5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Zubeen Garg Sikaar: দৰ্শকে কিমান ভাল পাইছে জুবিন গাৰ্গৰ ‘চিকাৰ’, শ্ৰীৰঘুপতি আৰু বিদুৰভাই ছবিখনে গঢ়া ৰেকৰ্ড ভংগ কৰিব পাৰিবনে?

চিকাৰে প্ৰথম দিনটোতেই ৩২ লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনটোৰ আয় প্ৰায় ৫৩ লাখ টকা আৰু তৃতীয় দিনটোত ১ কোটি ৫ লাখ ২৫ হাজাৰ ৬৮১ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় যদিও এতিয়াও পূৰ্বৰ ছবিৰ অভিলেখ ভংগ কৰিব পৰা নাই 'চিকাৰে'।

Zubeen Garg Sikaar: দৰ্শকে কিমান ভাল পাইছে জুবিন গাৰ্গৰ ‘চিকাৰ’, শ্ৰীৰঘুপতি আৰু বিদুৰভাই ছবিখনে গঢ়া ৰেকৰ্ড ভংগ কৰিব পাৰিবনে?
দৰ্শকে কিমান ভাল পাইছে জুবিন গাৰ্গৰ ‘চিকাৰ’
Follow Us
barasha-misra
Barasha Misra | Updated On: 24 Sep 2024 14:57 PM

২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ অভিনিত ছবি ‘চিকাৰ’। শ্ৰীৰঘূপতি, বিদুৰভাই, পিশাচ আৰু লোকেল কম্ফু৩ ৰ জনপ্ৰিয়তাৰ পিছত অসমীয়া ছবি ‘চিকাৰ’ মুক্তি পালে। মাজতে এনেকুৱা এটা পৰ্যায় আহি পৰিছিল য’ত মানুহে অসমীয়া ছবি চাবলৈ যাব টান পাইছিল। কিন্তু এতিয়া সময় সলনি হৈছে আৰু মানুহে অন্য চিনেমাৰ দৰে অসমীয়া চিনেমা চাবলৈ ঢাপলি মেলা আৰম্ভ কৰিছে।

‘মিছন চাইনা’ৰ সফলতাৰ পিছত থমকি ৰোৱা নাই জুবিন গাৰ্গ। বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত ছেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্যৰ প্ৰযোজনাত নিৰ্মিত ছবিখনিৰ কাহিনী আৰু পৰিচালনা কৰিছে বিগত ২৫ বছৰে অসমীয়া ছবিজগতত সম্পাদক হিচাপে পৰিচিত দেবাংকৰ বৰগোঁহায়ে ।

National cinema day ৰ দিনাই মুক্তি পোৱাৰ বাবে দৰ্শকে ৯৯ টকাতে ছবিখনৰ টিকট লাভ কৰিছিল। এই বিশেষ দিনটোৰ সুবিধা লৈ ছবিপ্ৰেমীসকলে BookMyShowৰ জৰিয়তে আগতীয়াকৈ টিকট বুক কৰিছিল।

চিকাৰৰ উপাৰ্জন

চিকাৰে প্ৰথম দিনটোতেই ৩২ লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনটোৰ আয় প্ৰায় ৫৩ লাখ টকা আৰু তৃতীয় দিনটোত ১ কোটি ৫ লাখ ২৫ হাজাৰ ৬৮১ টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ চিকাৰে।

লোকেল কুংফুৰ উপাৰ্জন

‘লোকেল কুংফু ১’ আৰু ‘লোকেল কুংফু ২’ ৰ ধাৰাবাহিক সফলতাৰ পাছত ‘লোকেল কুংফু ৩’ লৈ যে দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল । ছবিখনত দৰ্শকে হাস্যমধুৰ চৰিত্ৰৰ লগতে উপভোগ কৰিবলৈ পাইছে দুৰ্দান্ত একশ্যনো । এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু আৰু তানসেনৰ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৰ অভিনয়ে দৰ্শক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । কেনি বসুমতাৰীৰ পৰিচালনাৰ এই ছবিখনত শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ সম্পর্কই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ বিষয় ।

৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এই নতুন অসমীয়া ছবিখনৰ এসপ্তাহৰ মুঠ উপাৰ্জন ১.২১ কোটি টকা । আনহাতে ছবিখনৰ মুক্তিৰ চাৰিদিনৰ মুঠ উপাৰ্জন আছিল ৬০.৮৬ লাখ টকা ।

পিশাচৰ উপাৰ্জন

২ আগষ্টত মুক্তি পাইছিল আন এখন অসমীয়া ছবি ‘পিশাচ। ‘ফায়াৰ ফ্লাই ফিল্মছ’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ অমিত ৰাগৰ পৰিচালনা আৰু প্ৰযোজনা অনিমা লহকৰৰ। চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা । অনিমা লহকৰে প্ৰযোজনা কৰা ‘পিশাচ’ৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ ।

