শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজেশ খান্নাৰ অত্যাচাৰ সহিব নোৱাৰি কাষ চাপিছিল ছানী দেউলৰ! তাৰ পাছত এদিন শোৱনিকোঠাত…

বলীউডত বিভিন্ন সময়ত বিভিন্ন খবৰ পাকঘূৰণি খাই ঘূৰি ফুৰে। তেনে এক খবৰ হ'ল ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ প্ৰেম। দাবী অনুসৰি ৰাজেশ খান্নাৰ অত্যাচাৰৰ পাছত ডিম্পল কাষ চাপিছিল ছানী দেউলৰ।

ৰাজেশ খান্নাৰ অত্যাচাৰ সহিব নোৱাৰি কাষ চাপিছিল ছানী দেউলৰ! তাৰ পাছত এদিন শোৱনিকোঠাত…
ৰাজেশ খান্না,ডিম্পল , ছানীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 17 Mar 2025 14:10 PM

যদি কোনোৱে তোমাক প্ৰকৃত অৰ্থত ভাল পাই তেন্তে স্বাধীনতা দিব। সঁচা ভালপোৱাক সম্পৰ্ক জোৰকৈ বান্ধি ৰখাৰ প্ৰয়োজন নাই। সম্পৰ্কবোৰ বালিৰ দৰে, যিমানেই মুঠিৰ মাজত আৱদ্ধ কৰি ৰখাৰ চেষ্টা কৰা হয় সিমানেই হাতৰ পৰা সেয়া ওলাই আছে।  প্ৰেমত কোনো বান্ধোন, সীমা নাই। ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ মাজত থকা প্ৰেমো ঠিক তেনেকুৱাই। গোটেই জীৱন তেওঁলোকে দূৰে দূৰে থাকিল, কিন্তু দুয়ো আজিও আছে মনৰ নিচেই ওচৰত। অতি গোপনে!

সময় আছিল আশীৰ দশক। হঠাৎ ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ প্ৰেমৰ খবৰ সমগ্ৰ বলীউডতে বিয়পি পৰে। দাবী অনুসৰি, ১৯৮৪ চনত মুক্তি পোৱা ‘মঞ্জিল মঞ্জিল’ ছবিৰ পিছতেই ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছিল আৰু  শ্বুটিঙৰ মাজত আৰম্ভণি হৈছিল প্ৰেমৰ। অৱশ্যে সেই সময়ত ডিম্পল ৰাজেশ খান্নাৰ পত্নী আছিল।

সেই সময়ৰ চৰ্চা অনুসৰি ৰাজেশ খান্নাৰ সৈতে ডিম্পলৰ সম্পৰ্ক ভাল নাছিল। ৰাজেশ খান্নাই পত্নী ডিম্পলক সন্মান কৰা নাছিল আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল। ৰাজেশ খান্নাই বিচাৰিছিল ডিম্পল কাপাডিয়াই অভিনয় বাদ দিয়াটো। ডিম্পলে বিয়াৰ পাছত অলপ সময়ৰ বাবে অভিনয় জগতৰ পৰা দূৰত থাকিলেও পৰৱৰ্তী সময়ত তেওঁ পুনৰ চিনেমা জগতলৈ ঘূৰি আহিছিল আৰু  সেই সময়ত তেওঁৰ আপোনা মানুহ আছিল ছানী দেউল।

আশীৰ দশকৰ শেষৰ ফালে এক বিশেষ বাতৰিয়ে শিৰোনাম দখল কৰিছিল। খবৰ অনুসৰি ডিম্পলে ৰাজেশৰ পৰিয়াল এৰি ছানীৰ লগত থকাৰ পৰিকল্পনা কৰিছে। আনকি ডিম্পলে ৰাজেশৰ ঘৰৰ পৰা ওলাই যোৱাৰ বাবেও সাজু হৈছে।

বিভিন্ন মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাজেশে পত্নী ডিম্পল আৰু ছানী দেউলৰ পৰিকল্পনাৰ কথা গম পাইছিল। ইয়াকে লৈ এদিন নিশা ৰাজেশ আৰু ডিম্পলৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। পৰৱৰ্তী  সময়ত ডিম্পলে বেগ পেক কৰি ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু সেই নিশা তেওঁ ঘৰৰ পৰা ওলাই ছানীৰ ঘৰলৈ গৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।

কিন্তু ইমানৰ পাছতো ছানী আৰু ডিম্পলে বিয়াৰ সাহস গোটাব নোৱাৰিলে। ডিম্পলে ৰাজেশক এৰি দিয়ে। ইয়াৰ বিপৰীতে ছানী দেউল অন্য যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় কিন্তু ডিম্পলক পাহৰিব নোৱাৰিলে।

২০১৭ চনত ছানী আৰু ডিম্পলৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। য’ত ছানি আৰু ডিম্পলক বিদেশত হাতে হাত ধৰি বহি থকা দেখা গৈছিল। এক সাক্ষাৎকাৰত অমৃতা সিঙে কৈছিল যে ছানীয়ে ডিম্পলক বহুত ভাল পাইছিল। কিন্তু তেওঁ কেতিয়াও বিয়া পাতিবলৈ সাহস নাছিল। দুয়োজনে নিজৰ প্ৰেম সদায় গোপনে ৰাখি আহিছে।