5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জাভেদ আখটাৰৰ সৈতে বিয়া, বিগ বিৰ সৈতে ৰোমাঞ্চ: কিয় এই ইচ্ছা অভিনেত্ৰী বিদ্যা বালনৰ?

জাভেদ আখটাৰৰ সৈতে বিয়াত বহিব বিচাৰে জনপ্ৰিয় অভিনেত্ৰী বিদ্যা বালানে । ইয়াৰ উপৰিও বলীউডৰ এজন ডাঙৰ চুপাৰষ্টাৰৰ সৈতে ৰোমাঞ্চ কৰিব বিচাৰে অভিনেত্ৰীগৰাকীয়ে । বৰ্তমান বিদ্যা তেওঁৰ আহিবলগীয়া ছবি Bhool Bhulaiyaa 3ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। যিখন দেৱালী ২০২৪ৰ শুভক্ষণত মুক্তি লাভ কৰিব।

জাভেদ আখটাৰৰ সৈতে বিয়া, বিগ বিৰ সৈতে ৰোমাঞ্চ: কিয় এই ইচ্ছা অভিনেত্ৰী বিদ্যা বালনৰ?
জাভেদ আখটাৰৰ সৈতে বিয়াত বহিব বিচাৰে জনপ্ৰিয় অভিনেত্ৰী বিদ্যা বালনে!
trishna-kalita
Trishna Kalita | Published: 20 Oct 2024 18:48 PM

জাভেদ আখটাৰৰ সৈতে বিয়াত বহিব বিচাৰে জনপ্ৰিয় অভিনেত্ৰী বিদ্যা বালনে । ইয়াৰ উপৰিও বলীউডৰ এজন ডাঙৰ চুপাৰষ্টাৰৰ সৈতে ৰোমাঞ্চ কৰিব বিচাৰে অভিনেত্ৰীগৰাকীয়ে । বৰ্তমান বিদ্যা তেওঁৰ আহিবলগীয়া ছবি Bhool Bhulaiyaa 3ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। যিখন দেৱালী ২০২৪ৰ শুভক্ষণত মুক্তি লাভ কৰিব।

বলীউডৰ অভিনেত্ৰী বিদ্যা বালনে ২ দশকৰো অধিক সময় ধৰি ছবি জগতত কাম কৰি আছে। অভিনেত্ৰীগৰাকীয়ে এনে একাধিক চলচ্চিত্ৰত অভিনয় কৰিছে, য’ত তেওঁৰ দক্ষতাই দৰ্শকক প্ৰভাৱিত কৰা দেখা গৈছে। অভিনেত্ৰীগৰাকীয়ে বিয়াৰ পাছতো চলচ্চিত্ৰক কাম কৰি আছে আৰু তেওঁ নিজৰ সূকীয়া পৰিচয় বহন কৰিছে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰৰ সময়ত বিদ্যা বালানে কয় যে তেওঁ জাভেদ আখটাৰৰ সৈতে বিয়াত বহিব বিচাৰে। ইয়াৰ লগতে কয় যে তেওঁ অমিতাভ বচ্চনৰ সৈতে ৰোমাঞ্চ কৰিব বিচাৰে।

বিদ্যা বালনে কয় যে তেওঁ জাভেদ আখটাৰৰ সৈতে বিয়াত বহিব বিচাৰে। তেওঁ ইয়াৰ আঁৰৰ কাৰণো উল্লেখ কৰে। যি প্ৰখ্যাত অভিনেত্ৰী শ্বাবানা আজমীৰ সৈতে সম্পৰ্কিত। প্ৰকৃততে, বিদ্যাই অভিনেত্ৰী শ্বাবানা আজমীক তেওঁৰ আদৰ্শ হিচাপে মানি লৈছে আৰু তেওঁৰ কামে যথেষ্ট প্ৰভাৱিত কৰে আৰু তেওঁৰ দৰে হ’ব বিচাৰে। বিদ্যা বালনে কয়, “যদি মই জাভেদ আখটাৰৰ সৈতে বিয়া হৈ শ্বাবানা আজমী হ’ব পাৰো, তেন্তে মই জাভেদ আখটাৰৰ সৈতে বিয়াত বহিবলৈলৈ সাজু?” শ্বাবানা আজমীক সন্মাই জনাই এই কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

শ্বাবানা আজমীৰ উপৰিও বিদ্যা বালন বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ এজন ডাঙৰ অনুৰাগী। যদিও তেওঁ বিগ বিৰ সৈতে একেলগে কাম কৰিছে, তথাপিও ছবিত তেওঁৰ সৈতে ৰোমাঞ্চ কৰিব বিচাৰে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে এটা পুৰণি সাক্ষাৎকাৰত কৈছিল যে তেওঁ অমিতাভ বচ্চনৰ সৈতে তেওঁৰ জনপ্ৰিয় গান ‘Aaj Rapat Jaayen’ত নৃত্য কৰিব বিচাৰিছিল কিন্তু তেওঁ পা ছবিখনত অমিতাভ বচ্চনৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। যাৰ বাবে বিগ বিৰ সৈতে ৰোমাঞ্চ কৰাৰ ইচ্ছা এতিয়াও অসম্পূৰ্ণ হৈ আছে।

When will Bhool Bhulaiyaa 3 Release: Bhool Bhulaiyaa 3ৰ বাবে প্ৰস্তুতি

Bhool Bhulaiyaa ফিল্ম ছিৰিজখন বলীউডৰ এটা সফল ফ্ৰেঞ্চাইজি। ইয়াৰ প্ৰথম অংশত অক্ষয় কুমাৰ মুখ্য চৰিত্ৰত আছিল। আজিও এই ছবিখন দৰ্শকে খুব পচন্দ কৰে। ২ বছৰ আগতে Bhool Bhulaiyaa 2য়ে মুক্তি লাভ কৰিছিল। কাৰ্তিক আৰিয়ানে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে অনুৰাগীসকলক মনোৰঞ্জন দিয়াত সফল হৈছিল। এতিয়া ১ নৱেম্বৰ ২০২৪ত ছবিগৃহলৈ আহিব Bhool Bhulaiyaa 3 । এই ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে। তথাপিও আশা কৰা হৈছে যে এই ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিব।

 

Latest News