শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছেইফ আলী খানক আক্ৰমণ দুৰ্বৃত্তৰ, লীলাৱতী চিকিৎসালয়ত ভৰ্তি…

Saif ali khan: চোৰৰ আক্ৰমণত আহত অভিনেতা ছেইফ আলী খান। জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। বৰ্তমান তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

ছেইফ আলী খানক আক্ৰমণ দুৰ্বৃত্তৰ, লীলাৱতী চিকিৎসালয়ত ভৰ্তি…
ছেইফ আলী খানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jan 2025 08:47 AM

বলিউড অভিনেতা ছেইফ আলী খানক ছুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ। এই ঘটনাৰ ফলত আহত হোৱা অভিনেতাগৰাকীক বৰ্তমান লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, ছেইফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাস্থিত ঘৰত এটা চোৰে প্ৰৱেশ কৰি তেওঁৰ ওপৰত আক্ৰমণ চলায়। যাৰ ফলত কিছু পৰিমাণে অভিনেতাগৰাকী আঘাতপ্ৰাপ্ত হয়।  বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। অৱশ্যে তেওঁৰ আঘাত বেছি গুৰুত্বৰ নহয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা আজি পুৱতি নিশা প্ৰায় ৩ মান বজাত সংঘটিত হয়। জানিব পৰা মতে, এজন চোৰে ছেইফৰ ঘৰত প্ৰৱেশ কৰে। সেই সময়তে ছেইফৰ ঘৰত কাম কৰা একাংশলোক টোপনিৰ পৰা সাৰ পাই চোৰ দেখি চিঞৰ বাখৰ আৰম্ভ কৰে। বাহিৰত হাহাকাৰ শুনি ছেইফ আলী খানৰো টোপনি ভাগে আৰু তেওঁ শোৱনি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহে। ছেইফে চোৰটোক আটক কৰাৰ চেষ্ট কৰে যদিও সক্ষম নহয়। সেই সময়তে চোৰটোৱে ছেইফক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। যাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত ছেইফক হাস্পাতালত ভৰ্তি কৰোৱা হয়।

ইয়াৰ বিপৰীতে ছেইফৰ পত্নী কৰীনা কাপুৰ আৰু তেওঁলোকৰ দুই সন্তান সুৰক্ষিত আছে। ঘটনাৰ সময়ত তেওঁলোক ক’ত আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।  ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই পৰিয়ালটোয়ে। এই ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে চোৰটোয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে মুম্বাই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে পৰীক্ষা কৰিছে ঘৰৰ চাৰিওফালে থকা চিচিটিভি ফুটেজ। গতিকে আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব কোনে কি উদ্দেশ্য আগত ৰাখি অভিনেতাগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল।

এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে কয় যে, আজি পুৱতি নিশা অভিনেতাগৰাকীৰ ঘৰত এটা চোৰে প্ৰৱেশ কৰিছিল। কিন্তু চোৰটোক ঘৰত কাম কৰা একাংশলোকে দেখা পাই আৰু পৰৱৰ্তী সময়ত ছেইফ আহিও উক্ত স্থানত উপস্থিত হয়। এই সময়তে চোৰটোৱে ২-৩ বাৰ ছুৰীৰে ছেইফক আক্ৰমণ কৰে। এতিয়াও ঘটনাৰ তদন্ত অব্যাহত আছে।

Latest News