5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি স্বনামধন্য কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ জন্মদিন, সংগীতৰ পূৰ্বে ক্ৰিকেটৰ প্ৰতি আছিল তীব্ৰ আকৰ্ষণ

দ্বীপেন বৰুৱা এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেওঁৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। আজি দ্বীপেন বৰুৱাৰ জন্মদিন। অসমীয়া সংগীতত Playback singingৰ ৰজা দ্বীপেন বৰুৱা।

আজি স্বনামধন্য কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ জন্মদিন, সংগীতৰ পূৰ্বে ক্ৰিকেটৰ প্ৰতি আছিল তীব্ৰ আকৰ্ষণ
আজি স্বনামধন্য কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ জন্মদিন
barasha-misra
Barasha Misra | Updated On: 19 Nov 2024 12:50 PM

দ্বীপেন বৰুৱাৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে গুৱাহাটী লতাশিলত। তেওঁৰ পিতৃ চন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। লতাশিলৰ বৰুৱা পৰিয়ালৰ এখেত সৰ্বকনিষ্ঠ পুত্ৰ আছিল। বৰুৱা পৰিয়ালৰ আটাইকেইগৰাকী সন্তানেই অসমীয়া কলা-ক্ষেত্ৰৰ ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে।

দ্বীপেন বৰুৱাই প্ৰাথমিক শিক্ষা লাভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা। পিছত তেওঁ কটন কলেজিয়েট হাইস্কুলত নাম ভৰ্তি কৰে কিন্তু কিবা কাৰণত স্কুল ট্ৰেন্সফাৰ লৈ পুনৰ কামৰূপ একাডেমীত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয় আৰু তাৰেপৰাই ৰাজনীতি বিজ্ঞান আৰু শিক্ষা বিষয়ত বি.এ. পাচ কৰে।

দ্বীপেন বৰুৱা এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেওঁৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল। অসমৰ হৈ অসংখ্য ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰিকেট মেচত অধিনায়কত্ব কৰাৰ উপৰিও ৰঞ্জী ট্ৰফীৰ খেলতো অসমক প্ৰতিনিধিত্ব কৰিছিল।

দ্বীপেন বৰুৱাৰ ককায়েক-ভনীয়েক সকলোৱে সংগীত, নাটক, বোলছবি জগতত জীৱন আৰম্ভ কৰাৰ বিপৰীতে তেওঁ জড়িত হৈ পৰিছিল ক্ৰিকেট খেলত। ক্ৰিকেটাৰ হিচাপে তেওঁ ১৯ বছৰৰ অনুৰ্ধৰ বাবে অনুষ্ঠিত ‘কোচ বিহাৰ ট্ৰফী’ত অংশগ্ৰহণ কৰিছিল। একেখন প্ৰতিযোগিতাতে তেওঁ অধিনায়ক হিচাপে দলক নেতৃত্ব দিছিল। তেখেতে ‘পূৱ মণ্ডল’ৰ দলৰ খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশগ্ৰহণ কৰাৰ উপৰিও ৰঞ্জি ট্ৰফী-তো অসমৰ হৈ খেলিছিল। ক্ৰিকেট খেলত দ্বীপেন বৰুৱাই অল ৰাউণ্ডাৰ হিচাপে খেলিছিল।

১৯৬৮ চনত দ্বিপেন বৰুৱাৰ ককায়েক ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ডক্তৰ বেজবৰুৱা চলচ্চিত্ৰৰ জৰিয়তে তেখেত সংগীতৰ ক্ষেত্ৰলৈ আহে। দ্বীপেন বৰুৱাই খুব ৰেডিঅ’ৰ গান শুনে আৰু গুণগুণাই থাকে। তেওঁৰ মাতটো যে টিউনত আছে, এই কথা তেওঁৰ জ্যেষ্ঠ ভাতৃ সঙ্গীত পৰিচালক ৰমেন বৰুৱাই মন কৰাৰ লগতে তেখেতৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱায়ো মন কৰিছিল। ডক্তৰ বেজবৰুৱা নিৰ্মাণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকা সময়ত এদিন পৰিচালক ব্ৰজেন বৰুৱাই সঙ্গীত পৰিচালক ৰমেন বৰুৱাক ছবিখনৰ গীত দ্বিপেন বৰুৱাৰ হতুৱাই গোৱালে কেনে হয় সুধিলে। আৰু তেনেকৈয়ে তেওঁৰ ডক্তৰ বেজবৰুৱাত গীত গোৱাৰ সুযোগ লাভ কৰিলে। তাৰ পাছৰেপৰা তেখেতে ক্ৰিকেট খেল বাদ দি সংগীতৰ ক্ষেত্ৰলৈ আহে। ডাক্তৰ বেজবৰুৱাৰ গানসমূহ জনপ্ৰিয় হৈছিল আৰু তাৰ পাছতে দ্বিপেন বৰুৱাই কেইবাখনো ছবিৰ নেপথ্য গায়ক হিচাপে ভূমুকি মাৰে।

দ্বীপেন বৰুৱাই বহু দেৰীকৈ ৬৪ বছৰ বয়সত বিবাহ-পাশত আৱদ্ধ হয়। তেখেতৰ পত্নী জোৎস্না ৰহমানৰ লগত তৰামাই (১৯৭৬) ছবি নিৰ্মাণৰ সময়তে প্ৰেমৰ সম্পৰ্ক স্থাপন হৈছিল যদিও পৰিয়ালৰ অসুবিধাৰ বাবে বিয়া হোৱা নাছিল। ২০০৯ চনৰ ২১ ছেপ্টেম্বৰত দ্বিপেন বৰুৱা আৰু ছৈয়দা জোৎস্না ৰহমানৰ বিবাহ সম্পন্ন হয়।

দ্বীপেন বৰুৱাই বৰ্তমানলৈ ৫০ খনৰো অধিক অসমীয়া চলচ্চিত্ৰৰ নেপথ্য সংগীত-ত কণ্ঠদান কৰিছে। সংগীত পৰিচালক, ককায়েক, ৰমেন বৰুৱাৰ পৰিচালনাত তেখেতে গোৱা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয়। বৰ্তমানেও দ্বীপেন বৰুৱাই মঞ্চানু্ষ্ঠান, দূৰদৰ্শন অনুষ্ঠান আদিত গান গাই আহিছে।

Latest News