প্ৰায় ৫০ বৰ্ষৰ পিছত ভাইৰেল শ্বোলেৰ ডিলিট হোৱা দৃশ্যঃ চাওক এই ভাইৰেল দৃশ্য
মুক্তিৰ ৪৯ বছৰ পিছতো শ্বোলেই ছবি জগতৰ লগতে চিনেপ্ৰিয় লোকসকলৰ আলোচনাত স্থান লাভ কৰি আহিছে। শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে এই বিখ্যাত ছবিখন। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে শ্বোলেৰ এটা দৃশ্যৰ ফটো। এই দৃশ্যটো ‘শ্বোলে’ৰ পৰা ডিলিট কৰা হৈছিল বুলি কোৱা হৈছে।
বলীউডৰ চিৰসেউজ চিনেমাৰ তালিকাত হয়তো প্ৰথমৰ ফালেই থাকিব শ্বোলেৰ নাম। ১৯৭৫ চনত মুক্তি লাভ কৰা এই ক্লাছিক ছবিখনত অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। বলীউডৰ এই বিখ্যাত ছবিখনৰ চিত্ৰনাট্য লিখিছিল চেলিম-জাভেদ যুটিয়ে। ‘শ্বোলে’ৰ শ্বুটিঙৰ সময়ৰ বহু কাহিনী চিনে জগতত চৰ্চিত হৈ আহিছে। আনকি এই ছবিখনৰ এটা দৃশ্যত ধৰ্মেন্দ্ৰই প্ৰকৃত বন্দুক ব্যৱহাৰ কৰা বুলিও কাহিনী প্ৰকাশ পাইছিল।
মুক্তিৰ ৪৯ বছৰ পিছতো শ্বোলেই ছবি জগতৰ লগতে চিনেপ্ৰিয় লোকসকলৰ আলোচনাত স্থান লাভ কৰি আহিছে। শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে এই বিখ্যাত ছবিখন। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে শ্বোলেৰ এটা দৃশ্যৰ ফটো। এই দৃশ্যটো ‘শ্বোলে’ৰ পৰা ডিলিট কৰা হৈছিল বুলি কোৱা হৈছে। ভাইৰেল ফটোখনত ছবিৰ ঐতিহাসিক খলনায়ক চৰিত্ৰ গব্বৰক বিশেষ ভংগীমাত দেখিবলৈ পোৱা গৈছে।
শ্বোলেৰ মূল খলনায়কৰ চৰিত্ৰ গব্বৰ ভাৰতীয় ছবিজগতৰ এক ঐতিহাসিক চৰিত্ৰ ৰূপে পৰিগণিত হৈছে। এই বিখ্যাত চৰিত্ৰটোত অভিনয় কৰিছিল আমজাদ খানে। ছবিখনত গব্বৰৰ চৰিত্ৰটো ইমানেই বিপদজনকভাৱে দেখুওৱা হৈছে যে ইয়াৰ বহু দৃশ্যও কাটি পেলোৱা হৈছিল। শেহতীয়াকৈ ছবিখনৰ ডিলিট কৰা দৃশ্যটোৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, এই ভাইৰেল দৃশ্যটোত গব্বৰে এজন লোকক মাটিত পেলাই ধৰি থকা দেখা গৈছে।
View this post on Instagram
কিন্তু ছবিখন মুক্তিৰ সময়ত এই দৃশ্য প্ৰত্যক্ষ কৰি চেন্সৰ ব’ৰ্ডে দৃশ্যটো ডিলিট কৰিবলৈ নিৰ্দেশ দিয়ে। এই দৃশ্যত অত্যধিক হিংসা দেখুওৱা হৈছে বুলি চেন্সৰ ব’ৰ্ডে জানিবলৈ দিয়ে। ছবিখনৰ এই ডিলিট কৰা দৃশ্যটো অল্ড ইজ গোল্ড নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে। শচীন পিলগাঁওকাৰ আৰু আমজাদ খান অভিনীত এই দৃশ্যৰ ফটোখনত আমজাদ খানে শচীনৰ চুলি নিৰ্মমভাৱে টানি থকা দেখা গৈছে। সমীপতে থিয় হৈ আছে গব্বৰৰ দলৰ কিছু ডকাইত।
এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত বহু লোকে সকলো ডিলিট কৰা দৃশ্যৰ অন্তৰ্ভুক্তিৰে ছবিখন পুনৰ মুক্তি দিব লাগে বুলি মন্তব্য কৰিছে। ৰমেশ চিপ্পীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত গব্বৰৰ চৰিত্ৰৰ বাবে প্ৰথমে ডেনীৰ নাম নিৰ্বাচন কৰা হৈছিল। কিন্তু ব্যস্ততাৰ বাবে ডেনীয়ে এই চৰিত্ৰত অভিনয় কৰিব নোৱাৰিলে। ইয়াৰ পিছতে চৰিত্ৰটোত অভিনয়ৰ সুযোগ লাভ কৰিছিল আমজাদ খানে।