শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পিছৰ বেঞ্চত বহা ডিম্পু এতিয়া অসমৰ শীৰ্ষত! জনপ্ৰিয় ইউটিউবাৰগৰাকীৰ কেইটামান অচিনাকী দিশ…

Dimpu baruah: অসমৰ এটি অতি পৰিচিত নাম ডিম্পু বৰুৱা। নলবাৰীত জন্মগ্ৰহণ কৰা ডিম্পুক দেশ-বিদেশৰ বহুলোকে চিনি পায়। কিন্তু আপুনি জানেনে ডিম্পুৰ স্কুলীয়া জীৱনৰ কথা? এই লেখাটোত ডিম্পুৰ কেইটামান নজনা পৃষ্ঠা উল্লেখ কৰা হ'ল-

পিছৰ বেঞ্চত বহা ডিম্পু এতিয়া অসমৰ শীৰ্ষত! জনপ্ৰিয় ইউটিউবাৰগৰাকীৰ কেইটামান অচিনাকী দিশ…
ডিম্পু বৰুৱাImage Credit source: Facebook (Dimpu baruah)
barasha-sarma
Barasha Sarma | Published: 21 Feb 2025 18:55 PM

হেই দোস্তো! অসমৰ হয়তো বহু কমলোক আছে যিয়ে এই বাক্যশাৰীৰ সৈতে চিনাকী চিনাকী লগা মানুহজনক নাজানে! বিশেষ কথনশৈলী, ব্যতিক্ৰমী প্ৰকাংশ ভংগী, তথ্যনিষ্ঠ বিষয়বস্তু উপস্থাপনৰ ধাৰণা আদিৰ বাবে অসমৰ প্ৰায় সকলোৰে চিনাকী এখন মুখ ডিম্পু বৰুৱা (Dimpu Baruah) ।

বৰ্তমান ছ’চিয়েল মিডিয়াৰ যুগ। পুৱা শুই উঠাৰ পৰা নিশা বিচনালৈ যোৱালৈকে বিভিন্নজনে কোনো এটা বিষয়ৰ ওপৰত ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত পোষ্ট কৰে। কেতিয়াবা সেই ভিডিঅ’ কোনো ভ্ৰমণৰ ওপৰত হ’ব পাৰে, কেতিয়াবা খাদ্য, কেতিয়াবা খেল, নৃত্য, গীত আদিৰ হ’ব পাৰে। বৰ্তমান সময়ত টকা উপাৰ্জনৰ অন্যতম এক বাট হৈছে সামাজিক মাধ্যম। ভিউজৰ ওপৰত ভিত্তি কৰি চলা এই মাধ্যমৰ বাবে মানুহে আজিকালিৰ দিনত টকা উপাৰ্জনৰ লগতে লাভ কৰে জনপ্ৰিয়তা তথা সফলতা।

অৱশ্যে সামাজিক মাধ্যমৰ ভাল আৰু বেয়া দিশ দুয়োটাই আছে। কিছুমানে যদি ভাল ভিডিঅ’ অৰ্থাৎ বিষয়বস্তু যুক্ত ভিডিঅ’ প্ৰস্তুত কৰি টকা ঘটিছে আন কিছুমানে আকৌ ইয়াৰ বাবে বাছি লৈছে কিছুমান ব্যক্তিক্ৰমী পন্থা। আজিকালি প্ৰায়ে সামাজিক মাধ্যমত সমাজৰ অৰুচিসম্পন্ন কিছুমান ভিডিঅ’ ভাইৰেল হোৱা দেখা যায়। যি সমাজ তথা ব্যক্তিৰ মংগলৰ বাবে বুলি ক’ব নোৱাৰি।

কিন্তু ডিম্পু ব্যতিক্ৰম! একাংশৰ দৰে সহজ পথ বাচনি নকৰি ডিম্পুই সমাজৰ লগত খোজ মিলাই, সততা ৰাখি ইউটিউবৰ জগতখনত আগুৱাই যাব বিচাৰে। সেয়ে হয়তো আপুনি ডিম্পুৰ ভিডিঅ’ত বিচাৰি পাব তথ্য সমৃদ্ধ বিষয়বস্তু। ডিম্পুৰ ভিডিঅ’ত দেখা পোৱা যায় বিশ্বৰ বিভিন্ন ঠাই, অসমৰ কৃষ্টি সংস্কৃতি, ৰাজনীতি আৰু জীৱন তথা সমাজৰ কিছুমান ধুনীয়া দিশ।

