বলীউডৰ আটাইতকৈ ব্যয়বহুল ডিভ’ৰ্ছ, হৃতিকৰ পৰা কিমান টকা দাবী কৰিছিল প্ৰাক্তন পত্নীয়ে?
Hrithik Roshan: ২০১৪ চনৰ ১ নৱেম্বৰত হঠাতে হৃতিক ৰোশন আৰু চুজেন খানৰ বিচ্ছেদ ঘটে। জনা যায় যে হৃতিক বিবাহ বহিৰ্ভূত কামত জড়িত আছিল। আৰু সেইবাবেই সি লাহে লাহে চুজেনৰ পৰা আঁতৰি আহিছিল। দুয়োৰে সন্মতি সাপেক্ষে পৃথক হ’লেও চুজেনে নিজৰ অধিকাৰ এৰি দিয়া নাছিল। তেওঁ হৃতিকক পৰা বিপুল পৰিমাণৰ ধন দাবী কৰিছিল।

হৃতিক-চুজেন
বলীউড জগতত বহু প্ৰেম কাহিনীৰ সৃষ্টি হৈছে। কিছুমান এনে প্ৰেম কাহিনী আছে যিবোৰে মন চুই যায় । আনহাতে এনে কিছুমান কাহিনী আছে যিবোৰৰ অস্তিত্ব হয়তো এতিয়া নাই, কিন্তু এই সম্পৰ্কবোৰত মধুৰতা এতিয়াও আছে। হৃতিক-চুজেনৰ সম্পৰ্কও সেই ইয়াৰ ভিতৰত এটা। দুয়োৰে বিচ্ছেদ হোৱাৰ বহু সময় হ’ল। কিন্তু ইয়াৰ পিছতো বহু সময়ত দুয়োকে ভাল বন্ধুৰ দৰে একেলগে দেখা গৈছে। ইয়াৰ উপৰিও দুয়োজনে একেলগে নিজৰ সন্তানক চোৱা-চিতা কৰে।
তেওঁলোকৰ প্ৰেম আছিল সাধুকথাৰ দৰে। আচলতে চুজেন প্ৰথমবাৰৰ বাবে ট্ৰেফিক চিগনেলত হৃতিক ৰোশনক দেখিছিল। তেতিয়া তেওঁ হৃতিকক চিনি পোৱা নাছিল। কিন্তু চুজেন প্ৰথম দৃষ্টিতে হৃতিকক ভাল লাগিছিল। মানে দেখাতহে ভাল লাগিছিল। চুজেন মতে, তেওঁ লছ এঞ্জেলছৰ পৰা আহিছিল আৰু ভাৰতীয় ছবিৰ বিষয়ে তেওঁৰ বিশেষ জ্ঞান নাছিল। সেই সময়ত হৃতিক ছুপাৰষ্টাৰ হোৱা নাছিল। সেইবাবেই চুছানৰ কোনো ধাৰণা নাছিল হৃতিক কোন। ছবিৰ প্ৰতিও তেওঁৰ ইমান আগ্ৰহ নাছিল। কিন্তু লাহে লাহে কথাবোৰ সলনি হ’ল আৰু তেওঁ ছবিৰ প্ৰতি আগ্ৰহী হৈ পৰিল। সেই সময়ছোৱাত তেওঁ আকৌ লাহে লাহে হৃতিকৰ ওচৰ চাপি আহিল।
কিন্তু সেই প্ৰেমৰ পৰিণতি সুখৰ নাছিল। ২০০০ চনৰ ২০ ডিচেম্বৰত দুয়ো বিবাহপাশত আবদ্ধ হ’লেও ২০১৪ চনৰ ১ নৱেম্বৰত হঠাতে হৃতিক ৰোশন আৰু চুজেন খানৰ বিচ্ছেদ ঘটে। জনা যায় যে হৃতিক বিবাহ বহিৰ্ভূত কামত জড়িত আছিল। আৰু সেইবাবেই সি লাহে লাহে চুজেনৰ পৰা আঁতৰি আহিছিল। দুয়োৰে সন্মতি সাপেক্ষে পৃথক হ’লেও চুজেনে নিজৰ অধিকাৰ এৰি দিয়া নাছিল। তেওঁ হৃতিকক পৰা বিপুল পৰিমাণৰ ধন দাবী কৰিছিল।
শুনা মতে তেওঁ সন্তানৰ যত্নৰ বাবে ৪০০ কোটি টকা বিচাৰিছিল। কিন্তু হৃতিক ইমান টকা নিদিলে। সূত্ৰ অনুসৰি শেষত তেওঁলোক ৩৮০ কোটি টকাত সন্মত হয়। চুজেনে সেই টকা হৃতিক পৰা সংগ্ৰহ কৰিছিল। অৱশ্যে পইচা লোৱাৰ পাছত তেওঁলোকৰ সম্পৰ্ক ইয়াতে শেষ হোৱা নাছিল। দুয়োৰে মাজত বিচ্ছেদ ঘটিলেও এতিয়াও আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক। দুয়ো একেলগে দুয়োটা সন্তানক ডাঙৰ-দীঘল কৰিছে। অৱশ্যে ব্যক্তিগত জীৱনত দুয়োৱে আন দুজন মানুহক বাছি লৈছে।
সম্প্ৰতি ছাবা আজাদৰ সৈতে সম্পৰ্কত আছে হৃতিক ৰোশন। আনহাতে, প্ৰাক্তন পত্নীয়েও নতুন পথত খোজ দিছে। অভিনেতা আলী গনীৰ জ্যেষ্ঠ ভাতৃ আৰ্ছালান গনিৰ সৈতে আছে তেওঁৰ সম্পৰ্ক। শেহতীয়াকৈ হৃতিক-ছাবা, চুজেন-আৰ্ছালান একেলগে ভ্ৰমণলৈ গৈছিল।