শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাতৃ যৌনকৰ্মী, কন্যা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী! এটা সিদ্ধান্তই নিশাৰ ভিতৰতে শেষ কৰি দিলে সকলো…

বলীউডৰ কিছুমান অভিনেতা-অভিনেত্ৰীৰ বাস্তৱ জীৱন চিনেমাৰ কাহিনীতকৈ কম নহয়। এনে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল যাৰ জীৱন মাত্ৰ এটা ভুলৰ বাবে শেষ হৈ গৈছিল।

মাতৃ যৌনকৰ্মী, কন্যা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী! এটা সিদ্ধান্তই নিশাৰ ভিতৰতে শেষ কৰি দিলে সকলো…
অভিনেত্ৰী (প্ৰতীকি ফটো)Image Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 16 Apr 2025 15:12 PM

কিছুমান অভিনেতা-অভিনেত্ৰীৰ জীৱন চিনেমাতকৈ কম নহয়। তেওঁলোকৰ জীৱনত ভুমুকি মাৰি চালে চিনেমাৰ দৰে সংগ্ৰাম দেখা যায়। জীৱনত কেতিয়াবা ভাল কেতিয়াবা আকৌ বেয়া। কেতিয়াবা যদি ভাল দিশেৰে জীৱন আৰম্ভ হয়, সমাপ্ত হয় দুখৰ মাজেৰে। এনে এগৰাকী বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, যাৰ জীৱনটো খুব ধুনীয়া আছিল কিন্তু শেষৰ সময় আছিল বিষাদেৰে ভৰা। মাত্ৰ এটা ভুলেই জীৱন শেষ কৰিছিল তেওঁৰ। পিছে কোন এই অভিনেত্ৰীগৰাকী?

অভিনেত্ৰীগৰাকীক পিতৃ-মাতৃয়ে দিয়া নামটো আছিল নবাব বানো। কিন্তু ছবি জগতত তেওঁক নিম্মি বুলি জনা যায়। এই কথা ৫০ দশকৰ। অভিনেতা ৰাজ কাপুৰৰ অন্যতম প্ৰিয় অভিনেত্ৰী আছিল নিম্মি। কোৱা হয় যে নাৰ্গিছৰ আগতে ৰাজ কাপুৰে নিম্মিৰ প্ৰেমত পৰিছিল। কেৱল ৰাজ কাপুৰেই নহয়, দিলীপ কুমাৰৰ সৈতে নিম্মিৰ যুটি আছিল ছুপাৰহিট। নিম্মি বলীউডৰ প্ৰায় ৫০ খন ছবিত অভিনয় কৰিছিল। সেই সময়ত নায়িকাগৰাকীয়েও আন নায়িকাতকৈ অধিক পাৰিশ্ৰমিক লাভ কৰিছিল। কিন্তু হঠাৎ তেওঁৰ এনে  এটা ভুল হ’ল যে নিম্মিৰ জনপ্ৰিয়তা ৰাতিটোৰ ভিতৰতে শেষ হৈ গৈছিল।

নিম্মিৰ মাকক সেই সময়ত বাইজী বুলি জনা গৈছিল। সেই সময়ত চলচ্চিত্ৰ সমালোচকৰ বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছিল যে নিম্মিৰ মাতৃ ৱাহিদানো এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। অৱশ্যে তেওঁ বেশ্যা বৃত্তিতো জড়িত আছিল বুলি চৰ্চা চলিছিল। তাৰ পাছতো তেওঁ নিজৰ কন্যাৰ অতি যত্নৰে ডাঙৰ-দীঘল কৰিছিল। তেওঁ বিচাৰিছিল তেওঁৰ কন্যা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হওক। সেই মাতৃৰ সপোন আগত ৰাখিয়ে নিম্মি ছবি জগতত প্ৰৱেশ কৰিছিল। ইয়াৰ বিপৰীতে নিম্মিৰ পিতৃ সেনাবাহিনীত কাম কৰিছিল।

এসময়ৰ কথা, নিম্মিৰ মাকে পৰিচালক মেহবুব খানৰ লগত বন্ধুত্ব কৰি কন্যাৰ অভিনয়ৰ কথা কৈছিল। তাৰ পাছতে নিম্মিক শ্বুটিঙলৈ মতা হৈছিল। সেই সময়ত ৰাজ কাপুৰে ‘আন্দাজ’ ছবিখনৰ শ্বুটিং কৰি আছিল আৰু তেতিয়াই ৰাজৰ চকু পৰিছিল নিম্মিৰ ওপৰত। লগে লগে ৰাজে ‘বৰসা’ত ছবিখনৰ বাবে নিম্মিক চুক্তিবদ্ধ কৰিছিল। ছবিখনত নিম্মিৰ অভিনয় দৰ্শকে যথেষ্ঠ ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল।  ইয়াৰ পাছত নিম্মিয়ে বহু চিনেমাৰ অফাৰ লাভ কৰিছিল আৰু ৰাতিটোৰ ভিতৰতে চেলিব্ৰেটি হৈ পৰিছিল।

সময় গৈ আছিল। সেয়া আছিল ১৯৬৩ চনৰ কথা। এই সময়তে নিম্মিৰ এটা ডাঙৰ ভুল হৈছিল। ‘মেৰে মেহবুব’ ছবিখনত ৰাজেন্দ্ৰ কুমাৰৰ বিপৰীতে নিম্মিক নায়িকাৰ চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সেই প্ৰস্তাৱ তেওঁ গ্ৰহণ কৰা  নাছিল। ইয়াৰ বিপৰীতে তেওঁ অভিনেতাৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু নায়িকাৰ চৰিত্ৰত আছিল সাধনা।

 

Actress 1

নিম্মি

এই ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছিল। ছবিৰ লগে লগে অভিনেত্ৰী সাধনাৰ কেৰিয়াৰো উন্নতিৰ শিখৰলৈ গতি কৰিছিল। কিন্তু নায়িকাৰ চৰিত্ৰৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ সিদ্ধান্তই নিম্মিৰ জীৱন সলনি কৰি পেলাইছিল। ইয়াৰ পাছত নিম্মিয়ে বিভিন্ন ছবিত অভিনয় কৰিছিল কিন্তু জনপ্ৰিয়তা হেৰুৱাই পেলাইছিল। নায়িকাৰ সলনি নিম্মিয়ে সহযোগী চৰিত্ৰৰ বাবে অফাৰ লাভ কৰিছিল। তেতিয়াৰ পৰা বহু প্ৰচেষ্টাৰ অন্ততো নিম্মিয়ে পুনৰ এবাৰ মূল নায়িকা হ’ব নোৱাৰিলে।

পৰৱৰ্তী সময়ত তেওঁ জনপ্ৰিয় সাহিত্যিক আলী ৰাজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এনেকৈ লাহে লাহে তেওঁ ছবিজগতৰ পৰা আঁতৰি যায়। এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে ২০২০ চনৰ ২৫ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।

 

অন্য খবৰ পঢ়কঃ হয়, মই সকলো টকা দেহ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰিছোঃ আদালতত এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ স্বীকাৰোক্তি…