে? ১৭ জানুৱাৰীত চুৰিৰ ন ন কৌশল শিকাবলৈ আহি আছে ছবিগৃহত
'গোলাই চোৰ'ক লগ কৰিবলৈ আপুনি সাজু নে?Image Credit source: Social Media
barasha-misra
Barasha Misra | Published: 14 Jan 2025 22:57 PM

অসমীয়া ছবিৰ সুদিন ঘূৰি আহিছে। বিদুৰভাইৰ জনপ্ৰিয়তাৰ পিছত ছবিগৃহত ইখনৰ পিছত সিখন ছবি মুকলি হৈ আছে। অহা ১৭ জানুৱাৰীত অসমৰ ছবিগৃহত আহিব ‘গোলাই চোৰ’৷ গোলাই চোৰে কি চুৰ কৰিছে, সেয়া এক কৌতুহলৰ বিষয়।

জেং প্ৰডাকচনৰ উদ্যোগত আৰু অসম ৰাজ্যিক চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ সহযোগত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘গোলাই চুৰ’৷ কিছুদিন পূৰ্বে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ চিনেমা হলত ছবিখনৰ ট্ৰেইলাৰ আৰু দুটাকৈ গীত মুকলি হয়। প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে অসমীয়া সাংস্কৃতিক জগতৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী।

‘গোলাই চোৰ’ হৈছে এখন হাস্যমধুৰ ছবি। ছবিখনত অভিনয় কৰিছে কেনী বসুমতাৰী, হিমাংশু প্ৰসাদ, দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ,প্ৰতিভা চৌধুৰীকে ধৰি বহুকেইজন শিল্পীয়ে৷ ছবিৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ। ২০২২ চনত আৰম্ভ কৰা এই ছবিখন ৰাইজৰ মাজলৈ ১৭ জানুৱাৰী ত আগবঢ়াই দিব। বিভিন্ন কাৰণৰ বাবে ছবিখন পূৰ্বে মুক্তি দিব পৰা নাছিল। ছবিখনৰ শ্বুটিং মাজুলীত কৰা হৈছে।

‘গোলাই চোৰ’ৰ কাহিনী

ইয়াত দৰ্শকে চোৰৰ লগতে ডকাইতকো দেখিবলৈ পাব ৷ ‘গোলাই চোৰ’ কাহিনী ১৯৪৫ চনত ব্ৰিটিছৰাজৰ সময়ত আৰম্ভ হৈ ৮০ চনলৈ আহে । ছবিখন কেইজনমান তীখৰ চোৰৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত । ১৯৪৫ চনৰ কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাক লৈ চোৰ আৰু পুলিচৰ এটা কাহিনী সামৰি লোৱা হৈছে।
এই ছবিখন যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম লৈ এই ছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰা হৈছে। ছবিখনক দৰ্শকে আঁকোৱালি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলী ।

Latest News