ডিম্পু নলবাৰীৰ বাসিন্দা। স্কুলীয়া জীৱনৰ কেইটামান সময় তেওঁ নলবাৰীৰ মাজ মজিয়াত থকা দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। দেবীৰাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিম্পু বৰুৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ইংৰাজী বিষয়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ডিম্পুই D.El.Ed.-ও সম্পন্ন কৰে।

ডিম্পুৰ স্কুলীয়া জীৱন কেনেকুৱা আছিল, তেওঁ কি কি কৰিছিল আদিৰ বিষয়ে জানিবলৈ আমি দেৱীৰাম পাঠশালা উঃমাঃ বিদ্যালয়ৰ শিক্ষক প্ৰণৱজ্যোতি চক্ৰৱৰ্তীৰ সৈতে কথা পাতিছিলো। এই শিক্ষকগৰাকীয়ে লুটিয়াই গৈছিল ডিম্পুৰ স্কুলীয়া জীৱনৰ কেইটামান বিশেষ পৃষ্ঠা। ডিম্পু সন্দৰ্ভত আমি সোধা প্ৰশ্ন আৰু শিক্ষকগৰাকীৰ উত্তৰ তলত আগবঢ়োৱা হ’ল

) ছাত্ৰ হিচাপে ডিম্পু বৰুৱা কেনে আছিল?

ডিম্পু বৰুৱা আমাৰ বিদ্যালয়ৰ ছাত্ৰ আছিল। স্কুলীয়াকালত ডিম্পু এজন মধ্যমীয়া ছাত্ৰ আছিল। কিন্তু সৰুৰে পৰা স্মাৰ্ট আছিল। কিবা সুধিলে যিভাৱে তেওঁ কথাতো উপস্থানপ কৰিছিল সেই শৈলী ভাল আছিল। আমি কিবা প্ৰশ্ন কৰিলে তেওঁ যেনেকৈ উত্তৰ দিছিল বা তেওঁৰ যি প্ৰকাশ ভংগী আছিল আমি তেতিয়াই অনুভৱ কৰিছিলো যে ডিম্পু সাংস্কৃতিত জগত বা অভিনয় জগতত যাব।

)ডিম্পু দুষ্ট আছিল নেকি?

স্কুলত কিছুমান বহু দুষ্ট ছাত্ৰছাত্ৰী থাকে। কিন্তু ডিম্পুৰ তেনে কোনো দুষ্টামি মনত নপৰে। উৎপতীয়া আছিল অলপ চলপ কিন্তু ডিম্পুৰ তেনো কোনো স্মৃতি মনত নাই। স্বভাৱপ্ৰকৃতি আদিৰ পৰা ডিম্পু এজন ভাল ছাত্ৰ আছিল। তেওঁ প্ৰায়ে খুহুতীয়া কথা কৈছিল। কেতিয়াবা কিবা সুধিলে খুহুতীয়াকৈ আৰম্ভ কৰি কথাৰ উত্তৰ দিছিল।

) কেতিয়াবা ডিম্পুক কোবাইছিল নে?

মাজে সময়ে একদুই কোব দিছিল। তেওঁ প্ৰায়ে পিছৰ বেঞ্চত বহিছিল। ল’ৰাবোৰে পিছপিনে বহি প্ৰায়ে দুষ্টামি কৰি থাকে বা পঢ়াত মনোযোগ নিদিয়ে যাৰ বাবে তেওঁলোকক আগৰ বেঞ্চলৈ উঠাই অনা হয়। ডিম্পু প্ৰায়ে পিছৰ বেঞ্চত বহিছিল আৰু সেয়ে তেওঁক আগৰ বেঞ্চলৈ উঠাই আনিছিলো।

)ভাবিছিল নে কেতিয়াবা ইমান সফলতা লাভ কৰিব?

তেতিয়া ইউটিবৰ জনপ্ৰিয়তা নাছিল। কিন্তু আমি বিচাৰো আমাৰ প্ৰতিগৰাকী ছাত্ৰছাত্ৰীয়ে জীৱনত আগবাঢ়ি যাওক। আৰু ডিম্পুৰ কথা কোৱাৰ ভংগী, চকুৰ উজ্বলতা সেয়া দেখি আমি অনুভৱ কৰিছিলো যে ডিম্পুই সাংস্কৃতিক জগতত কিবা এটা কৰিব পাৰিব। আমি বিচাৰিছিলো ডিম্পুৱে ভাল কিবা এটা কৰকয

) ডিম্পুৰ সফলতা দেখি এতিয়া কেনে লাগে?