ছবিখনে এদিনতে ৪ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।ইফালে মুক্তিৰ দুদিনতে ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছে ৫.০৭ লাখ টকা। আনফালে ছবিখনৰ ৩ দিনত উপাৰ্জন হয় ১১.৬৩ লাখ টকা।

স্বৰ্গৰথৰ উপাৰ্জন

৭ জুনত মুক্তিলাভ কৰিছিল অসমীয়া ছবি ‘স্বৰ্গৰথ’। ছবিখনৰ প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু ড৹ অক্ষতা নাৰায়ণে । আনহাতে ছবিখনত অভিনয় কৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন, বনী দেউৰী, ৰিণ্টু বৰা, উদ্ভৱন শইকীয়া, ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিছ শ্বেইখ, মাধুৰীমা চৌধুৰী আদি। তিনিটা দিনত মুঠ উপাৰ্জন ৫১ লাখ ২৮ হাজাৰ ৮৭৭ টকা ।

বিদুৰভাইৰ উপাৰ্জন

২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা ‘বিদুৰভাই’ ৱেব চিৰিজ খনেও দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছিল। ৱেব চিৰিজৰ পৰা এতিয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈকে যাত্ৰা কৰিছিল ‘বিদুৰভাই’। সুব্ৰত কাকতিৰ পৰিচালিত আৰু ৰুটষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজিত ‘বিদুৰভাই’।

মুক্তিৰ প্ৰথম সপ্তাহৰ মুঠ কালেকশ্যন ৩.০৯ টকা । আনহাতে ছবিখনে মুক্তিৰ প্ৰথম তিনিদিনতে মুঠ ১.২৪ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় । প্ৰথম ৬ দিনৰ ভিতৰতে মুঠ ২ কোটি ৩০লাখ টকা সংগ্ৰহ কৰে। ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল ছবিখন। এতিয়া BLOCKBUSTER তালিকাত অন্তৰ্ভুক্ত ‘বিদুৰভাই’। Box Officeত সৰ্বমুঠ ১০.১০ কোটি টকা উপাৰ্জন কৰিলে ছবিখনে।

শ্ৰীৰঘুপতিৰ উপাৰ্জন

২০২৩ চনত মুক্তি লাভ কৰা এখন অপৰাধভিত্তিক-একশ্যনধৰ্মী অসমীয়া চলচ্চিত্ৰ। মণিৰত্ন এণ্টাৰটেইনমেণ্টে নিবেদন কৰা এই চিনেমাখনৰ চিত্ৰনাট্য আৰু পৰিচালনা সুব্ৰত কাকতিৰ। ছবিখন শৈলেন শৰ্মাই প্ৰযোজনা কৰিছে। ছবিখনৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মায়ে অভিনয় কৰিছে। লগতে অসমৰ জনপ্ৰিয় অভিনেতা কে কে (সিদ্ধাৰ্থ শৰ্মা), ৰীণা বৰা, অৰুণ নাথ, অৰুণ হাজৰিকা, প্ৰীতিকংকনা, মনজিৎ শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী আৰু প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰিছে। ছবিখনৰ সংলাপ আৰু কাহিনী ৰবি শৰ্মাৰ আৰু সংগীত প্ৰণয় দত্তৰ। ছবিখন ছবিগৃহত প্ৰায় দহ সপ্তাহজুৰি চলে আৰু ১৩.৮১ কোটিৰ ব্যৱসায় কৰি অসমীয়া ছবিৰ ইতিহাসত অভিলেখ ৰচে। প্ৰথম চাৰিটা দিনতে ‘শ্ৰী ৰঘুপতি’ৰ বক্স অফিচৰ উপাৰ্জন ১ কোটি ৪০ লাখ টকাৰো অধিক।

উল্লেখ্য যে, প্ৰথম দিনটোত ১৭ লাখ, দ্বিতীয় দিনটোত ৩২-৩৮.৮ লাখ, তৃতীয় দিনটোত ৪১.৭ লাখ, চতুৰ্থ দিনটোত ৪৩ লাখ, পঞ্চম দিনটোত ৪৪.৫ লাখ, ষষ্ঠ দিনটোত ৬৫ লাখ আৰু তাৰ পিছত ৮০.৫ লাখ উপাৰ্জন কৰিছিল ‘শ্ৰীৰঘুপতি’য়ে।

চিকাৰে পাৰিব নে অভিলেখ ভংগ কৰিব?

এতিয়ালৈ ‘শ্ৰীৰঘুপতি’ আৰু ‘বিদুৰভাই’ৰ অভিলেখ ভংগ কৰিবলৈ পৰা নাই এখনো অসমীয়া ছবিয়ে। ৰাইজে এতিয়াও আশাবাদী যে ‘চিকাৰে’ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব পাৰিব।

 

Latest News