5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

১১ কোটি টকাৰ প্ৰৱঞ্চনা: ৰেম’ ডিছুজা, পত্নীকে ধৰি ৭জনৰ বিৰুদ্ধে এজাহাৰ দাখিল!

বিপদত পৰিছে বিখ্যাত কোৰিঅ'গ্ৰাফাৰ তথা পৰিচালক ৰেম' ডিচুজ!। তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰৱঞ্চনাৰ গোচৰ। ৰেম'কে ধৰি ৭জন ১১.৯৬ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ।

১১ কোটি টকাৰ প্ৰৱঞ্চনা: ৰেম’ ডিছুজা, পত্নীকে ধৰি ৭জনৰ বিৰুদ্ধে এজাহাৰ দাখিল!
কোৰিঅ’গ্ৰাফাৰ তথা পৰিচালক ৰেম’ ডিচুজা
trishna-kalita
Trishna Kalita | Updated On: 19 Oct 2024 19:13 PM

ৰেম’ ডিচুজাকে ধৰি ৭জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। ৰেম’ ডিছুজা এজন প্ৰখ্যাত নৃত্য পৰিচালক হোৱাৰ লগতে বহুতো ডান্স ৰিয়েলিটি শ্ব’ৰ বিচাৰক। নৃত্য পৰিচালকগৰাকীৰ বিৰুদ্ধে এটা ডান্স গ্ৰুপক ১১.৯৬ কোটি টকাৰ প্ৰৱঞ্চনাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

পিটিআইৰ মতে, ১৬ অক্টোবৰত মহাৰাষ্ট্ৰৰ থানেত ৰেম’, তেওঁৰ পত্নী লিজেল আৰু আন ৫জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ১৯ অক্টোবৰত এই বিষয়ে তথ্য প্ৰদান কৰিছে।এগৰাকী ২৬ বছৰীয়া নৃত্যশিল্পীয়ে তেওঁৰ বিৰুদ্ধে মীৰা ৰোড আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

ৰেম’ আৰু তেওঁৰ পত্নীৰ উপৰিও আন ৫জন অভিযুক্তৰ ভিতৰত এজন আৰক্ষী আছে। বাকী চাৰিজন হৈছে ওম প্ৰকাশ শংকৰ চৌহান, ৰোহিত যাদৱ, বিনোদ ৰাউত আৰু ৰমেশ গুপ্তা।

পুৰস্কাৰৰ ধন হৰলুকী কৰাৰ অভিযোগ

এজাহাৰ অনুসৰি, ৰেম’ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা ব্যক্তিজনক আৰু তেওঁৰ সহযোগীসকলৰ ২০১৮ চনৰ পৰা ২০২৪ চনলৈ প্ৰৱঞ্চনা কৰা হৈছিল। কোৱা হৈছে যে যে দলটোৱে টিভিৰ এটা নৃত্য অনুষ্ঠানত প্ৰদৰ্শন কৰি জয়লাভ কৰিছিল। অৱশ্যে, অভিযোগ কৰা হৈছে যে ৰেম’কে ধৰি এই লোকসকলে তেওঁলোকক নিজৰ গ্ৰুপ হিচাপে উপস্থাপন কৰিছিল। সেই গ্ৰুপ জিকিছিল আৰু তেওঁলোকে নগদ পুৰস্কাৰ লাভ কৰিছিল। কিন্তু তেওঁলোকৰ পৰা ১১.৯৬ কোটি টকা লুণ্ঠন কৰা হৈছিল।

আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । এয়া প্ৰথমবাৰ নহয় যে ৰেম’ৰ নাম এনে বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছে। প্ৰায় ৮ বছৰ আগতে তেওঁৰ বিৰুদ্ধে ৫ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছিল। অভিযোগকাৰীৰ মতে এখন ছবি নিৰ্মাণৰ অজুহাতত তেওঁৰ পৰা ৫ কোটি টকা লোৱা হৈছিল আৰু ১০ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্ত তেওঁ সেই টকা ঘূৰাই পোৱা নাছিল। ২০২৪ৰ আগষ্টত এলাহাবাদ উচ্চ ন্যায়ালয়ত এই গোচৰটোৰ শুনানি অনুষ্ঠিত হৈছিল। আদালতে ৰেমোৰ জামিন আবেদনখন নাকচ কৰিছিল ।

 

লগতে পঢ়ক: ছলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণইৰ ওপৰত নিৰ্মাণ হ’ব ৱেব ছিৰিজ! কি কি থাকিব ছিৰিজখনত?

Latest News