শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাপনৰ সংগীতানুষ্ঠানেৰে প্ৰেমৰ দিন উপভোগ্য কৰি তুলিব টিভি৯ নেটৱৰ্কেঃ এইদৰে সংগ্ৰহ কৰক টিকট

ভেলেণ্টাইন সপ্তাহৰ প্ৰতিটো দিন প্ৰেমিক-প্ৰেমিকাসকলে নানা ধৰণে উপভোগ কৰিব বিচাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ এই আকাংক্ষিত ভেলেণ্টাইন সপ্তাহক অধিক উপভোগ্য কৰি তুলিবলৈ সাজু হৈছে টিভি৯ নেটৱৰ্ক। ভেলেণ্টাইন ডে’ৰ দিনটোতে টিভি৯ নেটৱৰ্কে আপোনাৰ বাবে আনিছে পাপনৰ কণ্ঠৰ মায়াজালেৰে মন্ত্ৰমুগ্ধ হোৱাৰ এক সুৱৰ্ণ সুযোগ।

পাপনৰ সংগীতানুষ্ঠানেৰে প্ৰেমৰ দিন উপভোগ্য কৰি তুলিব টিভি৯ নেটৱৰ্কেঃ এইদৰে সংগ্ৰহ কৰক টিকট
ভেলেণ্টাইন ডে’ত পাপনৰ সংগীতানুষ্ঠান
monjit-dutta
Monjit Dutta | Published: 07 Feb 2025 15:19 PM

আজিৰ পৰা আৰম্ভ হৈছে প্ৰেমিক-প্ৰেমিকাৰ হেঁপাহৰ ভেলেণ্টাইন সপ্তাহ। এই ভেলেণ্টাইন সপ্তাহৰ প্ৰতিটো দিন প্ৰেমিক-প্ৰেমিকাসকলে নানা ধৰণে উপভোগ কৰিব বিচাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ এই আকাংক্ষিত ভেলেণ্টাইন সপ্তাহক অধিক উপভোগ্য কৰি তুলিবলৈ সাজু হৈছে টিভি৯ নেটৱৰ্ক। দেশৰ ৰাজধানী দিল্লীত টিভি৯ নেটৱৰ্ক আৰু ৰেড হেট কমিউনিকেচনে আয়োজন কৰিছে ‘দ্য ৱৰ্ল্ড ট্ৰেভেল এণ্ড টুৰিজিম ফেষ্টিভেল’। অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

আগন্তুক এই অনুষ্ঠানটো ভাৰতীয় পৰ্যটনৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰদৰ্শনী হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে। এই উৎসৱে ভ্ৰমণ আৰু পৰ্যটন উদ্যোগৰ নতুন ধাৰা আৰু উদ্ভাৱনৰ ওপৰতো আলোকপাত কৰিব। উৎসৱত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোকেই বিভিন্ন সাংস্কৃতিক অভিজ্ঞতা উপভোগৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও তেওঁলোকে প্ৰযুক্তিৰ জগতখনত দৈনন্দিক ঘটি থকা বিকাশ সন্দৰ্ভতো চকু ফুৰাব পাৰিব।

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভ্ৰমণ আৰু পৰ্যটন বিশেষজ্ঞ, ভ্ৰমণৰ প্ৰতি আকৰ্ষিত লোক আৰু আনুষংগিক ব্যৱসায়িক দিশসমূহক একেখন মঞ্চত একত্ৰিত কৰা, যাতে ভ্ৰমণ আৰু পৰ্যটনৰ ভৱিষ্যত গঢ় দিয়া উদ্ভাৱনসমূহৰ সৈতে সকলোৱে পৰিচয় লাভ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে নতুন নতুন ঠাই, ইয়াৰ লগত জড়িত অসুবিধাসমূহ দূৰ কৰাৰ উপায় আৰু অনন্য অভিজ্ঞতাৰ বিষয়ে জানিবলৈ সুযোগ পাব।

মহোৎসৱক অধিক আকৰ্ষিত কৰি তুলিব অসম সন্তান তথা বলীউডত সুপ্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপনে। ভেলেণ্টাইন ডে’ৰ দিনাই নিজৰ ব্যতিক্ৰমী কণ্ঠ আৰু গায়ন শৈলীয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু হৈছে পাপন। নিশ্চিতভাৱে ভেলেণ্টাইন ডে’ৰ দিনটোতে পাপনৰ সংগীতানুষ্ঠান প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে হৈ পৰিব অনন্য উপভোগ্য মাধ্যম। ১৪ ফেব্ৰুৱাৰীত সন্ধিয়া ৭ বজাৰ পৰা নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠান পৰিৱেশন কৰিব পাপনে।

ভেলেণ্টাইন ডে’ৰ সন্ধিয়া প্ৰেম, সংগীত আৰু ভ্ৰমণৰ এই সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আপুনি আপোনাৰ বন্ধু বা আপোনজনৰ সৈতে যোগদান কৰিব পাৰে। এই অনুষ্ঠানৰ টিকট BookMyShow.com ত উপলব্ধ। এইদৰে টিকট ক্ৰয় কৰি পাপনৰ সংগীতেৰে ভেলেণ্টাইন ডে’ বিশেষভাৱে উদযাপন কৰাৰ সমান্তৰালকৈ ভ্ৰমণ আৰু পৰ্যটনক এক নতুন দৃষ্টিভংগীৰে চাব পৰাকৈ ‘দ্য ৱৰ্ল্ড ট্ৰেভেল এণ্ড টুৰিজিম ফেষ্টিভেল’ অনুষ্ঠানে আনি দিয়া সুযোগ গ্ৰহণ কৰিব পাৰিব আপুনিও।