120 Bahadur: এইবাৰ ভাৰত-চীন যুদ্ধৰ প্ৰেক্ষাপটত ছবি নিৰ্মাণ কৰিব ফাৰহান আখটাৰে
120 Bahadur: ডাঙৰ পৰ্দাত সঁচা ঘটনাৰ ওপৰত আধাৰিত এখন ছবি নিৰ্মাণৰ বাবে সাজু হৈছে ফাৰহান আখটাৰ। ট্ৰিগাৰ হেপ্পী ষ্টুডিঅ'ৰ সহযোগত ৰীতেশ চিধৱানী আৰু ফাৰহান আখটাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টে '120 Bahadur' শীৰ্ষক এখন ছবি নিৰ্মাণৰ কথা ঘোষণা কৰিছে। এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰত-চীন যুদ্ধৰ ওপৰত আধাৰিত হ'ব।
Farhan Akhtar Announced 120 Bahadur : প্ৰায় প্ৰতিবাৰে ফাৰহান আখটাৰ (Farhan Akhtar)ৰ এখন ছবিৰ কাহিনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ফাৰহানৰ চলচ্চিত্ৰৰ নিৰ্বাচনৰ ওপৰত দৰ্শকৰ যথেষ্ট বিশ্বাস থকা দেখা যায়। ‘ভাগ মিলখা ভাগ’ত বাস্তৱ জীৱনৰ কাহিনী দেখুওৱাৰ পাছত, ফাৰহানে আকৌ এবাৰ সঁচা ঘটনাটোৰ ওপৰত আধাৰিত এখন ছবি আনিছে। ৰীতেশ চিধৱানী আৰু ফাৰহান আখটাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টে ট্ৰিগাৰ হেপ্পী ষ্টুডিঅ’ৰ সহযোগত ‘১২০ বাহাদুৰ’ শীৰ্ষক এখন ছবি নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে। এই ছবিখনৰ জৰিয়তে ফাৰহানে মেজৰ চৈতান সিং (পিভিচি) আৰু চাৰ্লি কোম্পানী, 13 কুমাওন ৰেজিমেণ্টৰ সৈনিকৰ কাহিনী সকলোৰে ওচৰলৈ অনাৰ বাবে প্ৰস্তুতি চলাইছে।
ফাৰহান আখটাৰে তেওঁৰ সামাজিক মাধ্যম একাউণ্টত ‘120 Bahadur’ৰ প্ৰথম মোচন পোষ্টাৰ শ্বেয়াৰ কৰিছে। য’ত ডাঙৰকৈ লিখা আছে, “WOH TEEN HAZAAR THE..AUR HUM 120 BHHADUR” ।এই ছবিখনত ফাৰহান আখটাৰে মেজৰ চৈতান সিঙৰ চৰিত্ৰত অভিনয় কৰিব। পোষ্টাৰত বন্দুক ধৰি থকা এজন সৈনিকৰ ফটো লগোৱা হৈছে। কিন্তু তেওঁৰ মুখখন দেখুওৱা নাই। ‘120 BHHADUR’ৰ প্ৰথম শ্বুটিং ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। ইয়াৰ দৃশ্যগ্ৰহণ লাডাখত আৰম্ভ হৈছে। এই ছবিখনৰ কাহিনীৰ জৰিয়তে নিৰ্মাতাসকলে দৰ্শকৰ ওপৰত গভীৰ প্ৰভাৱ পেলাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।
‘120 BHHADUR’ৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰি ফাৰহানে ইয়াৰ শিৰোনামত লিখিছে, “এয়া মোৰ বাবে অত্যন্ত গৌৰৱ আৰু সন্মানৰ বিষয় যে মই আপোনালোকক সন্মানীয় পৰম বীৰ চক্ৰ বঁটা প্ৰাপ্ত মেজৰ চৈতান সিং ভাটি আৰু চাৰ্লি কোম্পানী, 13 কুমাওন ৰেজিমেণ্টৰ সৈনিকসকলৰ কাহিনী উপস্থাপন কৰিবলৈ গৈ আছোঁ। ১৯৬২ চনৰ ১৮ নৱেম্বৰত ভাৰত-চীন যুদ্ধৰ সময়ত সংঘটিত ৰেজাং লাৰ বিখ্যাত যুদ্ধ হৈছে আমাৰ বীৰ সৈনিকসকলৰ অতুলনীয় বীৰত্ব, অদম্য সাহস আৰু নিস্বাৰ্থতাৰ কাহিনী। আমি অত্যন্ত কৃতজ্ঞ যে আমি এই আশ্চৰ্যজনক বীৰত্বপূৰ্ণ কাহিনীক পৰ্দালৈ অনাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ সমৰ্থন আৰু সম্পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ।”
View this post on Instagram
ফাৰহানে এই কাহিনীৰ জৰিয়তে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ ত্যাগৰ ওপৰত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। এই ছবিখন পৰিচালনা কৰিছে ৰজনীশ ঘাইয়ে । ‘120 BHHADUR’ৰ ঘোষণাৰ পাছত অনুৰাগীসকল অতি উৎসাহিত হৈ পৰিছে। একে সময়তে ৰণবীৰ সিঙেও কমেণ্টৰ জৰিয়তে ছবিখনক লৈ তেওঁৰ উৎসাহ প্ৰকাশ কৰিছে। ফাৰহানৰ পত্নী শিবানীয়েও কমেণ্টত দলটোক অভিনন্দন জনাইছিল। জয়া আখটাৰকে ধৰি বহুতো তাৰকাই এই ছবিখনৰ বাবে ফাৰহানক শুভকামনা জনাইছে।