Prastuti Parasar Birthday: আজি ‘ভ্ৰাম্যমাণৰ মহাৰাণী’ প্ৰস্তুতি পৰাশৰ ওপজা দিন, বোলছবিৰ পৰা ভ্ৰাম্যমাণলৈ… জানক অভিনেত্ৰীগৰাকীৰ কিছুমান নজনা কথা
Happy Birthday Prastuti Parasar: বৰ্তমান অসমৰ ভ্ৰাম্যমাণ জগতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী প্ৰস্তুতি পৰাশ। যাক 'ভ্ৰাম্যমাণৰ মহাৰাণী' বুলিও জনা যায়। আজি ৪৩ বয়সত ভৰি দিলে সকলোৰে মৰমৰ অভিনেত্ৰীগৰাকীয়ে। এই বিশেষ দিনটোত জানো আহক অভিনেত্ৰীগৰাকীৰ জীৱনৰ বিষয়ে কিছু কথা...
Prastuti Parasar Birthday: প্ৰস্তুতি পৰাশ কোন হয়তো পৰিচয় দিয়াৰ প্ৰয়োজন নাই। বৰ্তমান অসমৰ ভ্ৰাম্যমাণ জগতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। নিজৰ অভিনয়ৰে ভ্ৰাম্যমাণৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে প্ৰস্তুতিয়ে। যাক ‘ভ্ৰাম্যমাণৰ মহাৰাণী’ বুলিও জনা যায়। বিভিন্ন ছবি, নাটক, থিয়েটাৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে।
ভ্ৰাম্যমাণৰ মঞ্চত এফালে প্ৰস্তুতিয়ে কৰা আৱেগিক অভিনয়ে দৰ্শকক কান্দিবলৈ বাধ্য কৰে, আনফালে অভিনেত্ৰীগৰাকীৰ এক্সনে প্ৰতিখন মঞ্চ কপাই তোলে। যাৰ বাবে প্ৰতিখন থিয়েটাৰতে দেখা যায় অগণন লোকৰ ভিৰ। আজি ৪৩ বয়সত ভৰি দিলে সকলোৰে মৰমৰ অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমযোগে বিভিন্নজনে অভিনেত্ৰীগৰাকীক জনাইছে জন্মদিনৰ শুভেচ্ছা। এই বিশেষ দিনটোত জানো আহক অভিনেত্ৰীগৰাকীৰ জীৱনৰ বিষয়ে কিছু কথা…
১৯৮১ চনৰ ১৫ ডিচেম্বৰত যোৰহাটৰ মালৌআলিত জন্মগ্ৰহণ কৰিছিল প্ৰস্তুতি পৰাশৰে। পিতৃৰ নাম বিজয় চন্দ্ৰ শৰ্মা। তেওঁ স্কুলীয়া শিক্ষা যোৰহাট বাল্য ভৱনত গ্ৰহণ কৰিছিল। তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। প্ৰায় ৫ বছৰ বয়সতে ‘বৰ্ণালী’ নামৰ দূৰদৰ্শনৰ ছিৰিয়েল এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল প্ৰস্তুতি পৰাশৰে। প্ৰস্তুতি পৰাশৰে অভিনয় কৰা প্ৰথম বোলছবিখন আছিল ‘মহাৰথী’। বাণী দাসৰ অসমীয়া ছবি ‘মহাৰথী’ আছিল প্ৰস্তুতিৰ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট ৷ তাৰ পিছৰ পৰা পিছলৈ ঘূৰি চাব লগা হোৱা নাই অভিনেত্ৰীগৰাকীয়ে ৷
সৰুৰ পৰাই নৃত্য, গীত, অভিনয়ৰ প্ৰতি আছে প্ৰস্তুতিৰ আকৰ্ষণ। এই ক্ষেত্ৰত তেওঁ পৰিয়ালৰ পৰা যথেষ্ট সমৰ্থনক লাভ কৰিছিল ৷ প্ৰস্তুতিয়ে অসমীয়া ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰিছে। প্ৰস্তুতি পৰাশৰ অভিনীত কেইখনমান উল্লেখযোগ্য অসমীয়া ছবি ভিতৰত আছে হ’ল ‘তুমি মোৰ মাথো মোৰ’, ‘গুণ গুণ গানে গানে’, ‘অন্তহীন যাত্ৰা’, ‘আছেনে কোনোবা হিয়াত,
‘প্ৰেম আৰু প্ৰেম’, ‘বাৰুদ’, ‘দীনবন্ধু’, ‘ৰামধেনু’, ‘চুৰেণ চোৰৰ পুতেক’ ইত্যাদি ৷ ২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে ‘গুণ গুণ গানে গানে’ বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনীত হৈছিল।
২০১৬ চনত ‘মৃগনাভি’ ছবিখনৰ বাবে ‘Best Actor Female’ শাখাত বিজয়ী হৈ ‘Dada Saheb Phalke International Film Festival’ বঁটা অৰ্জন কৰিছিল ৷ একেটা বৰ্ষতে ‘মৃগনাভি’ ৰ বাবে ‘Prag Cine Awards North-East 2016’ বঁটাৰেও সন্মানিত হৈছিল অভিনেত্ৰীগৰাকী ৷ ২০১৭ চনত ‘দূৰদৰ্শন এটি যন্ত্ৰ’ ছবিখনৰ বাবে ‘Prag Cine Awards North-East 2017’ বঁটা লাভ কৰে প্ৰস্তুতিয়ে ৷
প্ৰস্তুতি পৰাশৰে দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত আছে ‘বৰ্ণালী’,’নিশাৰ নায়ক’,’চক্ৰবেহু’, ‘মহানগৰ’, ‘মেজৰ চাহাব’, ‘জোনাকত শিহৰণ’। ‘বিন্দাছ’ আছিল প্ৰস্তুতি পৰাশৰৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক। ছবিৰ সমান্তৰালকৈ মঞ্চ, থিয়েটাৰটো অপাৰ সফলতাৰ গৰাকী প্ৰস্তুতি পৰাশৰ ৷ প্ৰস্তুতি পৰাশৰে প্ৰায় ৩০-৩৫খন মান নাটকত অভিনয় কৰিছে। তেওঁৰ উল্লেখযোগ্য মঞ্চ নাট কেইখনমান ‘ৰূপালীম’, ‘নিমাতী কইনা’, ‘অপৰাহ্ণ’ ৷ তেওঁ অভিনয় কৰা ‘জোনাকত শিহৰণ’, ‘সেন্দুৰ’, ‘মেজৰ চাহাব’, ‘চক্ৰবেহু’, ‘শাহু-বোৱাৰী’ আদি অসমীয়া ধাৰাবাহিকে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷
বৰ্তমান সময়ত আৱাহন থিয়েটাৰৰ প্ৰযোজিকা-অভিনেত্ৰী-পৰিচালিকা হিচাপে কাম কৰি আছে প্ৰস্তুতিয়ে ৷ প্ৰস্তুতিয়ে অভিনয় কৰা ভ্ৰাম্যমানৰ প্ৰায়সমূহ নাটকে লাভ কৰিছে দৰ্শকৰ ব্যাপক সঁহাৰি।প্ৰতিখন নাটক চাবলৈ দেখা গৈছে দৰ্শকৰ পাৰভগা উচাহ। এই বৰ্ষৰ সফলতা পাছতে অহা বৰ্ষৰ নাটকৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি।