Game Changer Vs Fateh Box Office: আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ৰ সন্মুখত হাৰ মানিলে ৰাম চৰণৰ ‘গেম চেঞ্জাৰ’ আৰু চনু চুদৰ ‘ফতেহ’!
Game Changer Vs Fateh Box Office: ২০২৫ চনৰ প্ৰথম সপ্তাহতে মুক্তি পাইছিল ৰাম চৰণৰ ‘গেম চেঞ্জাৰ’ আৰু চনু চুদৰ ‘ফতেহ’। যদিও ছবি দুখন নিখুঁতভাৱে নিৰ্মাণ কৰিছিল, কিন্তু ছবি দুখনে দৰ্শকৰ ভাল সঁহাৰি লাভ নকৰিলে।
ৰাম চৰণৰ ছবি Game changer মুক্তি পোৱাৰ ৩ দিন পাৰ হৈ গ’ল। নিৰ্মাতাসকলে ছবিখনকলৈ যথেষ্ঠ আশা কৰিছিল যদিও, ছবিখনৰ উপাৰ্জন অতি কম। ৰাম চৰণৰ এই ছবিখনে তৃতীয় দিনা ভাৰতত ১৭ কোটি টকা উপাৰ্জন কৰিছে। ইফালে চনু চুদৰ Fateh ক দৰ্শকে মৰম দিছে যদিও, ছবিখনে ইমান ভাল সঁহাৰি পোৱা নাই।
তৃতীয় দিনা ‘Game changer ’ৰ উপাৰ্জন
শেহতীয়াকৈ SACNILC ৰ প্ৰতিবেদন অনুসৰি ৰাম চৰণৰ ‘Game changer’ ছবিখনে তৃতীয় দিনা ভাৰতৰ পৰা ১৭ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰে তেলেগুৰ পৰা ৮ কোটি, তামিলৰ পৰা ১.২ কোটি আৰু হিন্দীৰ পৰা ৭.৭ কোটি টকাৰ ব্যৱসায় কৰিছে। আনহাতে ছবিখনে কানাড়া ভাষাৰ পৰা ০.১ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ভাৰতীয় সংগ্ৰহ ৮৯.৬ কোটি টকা হৈছে।
‘Fateh’ৰ উপাৰ্জন
এই ছবিখনত চনু চুদে পৰিচালক হিচাপেও কাম কৰিছে। এই ছবিখনে তৃতীয় দিনা ২.১৭ কোটি টকা সংগ্ৰহ কৰিছে। আনহাতে ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জন ২.৪ কোটি টকা যদিও দ্বিতীয় দিনা ব্যৱসায়ত ২.১ কোটি টকা উপাৰ্জন হৈছিল। ইয়াৰ লগে লগে ছবিখনে ভাৰতৰ পৰা মুঠ ৬.৬৭ কোটি টকা সংগ্ৰহ কৰিছে।
‘পুষ্পা ২’ৰ সন্মুখত হাৰ মানিলে!
আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ মুক্তিৰ ৩৯ দিন হ’ল। কিন্তু শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ সৈতে তুলনা কৰিলে পুষ্পাৰ এতিয়াও উপাৰ্জন শীৰ্ষত আছে। এই ছবিখনে ৩৯ দিনত মুঠ ২.৩৫ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিটো চনু চুদৰ ছবিতকৈও অধিক। ইয়াৰ লগে লগে ছবিখনে কেৱল ভাৰতৰ পৰা মুঠ ১২২০.৫০ কোটি টকা সংগ্ৰহ কৰিছে।