Govinda-Sunita Divorce : গোবিন্দাৰ আছে দুখন বিবাহৰ যোগ, পোহৰলৈ আহিছে এই কথা
Govinda: গোবিন্দাৰ ব্যক্তিগত জীৱনকলৈ বহু চৰ্চা চলি আছে। ইয়াৰ আঁৰৰ কাৰণ হৈছে গোবিন্দা আৰু সুনীতাৰ বিবাহ বিচ্ছেদৰ খবৰ। এই বিচ্ছেদৰ খবৰে গোটেই ছ’চিয়েল মিডিয়া তোলপাৰ লগাইছে। কিন্তু এবাৰ গোবিন্দাই নিজে সকলোৰে সন্মুখত নিজৰ দুখন বিবাহৰ কথা কৈছিল।

বিগত কিছুদিনৰ পৰা গোবিন্দা আৰু সুনীতাৰ বিবাহ বিচ্ছেদৰ বাতৰি বলীউডত বনজুইৰ দৰে বিয়পি পৰিছে। সুনীতাই স্বামী গোবিন্দাৰ পৰা বিচ্ছেদৰ সিদ্ধান্ত লৈছে। অৱশ্যে এই খবৰৰ বহু ভিন্ন দিশো পোহৰলৈ আহিছে। বিভিন্নজনৰ মতে, গোবিন্দাই এগৰাকী ৩০ বছৰীয়া মাৰাঠী অভিনেত্ৰীক ডেটিং কৰি আছে। বিগত কেইবামাহো ধৰি দুয়োৰে মাজত বিবাদ চলি থকা বুলি অনুমান কৰা হৈছে। শেহতীয়াকৈ গোবিন্দাৰ অধিবক্তাই প্ৰকাশ কৰিছে যে, সুনীতাই ৬ মাহ পূৰ্বে বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল। ইফালে গোবিন্দাই নিজেই তেওঁৰ ৰাশিফলত দুখন বিবাহৰ যোগ থকাৰ কথা এবাৰ উল্লেখ কৰিছে।
তথ্যনুসৰি, সুনীতা আৰু গোবিন্দাই বিগত কেইবাবছৰ ধৰি পৃথকে পৃথকে ঘৰত আছে। মাত্ৰ ১০০ খোজ দূৰত্বত এটা সুকীয়া ঘৰত থাকে গোবিন্দ। আনহাতে সুনীতাই সন্তান দুটাৰ সৈতে পৃথকে পৃথকে থাকে। অৱশ্যে সুনীতাই কয় যে, গোবিন্দাই নিজৰ কামত বৰ ব্যস্ত। সাক্ষাৎ আৰু মানুহ লগ পোৱাৰ বাবে তেওঁ পৃথকে থাকে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়। ইফালে গোবিন্দাৰ এটা পুৰণি সাক্ষাৎকাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। য’ত গোবিন্দই নিজৰ দুখন বিবাহৰ কথা কোৱা দেখা গৈছে।
সুনীতাৰ সৈতে থকা সম্পৰ্ক
সাক্ষাৎকাৰটোত গোবিন্দই কৈছিল, “সুনিতাৰ সৈতে কোনো ধৰণৰ সম্পৰ্কত মই গম্ভীৰভাৱে জড়িত হ’ব বিচৰা নাছিলোঁ। মই এনেকুৱা এজনী ছোৱালী বিচাৰিছিলো যাৰ লগত মই আনন্দ-ফূৰ্তি কৰিবলৈ ওলাই যাব পাৰিম। কাৰণ চিনেমাত ৰোমান্টিক দৃশ্য কৰি মই ভাল নাপালোঁ। তেতিয়া ভাইটি কীৰ্তিয়ে মোক ক’লে যে, যদি মই বাস্তৱ জীৱনত ৰোমাঞ্চ কৰিব বিচাৰোঁ, তেন্তে মই ৰিয়েল জীৱনতো ভালকৈ ৰোমাঞ্চ কৰিব পাৰিম। তেতিয়াই সুনীতাৰ সৈতে মোৰ কথা-বতৰা বাঢ়িবলৈ ধৰিলে।”
গোবিন্দাই দুখন বিয়াৰ কথা কৈছে,
সেই সাক্ষাৎকাৰতে গোবিন্দাই তেওঁৰ দুবাৰ বিবাহৰ কথাও কৈছিল। গোবিন্দই কয়, “ভৱিষ্যতে আন কোনোবা ছোৱালীৰ লগত তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। সুনীতাই তাৰ বাবে সাজু হোৱা উচিত। তেতিয়াহে স্বাধীন হ’ব পাৰিব। মোৰ ৰাশিফলত দুখন বিবাহৰ সম্ভাৱনা আছে।”