শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাইজৰ ৰোষত জুবিন গাৰ্গ! ৰাজীৱ শদিয়াক লৈ কৰা মন্তব্যৰ পাছতে সংগীতানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত…

আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গ।ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কৈ বিপদত পৰিছে জুবিন গাৰ্গ৷ সংবাদ মাধ্যমৰ আগত প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কৈছিল জুবিনে। তাৰ পাছৰে পৰা আৰম্ভ হৈছে বিতৰ্ক।

ৰাইজৰ ৰোষত জুবিন গাৰ্গ! ৰাজীৱ শদিয়াক লৈ কৰা মন্তব্যৰ পাছতে সংগীতানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত…
ৰাজীৱ শদিয়া,জুবিন গাৰ্গ
trishna-kalita
Trishna Kalita | Updated On: 18 Jan 2025 11:52 AM

বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য কৰি চৰ্চাত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ। যিবোৰক লৈ বহু সময়ত সৃষ্টি হয় বিতৰ্কৰ। আকৌ এবাৰ তেনেই এক বিতৰ্কত সোমাই পৰিছে কণ্ঠশিল্পীগৰাকী।ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কৈ বিপদত পৰিছে জুবিন গাৰ্গ৷ সংবাদ মাধ্যমৰ আগত প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াক চিনি নাপাও বুলি কৈছিল জুবিনে। তাৰ পাছৰে পৰা আৰম্ভ হৈছে বিতৰ্ক।

কণ্ঠশিল্পী ৰাজীৱৰ শদিয়াৰ মৃত্যুৰ তিনি দিন পিছত তেওঁৰ এখন ফটো সংলগ্ন কৰি জুবিন গাৰ্গে ছ’চিয়েল মিডিয়াত লিখিছিল ‘REST IN PEACE BROTHER’।  ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল, “এই দুখজনক খবৰ। কিন্তু ৰাজীৱ শদিয়াক মই ইমান চিনি নাপাওঁ, জাতিৰ কাৰণে ময়ো গান গাইছো।” তাৰ পাছত পিছতে ৰাইজৰ ৰোষত পৰিছিল জুবিন। হাৰ্টথ্ৰৱৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে সামাজিক মাধ্যমত।

জুবিনৰ এই মন্তব্যক লৈ সামজিক মাধ্যমত বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে লিখিছে, ” ৰাজীৱ শদিয়াক চিনি নোপোৱাটো এগৰাকী জ্যেষ্ঠ শিল্পীৰ ডাঙৰ ব্যৰ্থতা । জুবিন গাৰ্গ – আপুনি চিনি পোৱাটো বাধ্যতামূলক । চিনি নাপায় মানে জানিব যে আপুনি জাতীয়তাবাদী শিবিৰৰ পৰা লাহে লাহে আঁতৰি গৈছে । লোহিত গগৈ , মহেন্দ্ৰ হাজৰিকা , বিপিন চাউদাংক যেনেকৈ জানে , তেনেকৈ ৰাজীৱ শদিয়াৰ দৰে একনিষ্ঠ সাধকক জানিলেহে আপুনি দায়বদ্ধ শিল্পী হ’ব । সকলো নতুন প্ৰজন্মৰ শিল্পীৰ বটবৃক্ষ হওঁক আপুনি । প্ৰয়োজন।”

Anupam Chakraborty

প্ৰয়াত ৰাজীৱ শদিয়াক লৈ জুবিন গাৰ্গে কৰা মন্তব্যক লৈ KMSSৰ নেতা আকাশ দলেই কয়,  ‘জনতাৰ শিল্পী হ’ব পৰা নাই জুবিন গাৰ্গ’। ‘জুবিন গাৰ্গৰ ৩০ হাজাৰ গানৰ মূল্য ৰাজীৱ শদিয়াৰ ৩০টা গানৰ সমান নহ’বও পাৰে। গণশিল্পী ৰাজীৱ শদিয়াক ৰাইজে দিয়া স্বীকৃতি সহিব পৰা নাই জুবিন গাৰ্গে’।

ইয়াৰ পাছতে ধেমাজিত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বৰ্জনৰ সিদ্ধান্ত বীৰ লাচিত সেনাৰ৷ ৰাজীৱ শদিয়াক জুবিন গাৰ্গে কৰা তাচ্ছিল্যৰ বাবেই বৰ্জনৰ সিদ্ধান্ত সংগঠনটোৰ৷ উজনিৰ অনুষ্ঠানসমূহত জুবিন গাৰ্গক বৰ্জন কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিটিৰ৷

উল্লেখ্য যে, উৰুকাৰ আগদিন দেওবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল ৰাজীৱ শদিয়াই । তিনিচুকীয়াৰ ফিল’বাৰীত আয়োজিত ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে । ইয়াৰ পাছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী। মঞ্চত উঠাৰ কিছু সময়ৰ পাছতে হঠাৎ ঢলি পৰে ৰাজীৱ শদিয়া। এই অঘটন সংঘটিত হোৱাৰ লগে লগে উদ্যোক্তাৰ লগতে উপস্থিত ৰাইজে তেওঁক তুলি ধৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে। কিন্তু চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই। ডিব্ৰুগড় মেডিকেল কলেজত ICUতে চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী গৰাকী । তেওঁৰ মৃত্যুত শোকস্তব্ধ সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত লোকৰ লগতে প্ৰতিগৰাকী অসমীয়া ।

Latest News