Shreya Ghoshal Birthday: আজি কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ জন্মদিন, জানক কেতিয়া, ক’ত আৰু কিয় উদযাপন কৰা হয় ‘শ্ৰেয়া ঘোষাল দিৱস’…
Shreya Ghoshal birthday: আজি জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ জন্মদিন। সৰুৰে পৰাই শ্ৰেয়া ঘোষালে এগৰাকী ডাঙৰ গায়িকা হ’ব বিচাৰিছিল। ৬ বছৰ বয়সৰ পৰাই তেওঁ গীত শিকিবলৈ আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সতে সংগীতৰ ৰিয়েলিটি শ্ব’ “ছা ৰে গা মা”ত জয়ী হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে বলীউডক বহু হিট গীত উপহাৰ দিছেজন্মদিনত আমি ক'ম শ্ৰেয়া ঘোাষল দিৱস কেতিয়া পালন কৰা হয়।

নিজৰ কণ্ঠৰ যাদুৰে সকলোকে মোহিত কৰা কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ নিজস্ব এক অনন্য পৰিচয় আছে। তেওঁৰ অনুৰাগীৰ দেশ-বিদেশ উভয়তেপৃথক পৃথক ফেন ফ’ল’ৱাৰ আছে। আজি এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে ৪১তম জন্মদিন উদযাপন কৰিছে। তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে অনুৰাগীসকলে। এনে এটা বিশেষ দিনত আমি আপোনালোকক ক’ম যে কিয় শ্ৰেয়া ঘোষাল দিৱস পালন কৰা হয়। হয়তো বহুতেই এই খবৰৰ বিষয়ে অজ্ঞাত। কিন্তু আজি আমি আপোনালোকক সেই দিনটোৰ বিষয়ে ক’ম, কেতিয়া আৰু ক’ত শ্ৰেয়া ঘোষাল দিৱস পালন কৰা হয়।
সৰুৰে পৰাই শ্ৰেয়া ঘোষালে এগৰাকী ডাঙৰ গায়িকা হ’ব বিচাৰিছিল। ৬ বছৰ বয়সৰ পৰাই তেওঁ গীত শিকিবলৈ আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সতে সংগীতৰ ৰিয়েলিটি শ্ব’ “ছা ৰে গা মা”ত জয়ী হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে বলীউডক বহু হিট গীত উপহাৰ দিছে।
শ্ৰেয়া ঘোষালে যেতিয়া বলীউড চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল ১৬ বছৰ। দেৱদাস ছবিৰ গীতৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল শ্ৰেয়াই। চলচ্চিত্ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মাতৃয়ে শ্ৰেয়া ঘোষালৰ কণ্ঠত মুগ্ধ হৈ পৰিছিল যেতিয়া তেওঁ ৰিয়েলিটি শ্ব’ ছাৰেগামাপাত গান গাইছিল। তেওঁ পুত্ৰক শ্ৰেয়া ঘোষালক ছবিখনত কণ্ঠদান কৰিবলৈ পৰামৰ্শ দিছিল। মাতৃ নিৰ্দেশক আওকাণ কৰিব নোৱাৰি সঞ্জয় লীলা ভাঞ্চালীয়ে তেওঁৰ ছবি দেৱদাসত শ্ৰেয়া ঘোষালক সুযোগ দিলে। শ্ৰেয়া ঘোষালে দেৱদাসত বহু গীত গাইছিল। ‘বাইৰী পিয়া’ গীতটিৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল।
শেহতীয়াকৈ শ্ৰেয়া ঘোষালক লৈ সোণু নিগমে কয় যে, তেওঁক পদ্মশ্ৰীৰ দৰে ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা উচিত। শ্ৰেয়া ঘোষালৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১২ মাৰ্চত পশ্চিম বংগৰ বেহৰমপুৰৰ মুৰ্ছিদাবাদত। সুৰীয়া কণ্ঠৰে বহু বঁটা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। আমাৰ দেশত নাৰী দিৱস আৰু আন বহু দিন পালন কৰা হয়, কিন্তু আমেৰিকাত মাত্ৰ এটা দিন আছে যাক মানুহে শ্ৰেয়া ঘোষাল দিৱস বুলি কয়। এটা সম্পূৰ্ণ দিন কণ্ঠশিল্পীৰ বাবে উচৰ্গা কৰা হৈছে।
২৬ জুনত শ্ৰেয়া ঘোষালে আমেৰিকাৰ অহাইঅ’লৈ এটা অনুষ্ঠানৰ বাবে গৈছিল। ২০১০ চনৰ গ্ৰীষ্মকালীন দিন আছিল আৰু সেইদিনা তেওঁৰ অনুষ্ঠান শুনি আনন্দিত হোৱা গৱৰ্ণৰ ট্ৰেড ষ্ট্ৰিকলেণ্ডে এই দিনটো শ্ৰেয়া ঘোষাল দিৱস হিচাপে পালন কৰিব বুলি ঘোষণা কৰিছিল। সেইদিনাৰ পৰাই অহাইঅ’ত প্ৰতি বছৰে ২৬ জুনত শ্ৰেয়া ঘোষাল দিৱস পালন কৰা হয়।