5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

১৩টা পৰিৱৰ্তনৰ পিছতহে ছবিগৃ্হলৈ আহিব কংগনাৰ ‘ইমাৰ্জেন্সি’! চেঞ্চৰ ব’ৰ্ডৰ নিৰ্দেশনা

বলীউডৰ অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱটৰ ছবি ‘ইমাৰ্জেন্সি’ যোৱা ৬ ছেপ্টেম্বৰতে ছবিগৃহত মুক্তি লাভ কৰাৰ কথা আছিল যদিও চেন্সৰ ব’ৰ্ডৰ সেউজ সংকেত লাভ নকৰাৰ বাবে এইপৰ্যন্ত মুক্তি দিব পৰা হোৱা নাই। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি চেঞ্চৰ ব’ৰ্ডে ‘ইমাৰ্জেন্সি’ৰ ১৩টা সালসলনি কৰিবলৈ নিৰ্মাতাসকলক নিৰ্দেশ দিছে।

১৩টা পৰিৱৰ্তনৰ পিছতহে ছবিগৃ্হলৈ আহিব কংগনাৰ ‘ইমাৰ্জেন্সি’! চেঞ্চৰ ব’ৰ্ডৰ নিৰ্দেশনা
কংগনাৰ ইমাৰ্জেন্সি প্ৰসঙ্গত চেঞ্চৰ ব’ৰ্ডৰ নিৰ্দেশনা
Follow Us
monjit-dutta
Monjit Dutta | Published: 28 Sep 2024 15:49 PM

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো এইপৰ্যন্ত ছবিগৃহত মুক্তি লভা নাই বলীউডৰ নতুন ছবি ‘ইমাৰ্জেন্সি’য়ে। বলীউডৰ অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱটৰ এই ছবিখন যোৱা ৬ ছেপ্টেম্বৰতে ছবিগৃহত মুক্তি লাভ কৰাৰ কথা আছিল। কিন্তু চেন্সৰ ব’ৰ্ডৰ সেউজ সংকেত লাভ নকৰাৰ বাবে এইপৰ্যন্ত মুক্তি দিব পৰা হোৱা নাই ‘ইমাৰ্জেন্সি’। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এই ছবিখনক চেঞ্চৰ ব’ৰ্ডে U/A প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। অৱশ্যে তাৰ পিছতো ‘ইমাৰ্জেন্সি’ৰ মুক্তিৰ পথ মুকলি হোৱা নাই।

প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সমান্তৰালকৈ চেঞ্চৰ ব’ৰ্ডে ছবিখনৰ ১৩টা সালসলনি কৰিবলৈ নিৰ্মাতাসকলক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। এই দৃশ্যসমূহৰ পৰিৱৰ্তন হ’লেহে এই ছবিখন মুক্তি পাব বুলি চেঞ্চৰ ব’ৰ্ডে উল্লেখ  কৰিছে। অৱশ্যে জি-ষ্টুডিঅ’ই এই বিষয়ে চিন্তা কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন বুলি ব’ৰ্ডৰ পৰা সময় বিচৰা বুলিও প্ৰকাশ পাইছে।

 

সূত্ৰ অনুসৰি, চেঞ্চৰ ব’ৰ্ডে  ‘ইমাৰ্জেন্সি’ৰ এইসমূহ দৃশ্যত সালসলনিৰ নিৰ্দেশ দিছে-

চেন্সৰ ব’ৰ্ডে ছবিখনৰ আৰম্ভণিতে ডিচক্লেইমাৰত কিছু কথা সংযোগ কৰিবলৈ নিৰ্দেশ দিছে। ডিচক্লেইমাৰত এই ছবিখন এটা সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত বুলি লিখা আছে। ব’ৰ্ডৰ মতে ঘটনা যিয়েই নহওক, ইয়াক নাটকীয় ৰূপত উপস্থাপন কৰা হৈছে। সেয়ে চেঞ্চৰ ব’ৰ্ডে ছবিখনত যি দেখুওৱা হৈছে সেয়া সম্পূৰ্ণ সঁচা নহয় বুলি স্পষ্ট কৰিবলৈ নিৰ্দেশনা আগবঢ়াইছে।

