Deepika Padukone Birthday: ‘ওম শান্তি ওম’ৰ পৰা হলিউডলৈ…’! জানক দীপিকা পাডুকনৰ কেৰিয়াৰ আৰু বিতৰ্কৰ সবিশেষ….
Happy Birthday Deepika Padukone: ৫ জানুৱাৰীত অৰ্থাৎ আজি ৩৯তম জন্মদিন উদযাপন কৰিছে মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। অৱশ্যে, এইবছৰ অভিনেত্ৰীগৰাকীৰ বিশেষ দিনটো আৰু অধিক বিশেষ হ'ব। কিয়নো এইবাৰৰ জন্মদিনতো অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰলৈ মাতৃ হিচাপে উদযাপন কৰিব।
দীপিকা পাডুকনে সদায় অভিনয়ৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। বলীউডৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে কৃতিত্ব অৰ্জন কৰা দীপিকাই আজি অৰ্থাৎ ৫ জানুৱাৰীত ৩৯তম জন্মদিন উদযাপন কৰিছে। এই বিশেষ দিনটোত অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ বলীউডৰ পৰা হলিউডলৈকে তেওঁৰ অভিনয়ৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছে। অৱশ্যে, অভিনেত্ৰীগৰাকীৰ নাম বহুতো বিতৰ্কৰ সৈতেও জড়িত।
দীপিকাই তেওঁৰ মহাবিদ্যালয়ত অধ্যায়ন কৰি থকা সময়তে মডেলিঙত নিজৰ কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লৈছিল। তেওঁ এই ক্ষেত্ৰত যথেষ্ট সফল হৈছে। মডেলিং জগতত সুনাম অৰ্জন কৰি বহু ডাঙৰ ব্ৰেণ্ডৰ সৈতে কাম কৰাৰ পিছত, তেওঁ প্ৰথমে হিমেশ ৰেশমিয়াৰ এলবাম ‘আপ কা সুৰুৰ’ৰ এটা ভিডিঅ’ত দেখা গৈছিল। তাৰ পাছত দীপিকাই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। সেই সময়ত তেওঁ কানাড়া চলচ্চিত্ৰ ঐশ্বৰ্যত অভিনয় কৰিছিল। চলচ্চিত্ৰখন ২০০৬ চনত মুক্তি লাভ কৰিছিল। পৰৱৰ্তী বছৰত তেওঁ শ্বাহৰুখ খানৰ সৈতে ‘ওম শান্তি ওম’ত কৰা অভিনয় দৰ্শকে যথেষ্ট ভাল পাইছিল।
ফটোশ্বুটক লৈ বিতৰ্ক
দীপিকাই চলচ্চিত্ৰ জগতত এক ডাঙৰ নাম গঢ়ি তুলিছে। তেওঁৰ শ্ৰেষ্ঠ চলচ্চিত্ৰবোৰৰ ভিতৰত আছে ছপাক, পদ্মাৱত, পিকু, বাজিৰাও মস্তানি আৰু বহুতো নাম। অৱশ্যে, এই সকলোবোৰৰ ভিতৰত, অভিনেত্ৰীগৰাকীৰ নাম বহুতো বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছিল। যাৰ ভিতৰত কিছুমান বিতৰ্ক যথেষ্ট বিখ্যাত হৈ পৰে। ইয়াৰে এটা বিতৰ্ক অভিনেত্ৰীগৰাকীৰ ফটোশ্বুটৰ সৈতে সম্পৰ্কিত। দৰাচলতে ২০১৪ চনত, দীপিকাই ভোগ ইণ্ডিয়া আলোচনীখনৰ বাবে ফটোশ্বুট কৰিছিল। য’ত তেওঁ কম কাটৰ পোছাক পিন্ধি আছিল। তেওঁৰ এই ছবিখন চোৱাৰ পিছত, মানুহে তেওঁৰ পোছকাক লৈ নিজক প্ৰমোচন কৰা বুলি বৰ্ণনা কৰিছিল। যদিও কিছুমানে তেওঁক সমৰ্থন কৰিছিল।
পদ্মাৱতৰ সময়ত পোৱা ভাবুকি
এই বিতৰ্কৰ পৰৱৰ্তী বছৰতে, অভিনেত্ৰীগৰাকীক ভোগ ইণ্ডিয়া আলোচনীখনৰ এটা ভিডিঅ’ত দেখা গৈছিল। যিয়ে তেওঁৰ বাবে আন এক বিতৰ্কৰ মাজলৈ লৈ গৈছিল। এই ভিডিঅ’টোত বহুতো মহিলা জড়িত আছিল আৰু যাৰ শিৰোনাম আছিল মাই চইচ। অভিনেত্ৰীগৰাকীয়ে এই ভিডিঅ’টোত কৈছিল যে মই ভাবো মহিলাসকলৰ বাবে তেওঁলোকৰ নিজৰ বাবে পচন্দ কৰাৰ স্বাধীনতা থকাটো অতি গুৰুত্বপূৰ্ণ। মই নাভাবো যে সন্তান জন্ম দিব বিচৰা বা সন্তান জন্ম দিব নিবিচৰাত কিবা ভুল আছে। নিজৰ বাবে কি সঠিক সেয়া বাছনি কৰাটো প্ৰতিগৰাকী মহিলাৰ ওপৰত নিৰ্ভৰ কৰে। ২০১৮ চনত, দীপিকাৰ ছবি পদ্মাৱতক লৈ যথেষ্ট বিতৰ্ক হৈছিল, আনকি ছবিখনৰ অভিনেতাসকলক মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়া হৈছিল।
শিক্ষাৰ্থীসকলক সমৰ্থন
২০২০ চনত,দীপিকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিবাদৰ অংশ হৈ পৰিছিল। যাৰ বাবে মানুহে তেওঁক যথেষ্ট সমালোচনা কৰিছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিনেত্ৰীগৰাকীয়ে কয়, “মই বিশ্বাস কৰোঁ যে প্ৰতিজন ব্যক্তিৰ প্ৰতিবাদ কৰাৰ আৰু মুক্তভাৱে তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ আছে। ইয়াৰ লগতে, কিছুমান লোকে তেওঁ মানসিক স্বাস্থ্যৰ বিষয়ে কোৱা কথাক লৈ আলোচনা কৰিছিল।