তেওঁ অহংকাৰ দেখুৱাইছে …ৰশ্মিকা মান্দানাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কংগ্ৰেছী বিধায়কে
অভিনেত্ৰী ৰশ্মিকা মান্দানা লৈ ক্ষুব্ধ হৈ পৰিছে এগৰাকী কংগ্ৰেছী বিধায়ক। তেওঁ কয় যে, অহংকাৰ দেখুৱাইছে ৰশ্মিকাই। কিন্তু কিয় ইমান খং উঠিল বিধায়কগৰাকীৰ? সমগ্ৰ ঘটনাটো জানো আহক

নতুন ছবি ‘ছাৱা’ৰ বাবে এইকেইদিন শিৰোনামত থকা দেখা গৈছে ৰশ্মিকা মান্দানাক । এই ছবিখনত তেওঁক বিকি কৌশলৰ সৈতে দেখা গৈছে। বিশ্বজুৰি এই ছবিখনে অতিক্ৰম কৰিছে ৬০০ কোটি টকাৰ পৰিসংখ্যা। কিন্তু ইয়াৰ মাজতে কৰ্ণাটকৰ মাণ্ডিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰবি কুমাৰ গনিগাৰ ৰোষত পৰিছে ৰশ্মিকা। এই বিষয়টো বাংগালুৰুত আয়োজিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সৈতে জড়িত।
পেছাদাৰী জীৱনৰ কথা ক’লে ৰশ্মিকাই ‘ছাৱ’ত ছাত্রপতি সম্ভাজী মহাৰাজৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে৷ সম্ভাজী মহাৰাজৰ চৰিত্ৰত দেখা গৈছে বিকি কৌশলক। তেওঁৰ এই ছবিখন যথেষ্ট পচন্দ কৰিছে অনুৰাগীসকলে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰ মাহত তেওঁৰ ছবি ‘পুষ্পা ২’ মুক্তি পাইছিল। সেই ছবিখনেও ইতিহাস ৰচনা বিশ্বব্যাপী বক্স অফিচত ১৮৫০ কোটিৰো অধিক উপাৰ্জন কৰিছিল।
ইয়াৰ মাজতে চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত চলচ্চিত্ৰ তাৰকাৰ সংখ্যা অতি কম হোৱাত ক্ষুব্ধ হৈ পৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। তাৰকাবোৰৰ ওপৰত খং উঠে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ। তাৰ পাছতে একেটা বিষয়ক লৈ ৰশ্মিকাৰ বিৰুদ্ধে মাত মাতিছে এতিয়া বিধায়ক ৰবি কুমাৰ গনিগাই। ডি কে শিৱকুমাৰক সমৰ্থন কৰি ৰবি কুমাৰে কয় যে, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে ৰশ্মিকাক নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু তেওঁ নাহিল। লগতে তেওঁ কয় যে, কানাড়া চিনেমাৰ পৰাই ৰশ্মিকাই চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। কিন্তু আমি যেতিয়া তেওঁক শেহতীয়াকৈ নিমন্ত্ৰণ জনাইছিলো তেতিয়া ক’লে যে, তেওঁৰ ওচৰত সময় নাই, সেয়ে উপস্থিত থাকিব নোৱাৰিব।
আৰু কি ক’লে ৰবি কুমাৰ গণিগাই?
ৰবি কুমাৰ গণিগাই আকৌ কয়, “মোৰ এজন বিধায়ক বন্ধু ৰশ্মিকা ঘৰলৈ গৈ তেওঁলৈ ডজন চিঠি লিখিছিল। কিন্তু তেওঁ অহংকাৰ দেখুৱাইছে। কৰ্ণাটকত ডাঙৰ-দীঘল হোৱা ছোৱালীজনীয়ে এতিয়া কানাড়াৰ প্ৰতি অহংকাৰ দেখুৱাইছে। মই মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীলৈ চিঠি লিখি চিনেমা কৰ্মীক দিয়া ৰাজসাহায্য পুনৰীক্ষণ কৰিবলৈ ক’ম।”