নিউয়ৰ্কত গোপনে বিয়া হৈছিল শ্বাহৰুখ আৰু কাজলৰ ! টেক্সি চালকৰ কেমেৰাত বন্দী সমগ্ৰ দৃশ্য…
বলিউড অনুৰাগীৰ মাজত আকৌ তেওঁলোকৰ এটা কাহিনীয়ে চৰ্চা লাভ কৰিবলৈ ধৰিছে । কোৱা হৈছে শ্বাহৰুখ আৰু কাজলে বিদেশত গোপনে পাতিছিল বিয়া ! কথাবোৰ সাধু সাধু লাগিলেও ইয়াৰ মাজতে এই কাহিনীয়ে চিন্তাৰ খোৰাক যোগাব আপোনাৰ মনত ।

শ্বাহৰুখ খান আৰু কাজলে নিউয়ৰ্কত মনে মনে বিবাহপাশত আবদ্ধ হৈছিল নেকি ? বলিউড অনুৰাগীৰ মাজত আকৌ তেওঁলোকৰ এটা কাহিনীয়ে চৰ্চা লাভ কৰিবলৈ ধৰিছে । কোৱা হৈছে শ্বাহৰুখ আৰু কাজলে বিদেশত গোপনে পাতিছিল বিয়া ! কথাবোৰ সাধু সাধু লাগিলেও ইয়াৰ মাজতে এই কাহিনীয়ে চিন্তাৰ খোৰাক যোগাব আপোনাৰ মনত ।
বক্স অফিচত ছুপাৰহিট হোৱাৰ পাছত কাজল আৰু শ্বাহৰুখৰ বাস্তৱ জীৱনৰ প্ৰেমৰ উৰাবাতৰি বলীউডত চৰ্চালৈ পৰিণত হয়। বহুতে আনকি ভাবিছিল যে, শ্বাহৰুখে পত্নী গৌৰীক এৰি কাজলৰ সৈতে সম্পৰ্ক স্থাপন কৰিব । কোৱা হৈছিল যে, কাজলৰ প্ৰতি থকা প্ৰেমে শ্বাহৰুখ আৰু গৌৰিৰ মাজত ব্যৱধান বাঢ়িবলৈ ধৰিছে । একে সময় এই চৰ্চাই চিন্তাত পেলাইছিল কাজলৰ স্বামী অভিনেতা অজয় দেৱগনক । কোৱা হয় যে, এনেবোৰ কথাৰ বাবে শ্বাহৰুখৰ সৈতে দূৰত্ব বৃদ্ধি কৰিছিল কাজলে । এয়া কেৱল চৰ্চাহে ।
এতিয়া আহোঁ মূল কথালৈ । ২০১০ চনত কৰণ জোহৰৰ “মাই নেম ইজ খান” ছবিত পুনৰ একত্ৰিত হৈছিল কাজল আৰু শ্বাহৰুখ। আৰু সেই সময়তে এই বহু চৰ্চিত গোপন বিবাহখন হৈছিল। এই ছবিখনৰ শ্বুটিংৰ সময়ত এটা ভিডিঅ’ ভাইৰেল হৈছিল। য’ত শ্বাহৰুখ আৰু কাজলক নিউয়ৰ্কৰ ৰাজপথত কেবত উঠি যোৱা দেখা যায়।
টেক্সি চালকজনে শ্বাহৰুখ আৰু কাজলক চিনি পাইছিল । তেওঁ স্পষ্টকৈ কয় যে, “আপোনালোক দেখিলে বিয়া হোৱা যেন লাগিছে!” শ্বাহৰুখে হাঁহি এটা মাৰি ধেমেলীয়া সুৰে টেক্সি চালকজনক ক’লে, “মনে মনে থাকক, কাকো নক’বা। কোনেও নজনাকৈ মনে মনে বিয়া কৰাইছোঁ ।” এই কথা শুনি শ্বাহৰুখ আৰু কাজলে হাঁহিলে। এই সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী কৰিছিল টেক্সি চালকজনে।