‘স্বৰ্গৰথ’ আহিছে! আজিৰে পৰা আপোনাৰ কাষৰ ছবিগৃহত নতুন অসমীয়া ছবিখন

মুক্তি পালে নতুন অসমীয়া ছবি স্বৰ্গৰথ। ছবিখন শীৰ্ষ গীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷

‘স্বৰ্গৰথ’ আহিছে! আজিৰে পৰা আপোনাৰ কাষৰ ছবিগৃহত নতুন অসমীয়া ছবিখন

মুক্তি পালে নতুন অসমীয়া ছবি

Published: 

07 Jun 2024 14:55 PM

আজি ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ  এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি স্বৰ্গৰথ। বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হয়। এ এম টেলিভিছনৰ নৱতম উপহাৰ হৈছে ‘স্বৰ্গৰথ’৷

এই ছবিখন পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণৰ, লগতে সহ প্ৰযোজক হিচাপে থাকিব ডাঃ অক্ষতা নাৰায়ণ। ছবিখন শীৰ্ষ গীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷

ছবিখনৰ মুক্তিৰ পূৰ্বে পৰা কলা-কুশলীয়ে উজনিৰ পৰা নামনিলৈ চলাইছে ব্যাপক প্ৰচাৰ । সিদ্ধাৰ্থ শৰ্মা, ৰাষ্ট্ৰীয় পৰ্যায়ত নাম জিলিকাই তোলা অভিনেতা কেনি বসুমতাৰী, কমল লোচন , বনি দেউৰী, ৰিন্তু বৰা আদিকে ধৰি আন কেইগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।

উল্লেখ্য যে, “স্বৰ্গৰথ” ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ । সহ-পৰিচালক হিচাপে আছে মনোজ শইকীয়া । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । সম্পাদনা প্ৰতীম খাউণ্ডৰ । ছবিখনকলৈ এতিয়া আশাবাদী কলা-কুশলীসকল।

 

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