উৰ্বশী ৰাউটেলা আৰু নন্দমুৰিৰ এক ভাইৰেল ভিডিঅ’, দেখি ক্ষুব্ধ হৈ পৰিছে জনতা…

Daaku Maharaaj: কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছে ডাকু মহাৰাজ নামৰ ছবিখন। এই ছবিখনে বৰ্তমান সময়লৈকে প্ৰায় ৫০ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ মাজতে উৰ্বশী আৰু নন্দমুৰিৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উৰ্বশী ৰাউটেলা আৰু নন্দমুৰিৰ এক ভাইৰেল ভিডিঅ, দেখি ক্ষুব্ধ হৈ পৰিছে জনতা...

উৰ্বশী, নন্দমুৰি

Published: 

14 Jan 2025 11:42 AM

নন্দমুৰি বালকৃষ্ণৰ ‘ডাকু মহাৰাজ’ নামৰ ছবিখন ইতিমধ্যে ছবিগৃহত মুক্তি লাভ কৰিছে। ১২ জানুৱাৰীত মুক্তি লাভ কৰা এই ছবিখনে বৰ্তমান সময়লৈকে বিশ্বব্যাপী প্ৰায় ৫৬ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১০০ কোটি টকাৰ বাজেট সাপেক্ষে নিৰ্মাণ হোৱা এই ছবিখন চৰ্চাত থকা অন্যতম কাৰণ হ’ল Dabidi Dabidi নামৰ গানটো। এই গানটোত উৰ্বশী ৰাউটেলাৰ সৈতে নন্দমুৰি বালকৃষ্ণৰ নৃত্য দেখি ক্ষুব্ধ হৈ পৰিছে দৰ্শকসকল। উৰ্বশী আৰু নন্দমুৰিৰ এতিয়া আন এটা ভিডিঅ’ পোহৰলৈ আহিছে যাৰ পাছত বিভিন্নজনে ৬৪ বছৰীয়া ছুপাৰষ্টাৰজনক সমালোচনা কৰিছে।

Daaku Maharaaj নামৰ ছবিখনে ইতিমধ্যে বাজেটৰ আধাতকৈ বেছি আয় কৰিছে। ইয়াৰ পাছতেই ছবিখনৰ সফলতাৰ বাবে এক পাৰ্টি অনুষ্ঠিত হয়। ছবিখন মুক্তিৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা এই পাৰ্টিত অভিনেত্ৰী উৰ্বশী ৰাউটেলাও উপস্থিত আছিল। এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে নন্দমুৰি বালকৃষ্ণৰ সৈতে নৃত্য কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ভিডিঅ’টো চালে গ’ম পোৱা যায় যে অভিনেতা নন্দমুৰিৰ ব্যৱহাৰৰ প্ৰতি অস্বস্তি অনুভৱ কৰিছিল উৰ্বশীয়ে। তলত এই ভিডিঅ’টো দিয়া হ’ল-

 

 

উৰ্বশী ৰাউটেলাই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅটোত অভিনেত্ৰীগৰাকীক ডাকু মহাৰাজৰ সমগ্ৰ টিমটোৰ সৈতে দেখা গৈছে। ইয়াৰ মাজতে উৰ্বশী আৰু নন্দমুৰি বালকৃষ্ণই Dabidi Dabidi গীতটোত নৃত্য কৰে। নৃত্যৰ মাজত অভিনেতাগৰাকীয়ে হুকষ্টেপ কৰিবলৈ আৰম্ভ কৰে আৰু লগে লগে উৰ্বশী অস্বস্তি অনুভৱ কৰে। পৰৱৰ্তী সময়ত উৰ্বশীয়ে হাঁহি হাঁহি সেই স্থানৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে। নৃত্য কৰি থকাৰ সময়ত উৰ্বশীক দেখিলে গম পোৱা যায় যে তেওঁ কিমান অস্বস্তিত আছে।

তেওঁলোকে নৃত্য কৰি থকা সময়ত ডাকু মহাৰাজ ছবিৰ অন্য সদস্যসকলেও দুয়োকে চাই হাঁহি থকা দেখা যায়। ছ’চিয়েল মিডিয়াত এই নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বিভিন্নজন ক্ষুব্ধ হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী এজনে লিখিছে যে, চাওক কেৰিয়াৰৰ বাবে কি কি কৰিবলগীয়া হৈছে। অন্য এজনে লিখিছেৃ- ইমান ডাঙৰ অভিনেতা, হ’লেও চাওক কেনেদৰে অভিনেত্ৰীগৰাকীৰ লগত লাগি আছে। আন এজনে লিখিছে- স্পষ্টকৈ দেখা গৈছে যে উৰ্বশী অশান্তি পাইছে। কিছুমানে অভিনেতাগৰাকীক খুড়া, ককা বুলি কোৱাও দেখা গৈছে। উল্লেখ্য যে, ডাকু মহাৰাজ নামৰ ছবিখনত উৰ্বশীকো দেখা গৈছে। দীৰ্ঘদিনৰ অন্তত উৰ্বশীয়ে কোনো ছবিত কাম কৰা দেখা গৈছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!