Bigg Bossৰ ঘোষক হৈ অনিল কাপুৰে ভংগ কৰিব নোৱাৰিলে ছলমানৰ অভিলেখ | Bigg Boss OTT 3 Salman Khan V/s Anil Kapoor who is best host Assam news - Assam Tv9

Salman Khan V/s Anil Kapoor: Bigg Bossৰ ঘোষক হৈ অনিল কাপুৰে ভংগ কৰিব নোৱাৰিলে ছলমানৰ অভিলেখ

Published: 

01 Aug 2024 13:14 PM

যেতিয়াই বিগ বছৰ নতুন চিজন আহে সকলোৱে ছলমান খানক সৰু পৰ্দাত চাবলৈ অপেক্ষা কৰে। বিগ বছৰ ইতিহাসত ছলমান খানৰ দৰে কোনেও হোষ্ট কৰিব পৰা নাই। ভাইজানে তেওঁৰ হোষ্টিঙৰ দ্বাৰা লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰিছে। লগতে যেতিয়াই ছলমান ঘোষক হয়, অনুষ্ঠানটো হিট হয়। কিন্তু এইবাৰ অনিল কাপুৰক ঘোষক হিচাপে দেখা গৈছে। কিন্তু Bigg Boss OTT 3য়ে কোনো বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই।

Salman Khan V/s Anil Kapoor: Bigg Bossৰ ঘোষক হৈ অনিল কাপুৰে ভংগ কৰিব নোৱাৰিলে ছলমানৰ অভিলেখ

অনিল কাপুৰ বনাম ছলমান খান

Follow Us On

বিগ বছত প্ৰতি বছৰে ইয়াৰ নতুন ছিজনৰ সৈতে নতুন প্ৰতিযোগী দৰ্শকৰ মাজত আহে। কিন্তু দৰ্শকে প্ৰতিটো ছিজনত চাব বিচৰা এটা মুখখন হ’ল ছলমান খান। ছলমানে যোৱা কেইবাবছৰ ধৰি এই বিতৰ্কিত ৰিয়েলিটি শ্ব’টো পৰিচালনা কৰি আহিছে। কিন্তু আজিলৈকে কোনেও এই অনুষ্ঠানটো সেই পৰিস্থিতিলৈ লৈ যাব পৰা নাই য’ত ছলমানে লৈ গৈছে। যেতিয়া হোষ্টিঙৰ কথা আহে ছলমানৰ বাহিৰে নিৰ্মাতাসকলৰ মনলৈ আন কোনো নাম নাহে।

ছলমানৰ আগত বাদ দিয়ক, ছলমানৰ পাছতো এই অনুষ্ঠানটোৰ ঘোষক হোৱাসকলে বিশেষ একো কৰিব নোৱাৰিলে। সঞ্জয় দত্ত, কৰণ জোহৰ, ফাৰাহ খানে হওক বা এতিয়া অনিল কাপুৰ হওক। আগতে এই শ্ব’টো কেৱল সৰু পৰ্দাত হে আহিছিল। কিন্তু ডিজিটেল পৃথিৱীৰ সৈতে তাল মিলাবলৈ নিৰ্মাতাসকলে এতিয়া ইয়াক অ’টিটিতো আৰম্ভ কৰিছে। বিগ বছ অ’টিটি ৩ৰ গ্ৰেণ্ড ফিনালে ২ আগষ্টত। গোটেই মাহটো পাৰ হৈ গ’ল কিন্তু অনিল কাপুৰৰ হোষ্টিং দৰ্শকে বিশেষ একো ভাল নাপালে।

অনুৰাগীসকলে বিগ বছ অ’টিটি ৩ৰ আৰম্ভণিৰ পৰাই ছলমান খানক বিচাৰিছে। অনিল কাপুৰক ছলমান খানৰ সৈতে নিৰন্তৰ তুলনা কৰা হৈছে। চুপাৰষ্টাৰে এতিয়ালৈকে কেইবাটাও ছিজন হোষ্ট কৰিছে। ইয়াৰ বইতৰত বিগ বছৰ চিজন ১৩ আটাইতকৈ হিট হৈছে। যদিও আন বহুতো ছিজন আছে যিবোৰত ছলমানে বহু টিআৰপি প্ৰদান কৰিছে কিন্তু অ’টিটিত বিগ বছক ঠাণ্ডা হৈ থকা দেখা গৈছে। এইটো কোৱাটো ভুল নহ’ব যে বিগ বছ অ’টিটিৰ তৃতীয় ছিজনটো আটাইতকৈ কমকৈ চোৱা ছিজন হিচাপে পৰিগণিত হৈছে।

 

বিগ বছ অ’টিটিৰ ছিজন ১ চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ দ্বাৰা পৰিচালিত হৈছিল। কৰণৰ হোষ্টিঙক মানুহে ভাল সঁহাৰি দিছিল। দ্বিতীয় ছিজনৰ বাবে নিৰ্মাতাসকলে ছলমানক অ’টিটিত অনুষ্ঠানটোৰ ঘোষক হিচাপে সৈমান কৰিছিল।
যাৰ পাছত দ্বিতীয় ছিজনটো হিট হৈছিল। বিগ বছ অ’টিটি ৩য়ে বৰ্তমান ইয়াৰ শীৰ্ষ ৫জন প্ৰতিযোগী লাভ কৰিছে। কিন্তু অনুষ্ঠানটোৰ প্ৰতি সাধাৰণ ৰাইজৰ আগ্ৰহ বৃদ্ধি হোৱা দেখা পোৱা নাই।

ছলমান খানৰ হোষ্টিং শৈলী সকলোতকৈ পৃথক। যেতিয়া ভাইজানে হোষ্টিং কৰে সকলোৱে সপ্তাহৰ শেষ বাৰটোলৈ অপেক্ষা কৰি থাকে। ছলমানৰ কাৰণে শনিবাৰে আৰু দেওবাৰৰ TRP যথেষ্ট বৃদ্ধি পায়। ভাইজানৰ সৈতে তেওঁৰ ষ্টাৰডম আৰু ফেম আৰ্মীয়েও তেওঁৰ ছিজনটো হিট হোৱাত বৰঙণি আগবঢ়াইছে। সম্ভৱতঃ এইকাৰণেই ছলমান খানেও এই অনুষ্ঠানটো পৰিচালনা কৰাৰ বিনিয়মত বিচৰা মতে ধন লাভ কৰে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version