ছলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণইৰ ওপৰত নিৰ্মাণ হ'ব ৱেব ছিৰিজ! কি কি থাকিব ছিৰিজখনত? | gangster lawrence bishnoi web series approved salman khan cast reveal on diwali Assam news - Assam Tv9

ছলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণইৰ ওপৰত নিৰ্মাণ হ’ব ৱেব ছিৰিজ! কি কি থাকিব ছিৰিজখনত?

লৰেন্স বিষ্ণই এনে এজন গেংষ্টাৰ যিয়ে অলপতে এনচিপি নেতা আৰু ছলমানৰ ঘনিষ্ঠ সহযোগী বাবা ছিদ্দিকীক হত্যা কৰিছিল। এতিয়া এই গেংষ্টাৰৰ কাহিনী ওপৰত নিৰ্মাণ কৰা হ'ব এখন ৱেব ছিৰিজে, যিয়ে ইতিমধ্যে অনুমোদন লাভ কৰিছে। ছিৰিজখনত দৰ্শকে লৰেন্সৰ জীৱনৰ সৈতে সম্পৰ্কিত কাহিনী দেখা পাব।

ছলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণইৰ ওপৰত নিৰ্মাণ হব ৱেব ছিৰিজ! কি কি থাকিব ছিৰিজখনত?

লৰেন্স বিষ্ণইৰ ওপৰত নিৰ্মাণ হ'ব ৱেব ছিৰিজ!

Published: 

19 Oct 2024 18:08 PM

বাবা ছিদ্দিকীৰ মৃত্যুৰ বাবে দায়ী আৰু ছলমান খানক নিৰন্তৰ ভাবুকি দিয় অহা গেংষ্টাৰ লৰেন্স বিষ্ণই ৰ ওপৰত এখন ৱেব ছিৰিজ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। ১২ অক্টোবৰত বাবা ছিদ্দিকীৰ হত্যাৰ পিছৰে পৰা পুনৰ ভাবুকি লাভ কৰা আৰম্ভ কৰিছে ছলমান খানে। ইয়াৰ সমান্তৰালভাৱে লৰেন্সৰ ওপৰত ৱেব ছিৰিজ নিৰ্মাণক লৈ আৰম্ভ হৈছে চৰ্চা। প্ৰতিবেদনত কোৱা হৈছে যে এই ৱেব ছিৰিজখন নিৰ্মাণৰ বাবে ইণ্ডিয়ান মোচন পিকচাৰ্ছ এছ’চিয়েচনৰ পৰা অনুমোদন লাভ কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে আৰম্ভ হৈছে ৱেব ছিৰিজখনৰ কাম। লৰেন্সৰ ওপৰত জানি ফায়াৰফক্স ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হৈ থকা ছিৰিজখনৰ নাম ‘লৰেন্স এ গেংষ্টাৰ’ । এই ৱেব ছিৰিজখনত লৰেন্সৰ জীৱন কাহিনী দেখুওৱা হ’ব। য’ত তেওঁ এজন গেংষ্টাৰ হোৱা আৰু তেওঁৰ নেটৱৰ্ক সম্পৰ্কেও দেখুওৱা হ’ব। অৱশ্যে ছিৰিজখনত লৰেন্সৰ চৰিত্ৰত কাক দেখা যাব সেয়া এতিয়াও প্ৰকাশ পোৱা নাই। কিন্তু এইটো কোৱা হৈছে যে এই ছিৰিজখনৰ পোষ্টাৰ দেৱালীৰ় আশে-পাশে মুকলি কৰা হ’ব। অভিনেতাজনৰ নাম অথবা ফটো পোষ্টাৰতহে প্ৰকাশ কৰা হ’ব।

‘লৰেন্স – এ গেংষ্টাৰ’ৰ প্ৰযোজনা কৰা ফায়াৰফক্স ফিল্ম প্ৰডাকচনৰ মুৰব্বী অমিত জানিয়ে ছিৰিজখনৰ বিষয়ে কয় যে, ইয়াৰ উদ্দেশ্য হৈছে দৰ্শকসকলক এটা বাস্তৱ কাহিনীৰ সৈতে সংযোগ কৰা।
জানিয়ে ইয়াৰ পূৰ্বেও এনে ছিৰিজ নিৰ্মাণ কৰিছে, যি সঁচা ঘটনাৰ ওপৰত আধাৰিত। তেওঁ ‘এ টেইলাৰ মাৰ্ডাৰ ষ্ট’ৰী’ নিৰ্মাণ কৰিছিল। যিখন উদয়পুৰৰ এজন দৰ্জী কানহাইয়া লালৰ হত্যাকাণ্ডৰ ওপৰত আধাৰিত, যাক ২০২২ চনত তেওঁৰ দোকানত হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও পাকিস্তানী মহিলা সীমা হায়দৰৰ ওপৰত ‘কৰাচী টু নয়ডা’ নিৰ্মাণ কৰিছে।

ছলমানক কিয় ভাবুকি দিয়া হৈছে?

১৮ অক্টোবৰ তাৰিখে, মুম্বাই ট্ৰেফিক পুলিচে তেওঁলোকৰ ফোনত লৰেন্সৰ ভাবুকি দিয়া এটা বাৰ্তা লাভ কৰিছিল। য’ত কোৱা হৈছিল যে এই বাৰ্তাটো লৰেন্স দলৰ দ্বাৰা প্ৰেৰণ কৰা হৈছে।য’ত লিখা আছিল যে যদি ৫ কোটি টকা দিয়া নহয়, তেন্তে অভিনেতা ছলমানৰ অৱস্থা বাবা ছিদ্দিকীতকৈও বেয়া হ’ব। এই ভাবুকিৰ পাছত, আৰক্ষীয়ে ছলমান খানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। উল্লেখ্য যে, অভিনেতা ছলমান খানৰ এজন অন্তৰংগ বন্ধু এন চি পি নেতা বাবা ছিদ্দিকীক ১২ অক্টোবৰত তেওঁৰ বিধায়ক পুত্ৰ জীছান ছিদ্দিকৰ বান্দ্ৰাস্থিত কাৰ্যালয়ৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল।

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান ২.০ ৰ বাবে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব...জানক
দীপাৱলীত কিমান চাকি জ্বলাব লাগে আৰু ক’ত ক’ত জ্বলাব লাগে জানক
ছৰফৰাজ খানেই নহয়, ২৪ ঘণ্টাত ৭ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অৰ্জিলে শতক
Bhool Bhulaiyaa 3ত পিটবুল, দিলজিৎ আৰু কাৰ্তিকৰ যাদু