‘গোপী বহু’খ্যাত দেৱলীনা ভট্টাচাৰ্যৰ জীৱনলৈ নতুন সদস্যৰ আগমন, ছ’চিয়েল মিডিয়াযোগে দিলে ভাল খবৰটো!

'গোপী বহু'খ্যাত দেৱলীনা ভট্টাচাৰ্যৰ জীৱনলৈ আহিল নতুন সদস্য। সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰি অনুৰাগীসকলক ভাল খবৰটো দিলে দেৱলীনাই। এটি সন্তানৰ মাতৃ হ'ল জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা। ১৫ আগষ্টত সামাজিক মাধ্যমত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

গোপী বহুখ্যাত দেৱলীনা ভট্টাচাৰ্যৰ জীৱনলৈ নতুন সদস্যৰ আগমন, ছচিয়েল মিডিয়াযোগে দিলে ভাল খবৰটো!

'গোপী বহু'খ্যাত দেৱলীনা ভট্টাচাৰ্যৰ জীৱনলৈ আহিল নতুন সদস্য

Updated On: 

19 Dec 2024 14:11 PM

দীৰ্ঘদিন ধৰি  গৰ্ভধাৰণক লৈ  চৰ্চাত আছিল ‘গোপী বহু’খ্যাত দেৱলীনা ভট্টাচাৰ্য । অভিনেত্ৰীগৰাকীয়ে স্বামী শ্বাহনাৱাজৰ সৈতে তেওঁৰ জন্মদিনৰ ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ বেবী বাম্প দেখা গৈছিল। দেৱলীনাৰ পুত্ৰ নে কন্যা হ’ব তাক লৈ অনুৰাগীসকল অতি উৎসাহিত হৈ আছিল।  এতিয়া অনুৰাগীসকলৰ এই অপেক্ষা অন্ত পেলাই দেৱলীনাই সকলো দিলে বিশেষ খবৰটো। এটি পুত্ৰ সন্তান জন্ম দিছে অসমৰ দেৱলীনাই।

দেৱলীনা আৰু শ্বাহনাৱাজে তেওঁলোকৰ সকলো অনুৰাগীক এই ভাল খবৰটো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে। শ্বেয়াৰ কৰা পোষ্টটোত, নতুন অভিভাৱকযুটিয়ে তেওঁলোকৰ সুখ প্ৰকাশ কৰিছে। দম্পতীৰ এই খবৰে অনুৰাগীসকলক যথেষ্ট  সুখী তুলিছে। সকলোৱে সামাজিক মাধ্যমযোগে দেৱলীনা আৰু শ্বাহনাৱাজক শুভেচ্ছা জনোৱাৰ লগতে  শিশুটিক মৰম, আশীৰ্বাদ প্ৰদান কৰা দেখা গৈছে।

দেৱলীনাই ছ’চিয়েল মিডিয়াযোগে ভাল খবৰটো দিছে

দেৱলীনা ভট্টাচাৰ্যই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা সৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকী এটি পুত্ৰ জন্মৰ হোৱাৰ কথা জনাইছে। অভিনেত্ৰীগৰাকীৰ পোষ্টটোত লিখিছে, “আমি আমাৰ এই সৰু সুখৰ খবৰটো প্ৰকাশ কৰিবলৈ অতি উৎসাহিত। এই পৃথিৱীলৈ  আমাৰ এটি পুত্ৰ আগমন ঘটিছে, ১৮-১২-২০২৪। বুধবাৰে এটি পুত্ৰ সন্তানৰ মাতৃ-পিতৃ হোৱা গৌৰৱ অৰ্জন কৰিছে দেৱলীনা আৰু শ্বাহনাজে।  কিন্তু তেওঁলোকে আজি অনুৰাগীসকলৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰিছে। দেৱলীনাৰ মাতৃ হোৱাৰ খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলৰ লগতে চেলিব্ৰিটিসকলেও তেওঁক অভিনন্দন জনাইছে।

২০২২ চনত বিবাহপাশত আৱদ্ধ হৈছিল

দেৱলীনা ভট্টাচাৰ্যই ২০২২ চনত তেওঁৰ প্ৰেমিক আৰু জিম প্ৰশিক্ষক শ্বাহনাৱাজ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দেৱলীনা হিন্দু আৰু শ্বাহনাৱাজ মুছলমান ধৰ্মৰ। দুয়োজনে ক’ৰ্ট মেৰেজ কৰাৰ সিদ্ধান্ত লৈছিল। এই বিবাহৰ বাবে সামাজিক মাধ্যমত দেৱলীনাক যথেষ্ট ট্ৰ’ল কৰা হৈছিল।

শীতকালত চুলি ধোৱাৰ সময়ত মনত ৰাখিব এইবোৰ কথা...
শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...