চলমান খানৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি, লৰেন্স বিষ্ণৈইৰ ভাবুকিৰ পিছত বেলকনিত বুলেট প্ৰুফ গ্লাছ ব্যৱহাৰ
Salman Khan: দীৰ্ঘদিন ধৰি লৰেন্স গেলেক্সীৰ টাৰ্গেটত আছিল চলমান খান। যাৰ বাবে ২০২৪ বৰ্ষটো ভাইজানৰ বাবে বৰ ভাল নাছিল। বিগত বৰ্ষত চলমানে ঘনিষ্ঠ বন্ধুকো হেৰুৱাবলগীয়া হৈছিল। অৱশ্যে নতুন বছৰৰ লগে লগে নিৰাপত্তাও বৃদ্ধি পাইছে চলমানৰ।
ব্লেক বাক গোচৰত দীৰ্ঘদিন ধৰি লৰেন্স বিষ্ণৈইৰ টাৰ্গেটত আছিল চলমান খান। ২০২৪ চনত তেওঁক কেইবাবাৰো মৃত্যুৰ ভাবুকি দিছিল। কেৱল এয়াই নহয়, ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত সমগ্ৰ খান পৰিয়ালটো সংকিত হৈ পৰিছিল। ইতিমধ্যে চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কিন্তু নতুন বছৰৰ আৰম্ভণিতে নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰা হৈছে। এতিয়া তেওঁৰ গেলেক্সী এপাৰ্টমেণ্টৰ বেলকনিত বুলেট প্ৰুফ গ্লাছ ব্যৱহাৰ কৰা হৈছে।
চলমান খানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ গেলেক্সী এপাৰ্টমেণ্টত এই পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও গেলাক্সি এপাৰ্টমেণ্টৰ প্ৰতিটো ফালে হাই ছিকিউৰিটি ট্ৰেচাৰো স্থাপন কৰা হৈছে।
চলমানৰ নিৰাপত্তা বাঢ়িল, এইবোৰ পৰিৱৰ্তন ঘটিল ঘৰত
চলমান খানৰ ঘৰৰ বেলকনিত বুলেট প্ৰুফ গ্লাছ ব্যৱহাৰ কৰা হৈছে। যিখন বেলকনি চলমান খানে থিয় হৈ ঈদ, দীপাৱলী আৰু জন্মদিনত শ শ অনুৰাগীক ধন্যবাদ জনায়। কিন্তু চলমান আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ কথা মনত ৰাখি এতিয়া বুলেট প্ৰুফ গ্লাছৰ দেৱাল নিৰ্মাণ কৰি দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ খিৰিকীবোৰতো বুলেট প্ৰুফ গ্লাছ লগোৱা হৈছে। ইয়াৰ উপৰিও আৰু কিছুমান উচ্চ প্ৰযুক্তিৰ সুৰক্ষা সঁজুলিও স্থাপন কৰা হৈছে।
ঘৰৰ সন্মুখত স্থাপন আৰক্ষী চকী
বৰ্তমানলৈ কেৱল বুলেট প্ৰুফ গ্লাছহে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিবলৈ ট্ৰেচাৰো স্থাপন কৰা হৈছে। চলমান খানৰ নিৰাপত্তাৰ বাবে ঘৰৰ বাহিৰতো হাই ৰিজ’লিউচন চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। লগতে আৰক্ষীয়ে ঘৰৰ ঠিক সন্মুখতে আৰক্ষী চকী স্থাপন কৰিছে।
দৰাচলতে, বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ৮৫ দিনৰ অন্তত সোমবাৰে এমচিঅ’চিএ আদালতত ৪৫৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। বিভিন্ন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ হোৱা ২৬ জন অভিযুক্ত আৰু পলায়ন কৰা ৩ জন অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে – শুভম লংকৰ, জীশান আখতাৰ আৰু আনমোল বিষ্ণৈই। ইয়াৰ উপৰিও মুঠ ১৮০ জন সাক্ষীৰ বক্তব্য অভিযোগনামাত লিপিবদ্ধ কৰা হৈছে।