মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটাঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে ঘোষণা

বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ এইবাৰ আগবঢ়োৱা হ’ব দাদাচাহেব ফাল্কে বঁটা। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে মিথুন চক্ৰৱৰ্তীক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে দাদাচাহেব ফালকে বঁটাৰ জুৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স যোগে এই কথা ঘোষণা কৰে।

মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটাঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে ঘোষণা

মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

Published: 

30 Sep 2024 11:35 AM

বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ এইবাৰ আগবঢ়োৱা হ’ব দাদাচাহেব ফাল্কে বঁটা। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে মিথুন চক্ৰৱৰ্তীক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে দাদাচাহেব ফালকে বঁটাৰ জুৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স যোগে এই কথা ঘোষণা কৰে। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত প্ৰবীণ অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অহা ৮ অক্টোবৰত এইবাৰৰ এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

দাদাচাহেব ফাল্কে বঁটাৰ বাবে মিথুনৰ নাম ঘোষণা কৰি অশ্বিনী বৈষ্ণৱে কয় যে মিথুন দাৰ এই যাত্ৰাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।  অহা ৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত তেওঁক দাদাচাহেব ফাল্কে বঁটাৰে সন্মান জনোৱা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়। উল্লেখ্য যে বিগত বৰ্ষত ৱাহিদা ৰেহমানক এই বঁটাৰে সন্মানিত কৰা হৈছিল।

 

ভাৰতীয় চিনেমা জগতৰ এগৰাকী প্ৰখ্যাত অভিনেতা হিচাপে খ্যাতি লাভ কৰা মিথুন চক্ৰৱৰ্তীয়ে তেওঁৰ চলচ্চিত্ৰ জীৱনত ৩৫০ খনতকৈও অধিক ছবিত কাম কৰিছে। হিন্দীৰ বাহিৰেও তেওঁ বাংলা, ভোজপুৰী, তামিল, উড়িয়া, কানাড়া, তেলেগু আৰু পাঞ্জাবী ছবিত কাম কৰিছিল। ১৯৭৬ চনৰ মৃগয়া ছবিৰ জৰিয়তে মিথুনে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। লক্ষণীয়ভাৱে প্ৰথমখন ছবিৰ বাবেই তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

কেৰিয়াৰৰ আৰম্ভণিতে অৱশ্যে মিথুন চক্ৰৱৰ্তীয়ে সৰু সৰু চৰিত্ৰত অভিনয়ৰহে সুযোগ লাভ কৰিছিল।  ১৯৭৬ চনৰ ‘দো অঞ্জানে’ ছবি আৰু ১৯৭৮ চনৰ ‘ফুল খিলে হায়ণ গুলচন গুলচন’ ছবিত তেওঁ সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত ১৯৭৯ চনত মুক্তি লাভ কৰা ‘সুৰক্ষা’ ছবিৰ পৰাই অভিনয় জীৱনত মিথুনে খ্যাতি লাভ কৰিছিল। একেটা বৰ্ষতে মুক্তি পোৱা ‘প্ৰেম বিবাহ’ ছবিখনে তেওঁক অধিক পৰিচয় প্ৰদান কৰে।

ইয়াৰ পিছতে আশীৰ দশকত অপাৰ জনপ্ৰিয়তা লাভ কৰে মিথুনে। ডিস্ক’ ডেঞ্চাৰ, হুমছে বঢ়কৰ কৌন, বাৰ্দাত, টকদীৰ, মুঝে ইনছাফ চাহিয়ে, বক্সাৰ, ঘৰ এক মন্দিৰ, কছম পেদা ৱালে কি, বাজী, আন্ধি টুফান আদি বহুতো সফল ছবিত কাম কৰিছিল মিথুনে। বিশেষ সুকীয়া নৃত্য শৈলী আৰু এক্সন শৈলীৰ বাবে মিথুনে এক শ্ৰেণীৰ ভাৰতীয় দৰ্শকৰ মাজত অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল।

দীৰ্ঘসময় ধৰি বলীউডৰ এক সফল তাৰকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা মিথুন চক্ৰৱৰ্তীৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৬ জুনত পশ্চিম বংগৰ ৰাজধানী কলকাতাত। জন্মৰ পিছত তেওঁৰ নাম দিয়া হৈছিল গৌৰাংগ চক্ৰৱৰ্তী। ৪ দশকৰো অধিক সময় চলচ্চিত্ৰত সক্ৰিয় হৈ থকাৰ পিছত ৰাজনীতিত খোজ দিছিল মিথুনে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ সদস্য মিথুনে ইতিপূৰ্বে তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক