Vreegu Kashyap-Priyam Pallabee: সুখে-দুখে যুগ্ম জীৱনৰ চাৰিটা বছৰ অতিক্ৰম কৰিলে ভৃগু-প্ৰিয়মে, ডুবাইত উদযাপন বিবাহ বাৰ্ষিকী
হাতত হাত থৈ বহু ৰঙীন সপোন বুকুত বান্ধি আজিৰ দিনটোত যুগ্ম জীৱনৰ আৰম্ভণি কৰিছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু কন্ঠশিল্পী ভৃগু কাশ্যপে। সুখ-দুখৰ মাজেৰে পাৰ কৰিলে ৪ টা বছৰ। চাৰি বছৰীয়া বিবাহ বাৰ্ষিকী দুয়োজনে একেলগে ডুবাইত কৰিলে উদযাপন।

সুখে-দুখে যুগ্ম জীৱনৰ চাৰিটা বছৰ অতিক্ৰম কৰিলে ভৃগু-প্ৰিয়মে
আজি ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীৰ বিবাহবাৰ্ষিকী। সুখে-দুখেৰে বৈবাহিক জীৱনৰ চাৰিটা বছৰ পাৰ কৰিলে ভৃগু-প্ৰিয়মে। বিবাহ বাৰ্ষিকীৰ দিনটোত ভৃগু কাশ্যপে পত্নী প্ৰিয়ম পল্লৱীক ছ’চিয়েল মিডিয়াযোগে জনাইছে শুভেচ্ছা। ভৃগুৱে লিখিছে- “চাৰিটা বছৰ সুখেৰে ❤️ Caption ☝️☝️টোৰ প্ৰথম শব্দ টো সলনি হওঁক,বাকী বোৰ একেই থাকিবলৈ আপোনালোকৰ আশীৰ্বাদ লাগিব । Happy 4th Anniversary Munu @priyam_pallabee ❤️ Happy 4th Anniversary to us! Four incredible years down, and a lifetime of love, laughter, and adventures to come! Here’s to many more!”
আনফালে প্ৰিয়ম পল্লৱীয়েও স্বামী ভৃগুক শুভেচ্ছা জনাই সামাজিক মাধ্যমত লিখিছে- “Happy Anniversary LOVE❤️
#vreeyam ❤️ More to go with you👫”
৪ বছৰ পূৰ্বে আজিৰ দিনটোতেই আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল ইজনে সিজনক। হাতত হাত থৈ বহু ৰঙীন সপোন বুকুত বান্ধি আৰম্ভ কৰিছিল যুগ্ম জীৱন। অগ্নিক সাক্ষী কৰি কন্ঠশিল্পী ভৃগুৱে নিজৰ কৰি লৈছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। বৰ্তমান ভৃগু আৰু প্ৰিয়ম পল্লৱী আছে ডুবাইত। ডুবাই ভ্ৰমণৰ মাজতে কেক কাটি উদযাপন কৰিলে বিবাহ বাৰ্ষিকী।
প্ৰিয়ম পল্লৱী আৰু কন্ঠশিল্পী ভৃগু কাশ্যপৰ বিবাহ বাৰ্ষিকীৰ বিশেষ দিনটোত শুভেচ্ছাৰে উপচাই দিলে সকলো অনুৰাগীয়ে। দুয়োগৰাকীৰ বিবাহ বাৰ্ষিকীৰ এই বিশেষ দিনটোত আমিও যাচিলো শুভেচ্ছা।