মই প্ৰায় ৩১ বছৰ শিক্ষকতা কৰিলো। এই সময়চোৱাত মই হাজাৰ হাজাৰ ছাত্ৰছাত্ৰী লগ পাইছো। বহুতে আজি দেশবিদেশত চাকৰি কৰি আছে। যেতিয়া ডিম্পুক দেখো মনটো ভাল লাগে যে তেওঁ আমাৰ ছাত্ৰ আছিল। পৃথিৱীৰ বিভিন্ন ঠাইত ডিম্পু ঘূৰি ফুৰে, বিশেষকৈ আমাৰ কথিত ভাষাৰে ৰাইজৰ মাজত ইমান ধুনীয়াকৈ বিষয়বোৰ উপস্থাপন কৰে সেয়া দেখি আমি গৌৰৱ অনুভৱ কৰো। আমি ভাবো ডিম্পুৰ দৰে সাহস, একাগ্ৰতা থাকিলে অসমীয়া বহু যুৱকযুৱতী আগুৱাই গৈ বিশ্বৰ দৰবাৰত নাম প্ৰতিষ্ঠা কৰিব পাৰিব। ডিম্পুৰ সাহস, মনোবলক লৈ আমি সদায় গৌৰৱান্বিত।

) কামৰূপীয়া বা কথিত ভাষা ৰাজ্যবাসীৰ আগত চিনাকী কৰি দিয়াত সহায় কৰিছে নেকি?

অসমীয়া ভাষাৰ মৰ্যদা আছে। অসমীয়া সমাজত কামৰূপীয়া ভাষাৰ অৱদান অধিক। যদি আমি আগৰ সাহিত্য, পৌৰাণিক কথা, লিপি আদি চাওঁ তেতিয়া আমি তাত কামৰূপীয়াৰ ৰূপ দেখিবলৈ পাওঁ। কামৰূপীয়া বা নলবাৰী ভাষাক লৈ আমি সদায় গৌৰৱ কৰো। বিশেষকৈ ডিম্পুয়ে নলবাৰীৰ কথিত ভাষাৰ শৈলীৰে যি জনপ্ৰিয়তা অৰ্জন কৰিছে বা যেনেকৈ ভাষাতো ৰাইজক চিনাকী কৰাই দিছে তাক লৈ আমি গৌৰৱান্বিত।

) ডিম্পুৰ বাবে আপুনি কি বিচাৰে?

মই বিচাৰো ডিম্পু আৰু আগবাঢ়ি যাওক। কিছুদিন পূৰ্বে ভাৰতত বহু ইউটিউবাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা দেখা গৈছে, মই বিচাৰো এইবোৰৰ পৰা আঁতৰি ডিম্পু সততাৰে আগবাঢ়ি যাওক।

উল্লেখ্য যে, অসমৰ জনপ্ৰিয় ইউটিউবাৰৰ ভিতৰত ডিম্পু বৰুৱা অন্যতম। ডিম্পু বৰুৱানামৰ ইউটিউব চেনেলটোত প্ৰায় ২১ লাখ চাবস্ক্ৰাইবাৰ আছে। ইয়াৰ বিপৰীতে ডিম্পুছ ব্লগনামৰ চেনলটোত আছে প্ৰায় ৩১.৮ লাখ চাবস্ক্ৰাইবাৰ। ইয়াৰোপৰি ডিম্পুৰ ফেচবুকত ১.৫ মিলিয়ন আৰু ইনষ্টাগ্ৰামত ১.৩ মিলিয়ন ফলোৱাৰ আছে।

ডিম্পুই সাধাৰণতে ভ্ৰমণ, দৈনন্দিন জীৱন শৈলী, ৰাজনৈতিকসামাজিকঅৰ্থৈনিতিক আদিৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅপ্ৰস্তুত কৰে। বিগত কেইটামান বছৰ ধৰি ইউটিউব ক্ষেত্ৰখনত যথেষ্ঠ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ডিম্পু বৰুৱা। ডিম্পুৰ ভিডিঅ’ত অতি সহজে মানুহে দেশবিদেশৰ বিভিন্ন ঠাই, খাদ্যভাস, জীৱন শৈলী আদিৰ বিষয়ে জানিব পাৰে। তেওঁৰ সৰলতা, সততা তথা তথ্যযুক্ত বিষয়বস্তুবোৰে মানুহক সদায় আকৰ্ষিত কৰে। সেয়ে হয়তো অসমৰ প্ৰতিগৰাকীলোকৰ এক চিনাকী নাম ডিম্পু বৰুৱা।