5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Bigg Boss 18 : ছলমান খানৰ শ্ব’লৈ যোৱাৰ বাবে অনুশোচনা কৰিছে নেকি নিয়াই? কিয় ক’লে, মোক ক্ষমা কৰিব

বিগ বছ ১৮ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া সকলোৱে জানিবলৈ আগ্ৰহী হৈ পৰিছে যে এইবাৰ ছলমানৰ শ্ব’ত কোন কোন চেলিব্ৰিটিয়ে প্ৰৱেশ কৰিবলৈ ওলাইছে। শেহতীয়াকৈ এই অনুষ্ঠানত যোগদান কৰা এগৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰা হৈছে আৰু সেই প্ৰতিযোগীগৰাকী হৈছে বিখ্যাত টিভি অভিনেত্ৰী নিয়া শৰ্মা।

Bigg Boss 18 : ছলমান খানৰ শ্ব’লৈ যোৱাৰ বাবে অনুশোচনা কৰিছে নেকি নিয়াই? কিয় ক’লে, মোক ক্ষমা কৰিব
ছলমান খানৰ শ্ব’লৈ যোৱাৰ বাবে অনুশোচনা কৰিছে নেকি নিয়াই?
barasha-misra
Barasha Misra | Published: 01 Oct 2024 16:46 PM

ৰোহিত শ্বেট্টীৰ ‘khatron ke khiladi 14’ৰ গ্ৰেণ্ড ফিনালেৰ আটাইতকৈ ডাঙৰ টুইষ্টটো আছিল শ্ব’টোত বিগ বছ ১৮ৰ প্ৰথমগৰাকী নিশ্চিত প্ৰতিযোগীৰ ঘোষণা। ৰোহিত শ্বেট্টীয়ে নিজেই সকলোৰে সন্মুখত ঘোষণা কৰিছিল যে এইবাৰ ছলমান খানৰ অনুষ্ঠানত নিয়া শৰ্মাই যোগদান কৰিবলৈ ওলাইছে। তেওঁৰ এই ঘোষণাৰ পিছত তাত উপস্থিত থকা সকলো চেলিব্ৰিটিয়ে নিয়াক অভিনন্দন জনায়। কিন্তু নিয়াই এই বিষয়ত বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এতিয়া ছচিয়েল মিডিয়াত নিয়াই শ্বেয়াৰ কৰা এটা পোষ্ট অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। এই পোষ্টটোত নিয়াই ৰাইজক আহ্বান জনাইছে যে তেওঁক বিগ বছৰ বিষয়ে একো নুসুধিবলৈ।

নিয়াই নিজৰ Insta story শ্বেয়াৰ কৰি লিখিছে যে- নমস্কাৰ, অনুগ্ৰহ কৰি মোক ফোন বা মেছেজ নকৰিব বিগ বছৰ বিষয়ে সুধিবলৈ। মোক ক্ষমা কৰিব। কিন্তু মই উত্তৰ নিদিওঁ। মই কোনো কথা দিবলৈ যোৱা নাই, কোনো সাক্ষাৎকাৰও দিবলৈ যোৱা নাই।’ আচলতে বিগ বছ হাউচত প্ৰৱেশ কৰাৰ আগতে প্ৰতিযোগীসকলে প্ৰায়ে সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিয়ে। কিন্তু নিয়াই স্পষ্টভাৱে সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰিছে আৰু সেইবাবেই একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অনুভৱ কৰিছে যে নিয়াই নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰিছে।

সত্য কি জানেনে?

আচলতে নিয়াৰ ঘনিষ্ঠ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নিয়াই নিজৰ সিদ্ধান্তৰ বাবে একেবাৰেই আক্ষেপ কৰা নাই আৰু বহু চিন্তাৰে শ্ব’টোত যোগদান কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু নিয়াই সকলোৰে সন্মুখত একেটা কথা বাৰে বাৰে আওৰাই থাকিব নিবিচাৰে। বৰ্তমান নিয়াই শ্ব’টোৰ বাবে নিজৰ শক্তি ৰাহি কৰিব বিচাৰে আৰু সেয়েহে অবিৰত মেছেজ আৰু কলৰ পৰা বিৰক্ত হৈ তেওঁ এই পোষ্টটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যে তেওঁ এই মুহূৰ্তত সংবাদ মাধ্যমৰ সৈতে যোগাযোগ কৰিব নিবিচাৰে। বিগ বছৰ ছিজন ১৮ৰ সৰ্বাধিক দৰমহা পোৱা প্ৰতিযোগী হ’ব পাৰে নিয়া শৰ্মা।

বহুবাৰ নাকচ কৰিছে

হিনা খানৰ ছিজনৰ পৰা বিগ বছৰ অফাৰ লাভ কৰিছে নিয়া শৰ্মাই । কিন্তু প্ৰতি বছৰে তাই এই শ্ব’টোত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। শেষত মেকাৰসকলে নিয়াক পতিয়ন নিয়াবলৈ সফল হয় আৰু এই ‘Suhagan Chudail’ অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ শ্ব’টোত যোগদান কৰিবলৈ ‘হয়’ বুলি কয়।

Latest News