আপোনাকলৈ আমি গৌৰৱান্বিত…কিয় সামাজিক মাধ্যমত অভিনেতা অতুল কুলকাৰ্ণীক প্ৰশংসাৰে উপচাই পেলাইছে অনুৰাগীয়ে?
Pahalgam Attack Reaction: পহলগাম আক্ৰমণৰ পিছতে কাশ্মীৰত উপস্থিত হয় অভিনেতা অতুল কুলকাৰ্ণী। কাশ্মীৰত উপস্থিত হৈ সকলো ৰাইজক কাশ্মীৰলৈ যাবলৈ আহ্বান জনায়। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই পদক্ষেপক প্ৰশংসা কৰি মন্তব্য কৰিছে।

শেহতীয়াকৈ কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত চলোৱা আক্ৰমণে সমগ্ৰ দেশ জোকাৰি গৈছে। এই আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে এই আক্ৰমণত বহু লোকো আহত হয়। এই আক্ৰমণৰ পিছত বলীউডৰ বহু তাৰকাই এই আক্ৰমণক গৰিহণা দি আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে। এনে পৰিস্থিতিত বলীউডৰ অভিনেতা অতুল কুলকাৰ্ণীয়ে বেলেগ কিবা এটা কৰিলে। যিটো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰশংসা কৰিছে।
View this post on Instagram
আচলতে পহলগাম আক্ৰমণৰ পিছতে অতুল কুলকাৰ্ণী কাশ্মীৰ পালেগৈ। তেওঁ ৰাইজক কাশ্মীৰলৈ আহিবলৈ আহ্বান জনায়। তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
তেওঁ এই পোষ্টৰ জৰিয়তে কুলকাৰ্ণীয়ে সকলোকে কাশ্মীৰলৈ পুনৰ যাবলৈ আহ্বান জাইছে আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ কৈছে।
পহলগাম আক্ৰমণ সন্দৰ্ভত অতুল কুলকাৰ্ণীয়ে সংবাদ সংস্থা ANI ক কয় যে, ‘২২ তাৰিখে যি হৈছিল সেয়া অতি দুখজনক ঘটনা, তেনে হ’ব নালাগিছিল। গোটেই দেশৰ জনসাধাৰণে বৰ দুখ পাইছে। এই বিষয়ে পঢ়ি মই ভাবি আছিলোঁ, প্ৰতিবাৰেই এনেকুৱা কিবা এটা ঘটিলে আমি কি কৰিম? আমি ছ’চিয়েল মিডিয়াত পোষ্ট কৰো, বন্ধু-বান্ধৱীৰ লগত কথা পাতো, কিন্তু তাৰ পিছত মই ভাবিলোঁ, আচলতে মই কি কৰিব পাৰো? তেতিয়াই মনত পৰিল কাশ্মীৰৰ বাবে ৯০ শতাংশ বুকিং বাতিল হোৱা বুলি পঢ়িছিলোঁ। তেতিয়া মই ভাবিলোঁ, এই কামেৰে সন্ত্ৰাসবাদীয়ে কি বাৰ্তা দিবলৈ চেষ্টা কৰিছে? তেওঁলোকে যি ক’বলৈ চেষ্টা কৰিছে সেয়া হ’ল ‘কাশ্মীৰলৈ নাহিব’। মই ভাবিলো আমি উত্তৰ দিব লাগে যে আমি কাশ্মীৰলৈ যাম, কাৰণ কাশ্মীৰ আমাৰ। মুম্বাইত বহি এই বাৰ্তা দিব পৰা নাছিলোঁ সেয়ে কাশ্মীৰলৈ যাত্ৰা কৰিলো।’
অনুৰাগীসকল আনন্দিত
বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অতুল কুলকাৰ্ণীৰ এই কামৰ প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এয়া প্ৰকৃত দেশপ্ৰেম, কেৱল চোৱাৰ পৰিৱৰ্তে নিজৰ মানুহৰ লগত থিয় দিয়াটোৱেই ভাল।’ আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, ‘কি আচৰিত ইংগিত, কাশ্মীৰলৈ গৈ সন্ত্ৰাসবাদীৰ মনোবল ভাঙি দিলে।’ আন এজন ব্যৱহাৰকাৰীয়ে কৈছে, ‘আমি আপোনাক লৈ গৌৰৱান্বিত ককাইদেউ।’