ছবিখনৰ আৰম্ভণিতে জৱাহৰলাল নেহৰুৰ এটা দৃশ্য দেখা গৈছে। এই দৃশ্যটোত নেহৰুৱে চীনে অসমক ভাৰতৰ পৰা পৃথক কৰা বুলি কৈ থকা দেখা গৈছে। এই সংলাপ ছবিখনত ক’ৰ পৰা অন্তৰ্ভুক্ত কৰা হৈছে সেই বিষয়ে ব’ৰ্ডে তথ্য বিচাৰিছে। ব’ৰ্ডৰ সদস্য হিচাপে থকা ইতিহাসবিদসকল এনে ঘটনাৰ বিষয়ে জ্ঞাত নহয় বুলি উল্লেখ কৰা হৈছে।

সঞ্জয় গান্ধীৰ চৰিত্ৰৰ সংলাপতো ব’ৰ্ডে আপত্তি প্ৰকাশ কৰিছে। এক সংলাপত ভীন্দ্ৰনৱালেই সঞ্জয় গান্ধীক কৈছে – ‘আপোনাৰ দলক ভোট লাগে আৰু আমি খালিস্তান বিচাৰো’। এই সংলাপত আপত্তি প্ৰকাশ কৰিছে চেঞ্চৰ ব’ৰ্ডে।

জানিব পৰা মতে ছবিখনৰ এটা দৃশ্যত এজন শিখ লোকে আন সম্প্ৰদায়ৰ এজন ব্যক্তিক গুলীয়াই হত্যা কৰে। এই দৃশ্যটো ডিলিট কৰিবলৈ কৈছে চেন্সৰ ব’ৰ্ডে। লগতে ছবিখনৰ ২ মিনিট ১১ মিনিটৰ দৃশ্যত দেখুওৱাত হিংসাৰ দৃশ্য হ্ৰাস কৰিবলৈও নিৰ্দশনা দিয়া হৈছে।

এটা দৃশ্যত ইন্দিৰা গান্ধী আৰু সেনা প্ৰধানৰ মাজত বাৰ্তালাপৰ সময়ত অৰ্জুন দিৱসৰ বিষয়ে উল্লেখ আছে। শিখসকলৰ পঞ্চম গুৰু অৰ্জুনৰ জন্ম বাৰ্ষিকীৰ ক্ষেত্ৰত এই দিৱসৰ কথা কোৱা হৈছে। কিন্তু ব’ৰ্ডে শিখ সম্প্ৰদায়ত এনে কোনো পৰম্পৰা নাই বুলি উল্লেখ কৰি ‘অৰ্জুন দিৱস’ৰ উল্লেখ আঁতৰাবলৈ কয়।

ছবিখনত অৰিজিনেল ফুটেজ ব্যৱহাৰ কৰাৰ সময়ত ষ্টেটিক মেছেজ দিব লাগে বুলি ব’ৰ্ডে পৰামৰ্শ দিছে।

ছবিখনত ব্যৱহাৰ কৰা যিকোনো তথ্য, কাৰোবাৰ বক্তব্য বা কোনো স্থানৰ পৰা লোৱা যিকোনো ৰেফাৰেন্সৰ ক্ষেত্ৰত উৎসৰ বিষয়ে উল্লেখ কৰিবলৈয়ো নিৰ্দেশ দিয়া হৈছে।

ভীন্দ্ৰনৱালেৰ চৰিত্ৰ ফ্ৰেমত নাথাকিলেও তেওঁৰ নাম ছবিখনত উল্লেখ কৰা হৈছে। ব’ৰ্ডে নিৰ্মাতাসকলক ভীন্দ্ৰনৱালেৰ নাম ছবিখনৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে। এইদৰে ইমাৰ্জেন্সী ছবিখনত মুঠ ১৩টা পৰিৱৰ্তনৰ পৰামৰ্শ দিছে চেঞ্চৰ ব’ৰ্ডে। অৱশ্যে এই ১৩টা পৰিৱৰ্তনৰ ভিতৰত চাৰিটা পৰিৱৰ্তনৰ বিষয়ে এইপৰ্যন্ত জানিব পৰা হোৱা নাই।

Latest News