শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অ’ বিদিশা ওলাই আহা দেৰি হৈছে… কমলৰ ভনীয়েকক নহয়, বিদিশাক বিয়া পাতিলে মোহনে, ভাইৰেল ভিডিঅ’

ৰীল লাইফত নহয় বাস্তৱ জীৱনত দৰাৰ ৰূপত মাহ-হালধি ঘঁহি কইনাক ঘৰলৈ আনিলে মোহনে। ন-কইনা আহি ঘৰ চম্ভালিলে মোহনৰ। বিয়াৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

অ’ বিদিশা ওলাই আহা দেৰি হৈছে… কমলৰ ভনীয়েকক নহয়, বিদিশাক বিয়া পাতিলে মোহনে, ভাইৰেল ভিডিঅ’
মোহনৰ বিয়াImage Credit source: Social media Image
barasha-misra
Barasha Misra | Updated On: 07 Feb 2025 15:33 PM

জীৱন বাটৰ লগৰী  বিচাৰি পালে ‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ মোহনে। সামাজিক নীতি-নিয়মৰ মাজেৰে বোৱাৰিক ঘৰ সুমুৱালে ‘মোহন’ ওৰফে দ্বীপজ্যোতি কেওটে । অসমীয়া ধাৰাবাহিক ‘বেহৰবাৰী আউটপ’ষ্ট’ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিছিল মোহনে। মোহনৰ চৰিত্ৰটো ধাৰাবাহিকখনত অতি বিশেষ। কেকে আৰু মণি বৌৰ সৈতে অনবৰত লাগি অলৌ-তলৌকৈ ঘূৰি ফুৰা ল’ৰাটোৱে পাতিলে বিয়া।

বৃহস্পতিবাৰে নগাঁৱৰ ডিফলুৰ বিদিশা ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মোহন। ধাৰাবাহিকখনত সদায় কমলৰ ভনীয়েকক বিয়া পাতিম পাতিমকৈ থকা ল’ৰা জনে যুগ্ম জীৱনত খোজ পেলালে। ৰীল লাইফত নহয় বাস্তৱ জীৱনত দৰাৰ ৰূপত মাহ-হালধি ঘঁহি কইনাক ঘৰলৈ আনিলে মোহনে। ন-কইনা আহি ঘৰ চম্ভালিলে মোহনৰ। এই বিয়াত অসমীয়া সাংস্কৃতিকজগতৰ বহু অভিনেতা-অভিনেত্ৰীৰ লগতে ইউটিউবাৰো উপস্থিত আছিল।

মোহৰ বিয়াখন প্ৰেম বিবাহ নহয়, ঘৰৰ মানুহে চোৱাৰ পিছত ২ মাহৰ ভিতৰতে কইনাক আনিলে ঘৰলৈ। বিয়াৰ বিভিন্ন ফটো ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ইয়াৰ মাজতে মোহনৰ নলে-গলে লগা বন্ধু কেকে ওৰফে সিদ্ধাৰ্থ শৰ্মাই বিয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে সামাজিক মাধ্যমত। য’ত দৰাই কইনাক হোমৰ গুৰিলৈ মাতিছে, অ’ বিদিশা ওলাই আহা দেৰি হৈছে… মুহূৰ্ততে এই ভিডিঅ’ ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। অনুৰাগীসকলে মোহনৰ এই ৰূপটো দেখি যথেষ্ঠ ভাল পাইছে।

এতিয়া সকলোৱে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু দ্বীপজ্যোতি আৰু বিদিশাক যুগ্ম জীৱনৰ শুভেচ্ছা দিছে।