ইমাৰ্জেন্সিৰ মুক্তিত ঘটিছে বিলম্ব! CBFCক ক্ষীপ্ৰ সিদ্ধান্ত ল’বলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

কংগনা ৰাণাৱটৰ ইমাৰ্জেন্সিৰ মুক্তিৰ সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনক তীব্ৰ ধমক দিয়ে। আদালতে CBFC ২৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰমাণ পত্ৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে। CBFCৰ স্থিতিক কঠোৰ নিন্দা কৰি আদালতে লগতে আইন-শৃংখলাৰ ভয়ত কাৰো সৃষ্টিশীল স্বাধীনতাক ৰোধ কৰিব নোৱাৰি বুলি মন্তব্য কৰে।

ইমাৰ্জেন্সিৰ মুক্তিত ঘটিছে বিলম্ব! CBFCক ক্ষীপ্ৰ সিদ্ধান্ত ল’বলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ইমাৰ্জেন্সি সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ৰ নিন্দা CBFCক

Published: 

19 Sep 2024 15:42 PM

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱটৰ নতুন ছবি ইমাৰ্জেন্সি মুক্তিত ঘটিছে বিলম্ব। চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন, চমুকৈ CBFCৰ দ্বাৰা প্ৰমাণপত্ৰ লাভ নকৰাৰ বাবে ছবিগৃ্হত মুক্তি দিব পৰা নাই ছবিখন। এই সন্দৰ্ভত আজি বোম্বে উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি। এই শুনানিত ইমাৰ্জেন্সিৰ মুক্তিৰ সন্দৰ্ভত কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল যদিও পিছে উচ্চ ন্যায়ালয়ে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনক তীব্ৰ ধমক দিয়ে। আদালতে CBFC ২৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰমাণ পত্ৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিয়ে।

চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ স্থিতিক কঠোৰ নিন্দা কৰি আদালতে লগতে আইন-শৃংখলাৰ ভয়ত কাৰো সৃষ্টিশীল স্বাধীনতাক ৰোধ কৰিব নোৱাৰি বুলি মন্তব্য কৰে। উচ্চ ন্যায়ালয়ে লগতে কয় যে মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত কোনো ধৰণৰ বাধা থাকিব নালাগে। কেৱল আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলিয়েই ছবি এখনক প্ৰমাণ পত্ৰ দিবলৈ ব’ৰ্ডে অস্বীকাৰ কৰিব নোৱাৰে বুলিও উচ্চ ন্যায়ালয়ে লগতে দোহাৰে।

সমান্তৰালকৈ আদালতে সমগ্ৰ ছবিখন নোচোৱাকৈয়ে ছবিখনে বিশৃংখলতা বিয়পাব পাৰে বুলি কেনেদৰে ক’ব পাৰি বুলিও প্ৰশ্ন কৰে। ন্যায়াধীশ বি পি কোলাবাৱালা আৰু ন্যায়াধীশ ফিৰদোষ পুনিৱালাৰ বিভাগীয় বিচাৰপীঠে লগতে আন এক প্ৰশ্নও কৰে CBFC। বিচাৰপীঠৰ প্ৰশ্ন, সংস্থাটোৱে দেশৰ জনসাধাৰণক ইমান সহজ-বুলি ভাবিছে নেকি যে ছবিখনত দেখুওৱা সকলো কথা বিশ্বাস কৰিব?

আদালতে লগতে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ এই মনোভাৱৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি ছবিখনক প্ৰমাণপত্ৰ প্ৰদানৰ সন্দৰ্ভত ২৫ ছেপ্টেম্বৰৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি কঠোৰভাৱে দোহাৰে। ইফালে আবেদনকাৰীয়ে আদালতত CBFC য়ে কোনো ৰাজনৈতিক কাৰণত ছবিখনক প্ৰমাণ পত্ৰ প্ৰদান কৰাত পলম কৰিছে বুলি অধিযোগ কৰাত আশ্চৰ্য প্ৰকাশ কৰে আদালতে।

আবেদনকৰ্তাৰ এই অভিযোগ সন্দৰ্ভত আদালতে কয় যে ছবিখনৰ প্ৰযোজকগৰাকী খোদ বিজেপিৰ সাংসদ। গতিকে শাসকীয় দলটোৱে নিজৰ সাংসদৰ বিৰুদ্ধেই স্থিতি ল’ব নেকি বুলি প্ৰশ্ন কৰে আদালতে। উল্লেখ্য যে জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজে শীঘ্ৰেই ইমাৰ্জেন্সি ছবিখনৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে আদালতত আবেদন দাখিল কৰে।

বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটে এই ছবিখনৰ মুখ্য চৰিত্ৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। লক্ষণীয়ভাৱে তেওঁ এই ছবিখন পৰিচালনা কৰাৰ লগতে সহ-প্ৰযোজকো। ছবিখনৰ মুক্তিৰ দিন বাৰে বাৰে পিছুৱাব লগা হোৱাৰ বাবে কংগনাই তেওঁৰ এই অভিলাষী ছবিখন ইচ্ছাকৃতভাৱে বন্ধ কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল।

ইতিপূৰ্বে যোৱা ৬ ছেপ্টেম্বৰত ছবিখন ছবিগৃ্হত মুক্তি দিয়া হ’ব বুলি দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও শিৰোমণি আকালি দলকে ধৰি বহু শিখ সংগঠনে আপত্তি প্ৰকাশ কৰাৰ পিছত ছবিখন বিতৰ্কৰ মাজত সোমাই পৰে। আনহাতে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনে প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ বাবে এতিয়াও ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰিব পৰা হোৱা নাই।

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...