শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হয়, মই সকলো টকা দেহ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰিছোঃ আদালতত এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ স্বীকাৰোক্তি…

ৰীল আৰু ৰিয়েল লাইফৰ মাজত বহু পাৰ্থক্য আছে। ছবি জগতত দেখা পোৱা প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ থাকে অন্য এক চৰিত্ৰ। এনে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে কৈছিল যে দেহ ব্যৱসায়ৰ পৰা তেওঁ টকা উপাৰ্জন কৰিছে।

হয়, মই সকলো টকা দেহ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰিছোঃ আদালতত এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ স্বীকাৰোক্তি…
অভিনেত্ৰীImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 11 Apr 2025 13:26 PM

ছবি জগতত জ্বিলিকি থকা বহু চৰিত্ৰৰ আঁৰত এনে কিছুমান কাহিনী আছে যাৰ বিষয়ে সাধাৰণ মানুহ জ্ঞাত নহয়। কোৱা হয়, ভিতৰৰ পৰা ছবি জগতখন উৱলি যোৱা। অভিনেতা-অভিনেত্ৰীসকলে যি ধৰণে ছবিত অভিনয় কৰে, একাংশ দৰ্শকে তেওঁলোকক বাস্তৱ জীৱনতো তেনেকুৱা বুলি বিশ্বাস কৰে। কিন্তু প্ৰতিখন মুখৰ আঁৰত থাকে গভীৰ ৰহস্য।

এনে এক ঘটনাই ছবি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। আদালতত হাজিৰ হৈছিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেতিয়া একাংশই ভাবিছিল যে এয়া হ’ব পাৰে কোনো ছবিৰ শ্বুটিং। কিন্তু জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে আদালতত কোৱা এটা কথাই সকলোকে স্তম্ভিত কৰি তুলিছিল। তেওঁ কৈছিল- “হয় মই মোৰ সকলো টকা বেশ্যা ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছো”।

সেইগৰাকী অভিনেত্ৰী মালা সিনহা। ষাঠি আৰু সত্তৰৰ দশকৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী আছিল মালা সিনহা। উত্তম কুমাৰ, ৰাজ কাপুৰ, কিশোৰ কুমাৰ, দেৱ আনন্দ, ধৰ্মেন্দ্ৰ, ৰাজ কুমাৰ, ৰাজেন্দ্ৰ কুমাৰ, বিশ্বজিতৰ দৰে অভিনেতাৰ সৈতে তেওঁ কাম কৰিছিল।  সেই অভিনেত্ৰীগৰাকীৰ বাথৰুমত উদ্ধাৰ হৈছিল ১২ লাখ টকা। সেই সময়ত ১২ লাখ টকাৰ মূল্য আছিল কোটিতকৈ অধিক।

ঘটনাটো ১৯৭৮ চনৰ। তাৰ কিছু বছৰ পূৰ্বৰ পৰা মালাই ছবিত কাম কৰি গৈছিল। ইয়াৰ মাজতে হঠাতে এদিন অভিনেত্ৰীগৰাকীৰ ঘৰত আয়কৰ বিভাগে অভিযান চলায়। অভিযানৰ সময়ত আয়কৰ বিভাগে তেওঁ বাথৰুমৰ পৰা ১২ লাখ টকা উদ্ধাৰ কৰে। সেই সময়ত সেই টকাৰ হিচাপ অভিনেত্ৰীগৰাকীয়ে দিব পৰা নাছিল। এই ঘটনাই মনোৰঞ্জন জগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই গোচৰতেই আদালতত হাজিৰ হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকীয়। আদালতত অভিনেত্ৰীগৰাকীয়ে চিঞৰি কৈ উঠিছিল যে,”মই মোৰ সকলো টকা বেশ্যা ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছো”। ইয়াৰ পাছতে মালাৰ কেৰিয়াৰ প্ৰায় ধ্বংস হৈ গৈছিল।

 

Mala

মালা

মালা সিনহাই কিয় তেনেকৈ কৈছিল?

জানিব পৰা মতে,  মালা সিনহাৰ পিতৃ মুম্বাইৰ এজন প্ৰখ্যাত উকীল আছিল।গতিকে তেওঁ ভাবিছিল যে এনেকৈ ক’লে আদালতে তেওঁক ৰেহাই দিব। কিন্তু এনে কথা কোৱাৰ পাছতো শাস্তিৰ পৰা ৰেহাই পোৱা নাছিল তেওঁ। ইয়াৰ বাবে ভৰিবলগীয়া হৈছিল জৰিমণা আৰু শেষ হৈ গৈছিল কেৰিয়াৰ।