জাৰ্মানীত অসম কন্যা ৰীমা দাসৰ সাফল্য! “ভিলেজ ৰকষ্টাৰ্ছ ২”য়ে আঁজুৰিলে আন এক খিতাপ
জাৰ্মানীত অনুষ্ঠিত ৪২ সংখ্যক ইণ্টাৰনেশ্যনেলছ ফ্ৰাউয়েন ফিল্ম ফেষ্ট ডৰ্টমুণ্ড কলনৰ International Feature Film Competitionত "ভিলেজ ৰকষ্টাৰ্ছ ২"ৰ বাবে শ্ৰেষ্ঠ মহিলা পৰিচালকৰ শিতানত ছবি নিৰ্মাতা ৰীমা দাসলৈ এই সন্মান। IFFF হৈছে জাৰ্মানীৰ চলচ্চিত্ৰ উদ্যোগত জড়িত মহিলাসকলৰ বাবে এখন সৰ্ববৃহৎ মঞ্চ।

পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল ৰীমা দাস। এইবাৰ ইণ্টাৰনেশ্যনেলছ ফ্ৰাউয়েন ফিল্ম ফেষ্টত শীৰ্ষ সন্মান লাভ কৰে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ ২’-এ। জাৰ্মানীত অনুষ্ঠিত ৪২ সংখ্যক ইণ্টাৰনেশ্যনেলছ ফ্ৰাউয়েন ফিল্ম ফেষ্ট ডৰ্টমুণ্ড কলনৰ International Feature Film Competitionত “ভিলেজ ৰকষ্টাৰ্ছ ২”ৰ বাবে শ্ৰেষ্ঠ মহিলা পৰিচালকৰ শিতানত ছবি নিৰ্মাতা ৰীমা দাসলৈ এই সন্মান। IFFF হৈছে জাৰ্মানীৰ চলচ্চিত্ৰ উদ্যোগত জড়িত মহিলাসকলৰ বাবে এখন সৰ্ববৃহৎ মঞ্চ। য’ত সকলো ধাৰা আৰু শৈলীৰ মহিলাৰ উৎকৃষ্ট ছবিসমূহ উপস্থাপন কৰা হয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০২৪ চনত ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা উক্ত ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ Kim Jiseok বঁটা লাভ কৰিছিল। “ভিলেজ ৰকষ্টাৰ্ছ” য়ে লাভ কৰা জনপ্ৰিয়তাৰ দৰেই ইয়াৰ চিকুৱেল চিনেমা “ভিলেজ ৰকষ্টাৰ্ছ ২” য়ে মুক্তিৰ পূৰ্বৰ পৰাই দৰ্শকৰ মন-মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল। মামি মুম্বাই ফিল্ম ফেষ্টিভেলত এই চিনেমাখনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ হৈছিল। বিখ্যাত আফ্ৰিকান-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা জুলি ডেছ, জাৰ্মানীৰ পৰিচালক ইয়াচেমিন ছামডেৰেলি আৰু ছিউল আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালক হেই-ৰিম হাৱাঙকে ধৰি IFFFৰ জুৰীয়ে দাসৰ “দৃশ্য কাহিনী কোৱাৰ অসাধাৰণ প্ৰতিভা”ক প্ৰশংসা কৰে।
ছবিখনৰ প্ৰযোজক, চিত্ৰনাট্য লেখক, চিনেমাট’গ্ৰাফাৰ আৰু সম্পাদকৰ ভূমিকাক থকা ৰীমা দাসে ছবিখন সকলো মহিলা গল্পকাৰৰ নামত এই বঁটা উচৰ্গা কৰে। তেওঁ কয়, “এই বঁটা কেৱল মোৰ বাবে নহয়, বৰঞ্চ নিজৰ আখ্যানত সৎ আৰু সাহসী হ’বলৈ সাহস কৰা প্ৰতিগৰাকী মহিলাৰ বাবে। চিনেমা হৈছে আমাৰ সত্য, আমাৰ সংগ্ৰাম, আমাৰ আকাংক্ষাক প্ৰতিফলিত কৰা এখন মঞ্চ। ‘ভিলেজ ৰকষ্টাৰছ ২’ৰ জৰিয়তে মই মোৰ গৃহভূমি আৰু কঠিন সময়তো নিজৰ সপোনৰ হৈ থিয় দিয়া সেই সাহসী ব্যক্তিসকলৰ সৈতে উদযাপন কৰিব বিচাৰিছিলো।’
অকাংগা ফিল্ম এছিয়া আৰু বেড ৰেবিট পিকচাৰ্ছ কোম্পানী লিমিটেডৰ সহযোগত ফ্লাইং ৰিভাৰ ফিল্মছে প্ৰয়োজনা কৰা ভিলেজ ৰকষ্টাৰ্ছ ২ চিনেমাখনত অভিনয় কৰিছে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, মানৱেন্দ্ৰ দাসে। ছবিখনৰ পৰিচালনাৰ পৰা আৰম্ভ কৰি ইয়াৰ দৃশ্যগ্ৰহণ, সম্পাদনালৈকে প্ৰতিটো বিষয়ৰ দায়িত্বত আছে ৰীমা দাস। অসমীয়া গাঁৱৰ পটভূমিত নিৰ্মিত ছবিখনত এগৰাকী কিশোৰীয়ে সংগীতৰ প্ৰতি থকা আকৰ্ষণক আগুৱাই নিয়াৰ সমান্তৰালভাৱে গ্ৰাম্য জীৱনৰ অৰ্থ উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ লগতে যিকোনো পৰিস্থিতিত নিজক আৱিষ্কাৰ কৰাৰ যাত্ৰাক প্ৰতিফলিত কৰিছে।
দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা দাসে জটিল সম্পৰ্ক, উদ্দেশ্য বিচাৰি উলিওৱা, বয়স বৃত্তান্ত আৰু প্ৰকৃতিৰ মাজত জীৱনৰ সন্ধান কৰা থলুৱা আৰু বাস্তৱসন্মত কাহিনী নিৰ্মাণৰ বাবে পৰিচিত। তেওঁৰ প্ৰথম ছবি “ভিলেজ ৰকষ্টাৰ্ছ” ২০১৮ চনত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু ২০১৯ চনত ভাৰতৰ অস্কাৰ বঁটাৰ বাবে আনুষ্ঠানিভাৱে মনোনিত হৈছিল।