আজি ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ, প্ৰায় ডেৰ লাখ অতিথিক আপ্যায়নৰ বাবে ৰাইজে চলাইছে বিশেষ প্ৰস্তুতি
আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ। ১ৰ পৰা ডেৰ লাখ লোকে ভাগ ল’ব এই শ্ৰাদ্ধত। এই শ্ৰাদ্ধৰ বাবে নিজেই ওলাই আহিছে সমাজৰ সৰ্বস্তৰৰ লোক । প্ৰায় ডেৰ লাখ অতিথিৰ বাবে ৩৩ টা লংগৰত অতিথিক আপ্যায়ন কৰাৰ বৃহৎ প্ৰস্তুতি শদিয়াবাসীৰ।

আজি গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ
আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ। শদিয়াৰ টোপচিঙা গাঁৱত আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন। ভাগে ভাগে সকলোৱে নিজ নিজ দায়িত্ব চমজি লৈছে শদিয়াৰ প্ৰতিটো অঞ্চলৰ ৰাইজে। অতিথিক আপ্যায়নৰ বাবে সাজু হৈছে শদিয়াৰ ১২৯ খন গাঁৱৰ ৰাইজ। বিভিন্ন প্ৰান্তৰ ৰাইজে প্ৰেৰণ কৰিছে ধন তথা অন্যান্য সামগ্ৰী। এই আদ্যশ্ৰাদ্ধত প্ৰায় ১ লাখ স্বাভিমানী-জাতিপ্ৰেমী লোকৰ উপস্থিতি আশা কৰা হৈছে । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলৈ আৰম্ভ কৰিছে শুভাকাংশীসকল।
১ৰ পৰা ডেৰ লাখ লোকে ভাগ ল’ব এই শ্ৰাদ্ধত। এই শ্ৰাদ্ধৰ বাবে নিজেই ওলাই আহিছে সমাজৰ সৰ্বস্তৰৰ লোক । প্ৰায় ডেৰ লাখ অতিথিৰ বাবে ৩৩ টা লংগৰত অতিথিক আপ্যায়ন কৰাৰ বৃহৎ প্ৰস্তুতি শদিয়াবাসীৰ। ৰান্ধনীঘৰত সাজু কৰি তোলা হৈছে ২৩টাকৈ চৌকা। কেইবাখনো গাঁৱৰ ৰাইজে লগ লাগি প্ৰস্তুত কৰিছে ১০ হাজাৰ পকা মিঠে।
অৱশ্যে মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ শদিয়াৰ ঘৰলৈ অবিৰামভাৱে সোঁত বৈছে অনুৰাগীৰ। আজি আদ্য়শ্ৰাদ্ধ উপলক্ষে হাজাৰ হাজাৰ লোকে আগভাগ লৈছে প্ৰয়াত ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ কৰ্মত। ২৫টা দলে পৰিৱেশন কৰিব গায়ন-বায়ন, প্ৰদৰ্শন হ’ব ভাওনা। বহু ৰাজনৈতিক দলৰ নেতা, জাতীয় দল সংগঠনৰ নেতৃত্বই ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সকলো দায়িত্ব লোৱাৰ উপৰিও তিনিচুকীয়া, শদিয়াৰ বিভিন্ন গাঁৱৰ ৰাইজে দিনে নিশাই সাহাৰ্য দিছে ৰাজীৱ শদিয়াৰ পৰিয়ালটোক।
ইতিমধ্যে ৰাজীৱ শদিয়াৰ ঘৰ আৰম্ভ হৈছে আদ্য়শ্ৰাদ্ধৰ কাৰ্যসূচী। প্ৰয়াত শিল্পীগৰাকীৰ পত্নীয়ে মৈদামত প্ৰজ্বলন কৰিলে বন্তি। ৰাজীৱ শদিয়াৰ স্মৃতিত উন্মোচন কৰা হ’ল এখন স্মৰণিকা। ৰাজীৱ শদিয়াৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু বিধায়ক অখিল গগৈয়ে ৷
ইফালে আদ্যশ্ৰাদ্ধ প্ৰাকক্ষণত কন্ঠশিল্পী বিপিন চাউদাঙে মুকলি কৰিছে প্ৰয়াত ৰাজীৱ শদিয়াৰ স্মৃতিত প্ৰস্তুত কৰা গীত । ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি জনাই মুকলি কৰা হৈছে এই গীত। “শদিয়াৰ এপাহি শতফুল সৰে” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে বিপিন চাউদাঙে। গীতটোৰ কথা ড০ বিনোদ চন্দ্ৰ বড়া আৰু সুৰ ড০ নিৰোদ বৰুৱাৰ। স্বামীক মনত পেলাই গীত মুকলি অনুষ্ঠানত হুকহুকাই কান্দি উঠিল গণশিল্পীগৰাকীৰ পত্নী।
১৯৮৪ চনত তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ টুপছিঙা গাঁৱত জন্ম হৈছিল ৰাজীৱ শদিয়াৰ।অতি সাধাৰণ জীৱন যাপন কৰা ৰাজীৱ শদিয়াই জাতিৰ বাবে গীত গাই ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল। দেশপ্ৰেম মূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৰাজীৱ শদিয়া। কিন্তু ১২ জানুৱাৰীত অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ আগদিনা গীত পৰিৱেশন কৰি থাকোতেই ঢলি পৰিছিল ৰাজীৱ শদিয়া। তাৰ পাছতে আহিছিল অনাকাংশিত খবৰটো। ৰাজীৱ শদিয়া আৰু আমাৰ মাজত নাই…