ট্ৰফীৰ সৈতে আৰু কি কি লাভ কৰিলে 'বিগ বছ অ'টিটি ৩' বিজয়ী ছানা মকবুলে | Bigg Boss OTT 3 winner sana makbul gets trophy with 25 lakh cash prize Assam news - Assam Tv9

Bigg Boss OTT 3: ট্ৰফীৰ সৈতে আৰু কি কি লাভ কৰিলে ‘বিগ বছ অ’টিটি ৩’ বিজয়ী ছানা মকবুলে

Published: 

03 Aug 2024 10:16 AM

Bigg Boss OTT 3 Winner Prize Money: বিজয়ীৰ নাম ঘোষণাৰ লগে লগে সমাপ্ত হ'ল 'বিগ বছ অ'টিটি ৩'ৰ যাত্ৰা । নেজীক পৰাস্ত কৰি ট্ৰফী নিজৰ হাতলৈ আনিলে ছানাই । কিন্তু আপুনি জানেনে কেৱল ট্ৰফীয়ে নহয় ছানাই এই জয়ৰ সৈতে লাভ কৰিছে আন বহুতো বস্তু । এই অনুষ্ঠানৰ সমাপ্তিৰ লগে লগে ছানা হৈ পৰিল বহু সম্পত্তিৰ অধিকাৰী।

Bigg Boss OTT 3: ট্ৰফীৰ সৈতে আৰু কি কি লাভ কৰিলে  বিগ বছ অটিটি ৩ বিজয়ী ছানা মকবুলে

'বিগ বছ অ'টিটি ৩' বিজয়ী ছানা মকবুল

Follow Us On

দিব্যা আগৰৱালা, এলভিছ যাদৱ আৰু এতিয়া ‘বিগ বছ অ’টিটি’ৰ বিজয়ীৰ তালিকাত যোগ হ’ল আন এটা নাম । সেই নামটো হৈছে মডেল আৰু অভিনেত্ৰী ছানা মকবুল যিয়ে লাভ কৰিছে ‘বিগ বছ অ’টিটি ৩’ৰ খিতাপ । ২০১৪ চনত তেলেগু ভাষাৰ ৰোমাণ্টিক ছবি Dikkulu Choodaku Ramayyaৰ জৰিয়তে অভিনয় যাত্ৰা আৰম্ভ কৰা ছানা এতিয়া এই অনুষ্ঠানটোৰ বিজয়ী হৈছে। অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰাই তেওঁৰ নাম শিৰোনামত আছিল আৰু বিশ্বাস কৰা হৈছিল যে ছানাই ট্ৰফীটো ঘৰলৈ নিব। অৱশেষত সেয়াই ঘটিছিল আৰু ছানাই Bigg Boss OTT 3ৰ ট্ৰফীৰ সৈতে ঘৰলৈ উভটিছিল। কিন্তু কেৱল ট্ৰফীয়েই নহয় ছানাই এই জয়ৰ সৈতে লাভ কৰিছে আন বহুতো বস্তু।

‘বিগ বছ অ’টিটি’ৰ তৃতীয় ছিজনৰ আৰম্ভণি ২১ জুনত ষ্ট্ৰীমিং এপ জিঅ’ চিনেমাত হৈছিল। মুঠ ১৬জন প্ৰতিযোগীয়ে এই অনুষ্ঠানৰ অংশ হৈছিল। ছানাৰ উপৰিও শিৱানী কুমাৰী, বিশাল পাণ্ডে, লুভকেশ কাটাৰিয়া, দীপক চৌৰাছিয়া, বড়া পাভ গাৰ্ল চন্দ্ৰিকা দীক্ষিত, মুনিশা খাটৱানী, ছানা চুলতান, নিৰাত গয়াত, পলমী দাস, পায়েল মালিক, অৰমান মালিকা, কৃতিকা মালিক, নেজী, ৰণবীৰ শোৰে, চাই কেতন ৰাওক অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশেষত সকলোকে পৰাস্ত কৰি ছানাই ট্ৰফীৰ সৈতে এক বৃহৎ পৰিমাণৰ ধনো লাভ কৰিছে।

 

ট্ৰফীৰ সৈতে ছানাই আৰু কি পাইছিল?

ট্ৰফীৰ লগতে ছানাই এই শ্ব’টোৰ খিতাপ জয় কৰাৰ বাবে ২৫ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে। অৰ্থাৎ ছানা Bigg Bossৰ ঘৰত ৪২ দিন থাকি ধনী হৈছিল। ট্ৰফী আৰু নগদ পুৰষ্কাৰৰ উপৰিও তেওঁ অনুষ্ঠানটোত যোগদান কৰিবলৈ লাখ লাখ মাচুল আদায় কৰিছে। শেষত ছানাই গ্ৰেণ্ড ফাইনেলত ৰেপাৰ নাভেদ শ্বেখ ওৰফে নেজীক পৰাস্ত কৰে। ছানাই নেজীতকৈ অধিক দৰ্শকৰ ভোট লাভ কৰে। ইয়াৰ পাছত তেওঁক অনুষ্ঠানটোৰ বিজয়ী ঘোষণা কৰা হয়। প্ৰথম ৰানাৰ আপ হৈ নেজীৰ যাত্ৰা সমাপ্ত হৈছিল।

ছানা আৰু নেজীৰ উপৰিও ৰণবীৰ শোৰে, কৃতিকা মালিকা আৰু চাই কেতন ৰাও ট্ৰফী জিকাৰ দৌৰত আছিল। তেওঁলোক সকলো শীৰ্ষ ফাইনেলিষ্ট আছিল। অৱশ্যে এটা এটাকৈ সকলোৰে যাত্ৰা সমাপ্ত হৈছিল। কৃতিকা প্ৰথমে ফাইনেলৰ পৰা বাহিৰ হৈছিল। তাৰ পাছত ছাই কেতন ৰাও আৰু ৰণবীৰ শোৰেও Bigg Bossৰ ঘৰৰ পৰা বাহিৰ হৈছিল। অৱশেষত মাত্ৰ দুজন লোক ৰৈ গৈছিল। নেজী আৰু ছানা। অৱশেষত অনুষ্ঠানটোৱে ইয়াৰ বিজয়ী আৰু প্ৰথম ৰানাৰ আপ লাভ কৰিছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version