Holi Song: এইসমূহ বিশেষ গীতৰ সৈতে উদযাপন কৰক ৰঙৰ উৎসৱ ফাকুৱা…
হোলী পাৰ্টি বা বন্ধু-বান্ধৱীৰ সৈতে কৰা উদযাপন ভাল গান অবিহনে যেন আধৰুৱা। হোলী কেৱল ৰং আৰু মিঠাইৰ নহয়, সংগীত আৰু নৃত্যৰ উৎসৱ। সংগীত অবিহনে হোলীৰ মজা যেন আধৰুৱা। এইবাৰ হোলীত এই প্ৰতিবেদনত উল্লেখ কৰা গীতসমূহৰ সৈতে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত হোৱী উৎসৱ উদযাপন আনন্দ দুগুণ কৰিব পাৰিব।

হোলীৰ দিনটোত কেৱল ৰঙৰ বৰষুণেই নহয়, নৃত্য-ধেমালিও কৰা হয়। এতিয়া হোলীলৈ মাত্ৰ কেইটামান দিন বাকী। এনে পৰিস্থিতিত ইতিমধ্যে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে আনন্দ কৰিবলৈ সাজু হোৱা লোকসকলে নিজৰ প্লেলিষ্টত কিছু গীত যোগ কৰিব পাৰে। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনটোত অতি উৎসাহেৰে পালন কৰে। হোলী উপলক্ষে হোলী গীত গোৱাৰ পৰম্পৰা শতিকা পুৰণি। হোলী গীত হৈছে দৌল উৎসৱৰ সময়ত গোৱা গীতসমূহ।
হোলী পাৰ্টি বা বন্ধু-বান্ধৱীৰ সৈতে কৰা উদযাপন ভাল গান অবিহনে যেন আধৰুৱা। হোলী কেৱল ৰং আৰু মিঠাইৰ নহয়, সংগীত আৰু নৃত্যৰ উৎসৱ। সংগীত অবিহনে হোলীৰ মজা যেন আধৰুৱা। এইবাৰ হোলীত এই প্ৰতিবেদনত উল্লেখ কৰা গীতসমূহৰ সৈতে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত হোৱী উৎসৱ উদযাপন আনন্দ দুগুণ কৰিব পাৰিব।
ৰং বৰছে (চিলচিলা, ১৯৮১)
যেতিয়াই হোলীৰ গীতৰ কথা আহে তেতিয়াই অমিতাভ বচ্চনৰ এই গীতটো প্ৰথমে মনলৈ আহে। এই ক্লাছিক গীতটো প্ৰতি বছৰে হোলীত বজোৱা হয় আৰু ইয়াৰ তালে তালে সকলোৱে নৃত্যৰ মগ্ন হৈ পৰে।
হোলী খেলে ৰঘুবীৰা (বাগবান)
বাগবান ছবিখনত থকা হোলী খেলে ৰঘুবীৰা ফাকুৱাৰ সময়ৰ এটা জনপ্ৰিয় গীত। অমিতাভ বচ্চন, অলকা যাগনিক, সুখৱিন্দৰ সিং, উদিত নাৰায়ণে কণ্ঠদান কৰা গীতটো অভিনয় কৰিছিল হেমামালিনীয়ে।
হোলী কে দিন দিল খিল যাতে হে (ছোলে, ১৯৭৫)
ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ ওপৰত চিত্ৰগ্ৰহণ কৰা এই গীতটোৱে হোলী উদযাপনক আৰু অধিক ৰঙীন কৰি তুলে। এই গীতটো অবিহনে যিকোনো হোলী পাৰ্টি যেন আধৰুৱা। এই গীতটো নতুন প্ৰজন্মৰ বাবে একেবাৰেই উপযুক্ত। উদযাপন, নৃত্য আৰু ৰঙৰ মাজত এই ট্ৰেকে হোলীৰ আমেজ আৰু অধিক সুন্দৰ কৰি তুলিব।
বালাম পিচকাৰী (য়েহ জৱানী হায় দীৱানী, ২০১৩)
ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ এই গীতটি নৱপ্ৰজন্মৰ খুব পচন্দৰ। এই গীতটোৱে প্ৰতিটো হোলী পাৰ্টিত আলোড়নৰ সৃষ্টি কৰে। যদি আপুনি হোলীৰ লগতে DJ night উপভোগ কৰিব বিচাৰে তেন্তে এই হিট গীতটো নিশ্চিতভাৱে আপোনাৰ প্লেলিষ্টত থাকিব লাগিব।
বদ্ৰী কী দুলহনিয়া (বদ্ৰীনাথ কী দুলহনীয়া, ২০১৭)
যদি আপুনি কিছু আধুনিক স্পৰ্শৰ সৈতে এটা পৰম্পৰাগত হোলীৰ গীত বিচাৰে তেন্তে এই গীতটো নিখুঁত হ’ব। বৰুণ ধাৱন আৰু আলিয়া ভাটৰ এই গীতটোৱে প্ৰতিটো হোলী পাৰ্টিত উত্তেজনা বৃদ্ধি কৰে।
ইয়াৰ উপৰিও আপুনি যদি অসমীয়া হোলী গীতৰ সৈতে ফাকুৱা উদযাপন কৰিব বিচাৰে, এই গীতসমূহ বাছনি কৰিব পাৰে।
১) ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে, ফাগুণৰে বা লাগিল নিকুঞ্জবনতে। এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গে।
২) গকুল মাজে আজি হে মধূৰ মুৰুলী বাজে। গীতটি গাইছে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই।
৩) মধুকৰে গুঞ্জৰে কি বাতৰি পায়, চুমা চুমি কৰে ফুলে মধু মলয়াই –কণ্ঠঃ জুবিন গাৰ্গ
৪) হোলী খেলে ৰংগে শ্যাম বনমালি- পাপন
৫) আজি ফাগুণৰ এই মধুৰ লগন, মন মোৰ উৰি নাচে জাগে ত্ৰিভুবন।কণ্ঠঃ পাপন
৬) ফাগুণ বনত কোনে মুৰুলী বজাই,আজি মনৰ যমুনা নদী বৈছে উজায়। কণ্ঠঃ জুবিন গাৰ্গ
৭) মধুকৰে গুঞ্জৰে কি বাতৰি পায়, চুমা চুমি কৰে ফুলে মধু মলয়াই। কণ্ঠঃ জুবিন গাৰ্গ
৮) আহা আমি খেলো হোলী সুৰে সুৰে দুলি দুলি, অনুৰাগ যাচো প্ৰাণ খুলি।কণ্ঠঃ জুবিন গাৰ্গ
৯) শ্যাম খেলে হোলী গোপ-গোপী মিলি বৃন্দাবনে, আজি ময়ুৰ-ময়ুৰী নাচে বনে বনে। কণ্ঠঃ দীক্ষু
১০) শ্যাম কানু খেলে হোলী আবিৰ উৰাই, দুলি দুলি নাচে সবে ৰঙে ৰং লগায়। কণ্ঠঃ জুবিন গাৰ্গ