শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হেৰা ফেৰী-৩ৰ পৰা কোন বাহিৰ হ’ল? ছবিখন সন্দৰ্ভত এটা ভাল আৰু এটা বেয়া খবৰ…

Hera Pheri 3: অক্ষয় কুমাৰৰ অনুৰাগীসকলে অধীৰ অপেক্ষা কৰি আছে হেৰা ফেৰী-৩ লৈ। কিন্তু এই ছবিখনক লৈ যোৱা কেইটামান মাহত বিভিন্ন খবৰ পোহৰলৈ আহিছে। ইয়াৰ মাজতে ছবিখন সন্দৰ্ভত আছে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ।

হেৰা ফেৰী-৩ৰ পৰা কোন বাহিৰ হ’ল?  ছবিখন সন্দৰ্ভত এটা ভাল আৰু এটা বেয়া খবৰ…
হেৰা ফেৰীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Feb 2025 21:26 PM

হেৰা ফেৰী ৩ ৰ বাবে অধীৰ অপেক্ষা কৰি আছে ছবিখনৰ অনুৰাগীয়ে। ছবিখনৰ অনুৰাগীসকলৰ বাবে হেৰা ফেৰী (Hera pheri) যেন কেৱল এক চিনেমা নহয়, ই এক আৱেগ। যাৰ বাবে হয়তো হেৰা ফেৰীৰ জনপ্ৰিয়তা আজিলৈ কম হোৱা নাই। হেৰা ফেৰীৰ নিৰ্দেশক আছিল প্ৰিয়দৰ্শন, এই ছবিখন মুক্তিৰ পাছতেই কমেডি ছবিৰ প্ৰতি যেন  মানুহৰ ধাৰণা সলনি হৈ গৈছিল। পৰৱৰ্তী সময়ত হেৰা ফেৰী-২ ৰাইজৰ মাজলৈ আহিছিল। প্ৰথমখনৰ দৰে দ্বিতীয় খণ্ডটোও ৰাইজে আদৰি লৈছিল। এতিয়া ছবিখনৰ তৃতীয় খণ্ড মুক্তি পোৱাৰ পথত।

এই ছবিখনৰ তৃতীয়টো খণ্ডক লৈ বহু দিন ধৰি আলোচনা চলি আছে। ছবিখনৰ চৰিত্ৰ আৰু অভিনেতা সন্দৰ্ভত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ মাজতে ছবিখনৰ অভিনেতা পৰেশ ৰাৱলে হেৰা ফেৰী-৩ ৰ বিষয়ে এক ডাঙৰ ঘোষণা কৰে । এই খবৰ শুনি হেৰা ফেৰীৰ কিছুমান অনুৰাগী সুখী হোৱাৰ বিপৰীতে কিছুমান হতাশ হ’ব পাৰে।

কিছুদিন পূৰ্বে হেৰা ফেৰী-৩ ত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আৰিয়নক স্থান দিয়াৰ কথা শুনি অনুৰাগীসকল যথেষ্ঠ মৰ্মাহত হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে বাবুৰাও গনপাত ৰাও আপ্তেৰ চৰিত্ৰত অভিনয় কৰা পৰেশ ৰাৱলে এক ডাঙৰ খবৰ দিয়ে। সিদ্ধাৰ্থ কননৰ সৈতে হোৱাৰ আলোচনাত অভিনেতাগৰাকীয়ে কয় যে, অক্ষম কুমাৰ কেতিয়াও ছবিখনৰ পৰা আঁতৰ হোৱা নাছিল। ছবিখনত কাৰ্তিকৰ লগতে অক্ষয় কুমাৰো আছিল। কিন্তু এই ছবিখনৰ নিৰ্দেশক এতিয়া সলনি হৈছে। ছবিখন এতিয়া প্ৰিয়দৰ্শনে নিৰ্দেশনা কৰিব আৰু ইয়াৰ কাহিনী সম্পূৰ্ণ বেলেগ।

পৰেশ ৰাৱলে কি কয়

পৰেশ ৰাৱলে কয় যে, এতিয়া কাহিনী সম্পূৰ্ণ বেলেগ। ইয়াৰ চৰিত্ৰসমূহো বেলেগ। মই এতিয়াও সম্পূৰ্ণ কাহিনীটো শুনা নাই। অভিনেতাগৰাকীয়ে লগতে স্পষ্ট কৰি কয় যে, এই ছবিখনৰ বাবে কেতিয়াও কাৰ্তিক আৰিয়নক ৰাজুৰ চৰিত্ৰ দিয়া হোৱা নাছিল। তেওঁৰ চৰিত্ৰ সম্পূৰ্ণ বেলেগ আছিল। কিন্তু সেই ছবিখনৰ কাহিনী আৰু এতিয়াৰ কাহিনীৰ মাজত সম্পূৰ্ণ বেলেগ। এতিয়া এই ছবিখন প্ৰিয়দৰ্শনে নিৰ্মাণ কৰিব আৰু ইয়াত কাৰ্তিক আৰিয়ন নাই। এতিয়া সম্পূৰ্ণ কাহিনী সলনি হৈছে।

উল্লেখ্য যে, হেৰা ফেৰী- ৩ নিৰ্মাণৰ বাবে বিভিন্নজন নিৰ্দেশক আগবাঢ়ি আহিছিল আৰু ইয়াক কাৰ্তিকক প্ৰাধান্য দিয়া হ’ব বুলি খবৰ প্ৰকাশ পাইছিল। কিন্তু পৰেশ ৰাৱালৰ ভাষ্য অনুসৰি হেৰা ফেৰীৰ নিৰ্দেশকগৰাকীয়ে তৃতীয় খণ্ডটো নিৰ্মাণ কৰিব আৰু ইয়াত কাৰ্তিক আৰিয়ন নাই।

ইয়াৰ পূৰ্বে অন্য এক সাক্ষাৎকাৰত পৰেশ ৰাৱালক সোধা হৈছিল যে কাৰ্তিক আৰিয়ান হেৰা ফেৰী ৩ ছবিখনৰ অংশ হ’ব নেকি? ইয়াৰ প্ৰত্যুত্তৰত পৰেশ ৰাৱালে সন্মতি দিছিল। কিন্তু এতিয়া তেওঁ নিজেই স্পষ্ট কৰি দিছে যে এতিয়া সকলো সলনি হৈছে, ছবিৰ কাহিনী পৰ্যন্ত সলনি হৈছে। নতুন কাহিনীত কাৰ্তিক আৰিয়ন নাই আৰু ইয়াত পুৰণি চৰিত্ৰ তথা অভিনেতাসকলকে দেখা যাব। ইয়াৰোপৰি আনুষ্ঠানিকভাৱে ঘোষণা হয় হেৰা ফেৰী ৩। অক্ষয় কুমাৰৰ জন্মদিন উপলক্ষে ছবিখনৰ পৰিচালক প্ৰিয়দৰ্শনে নিজেই এই কথা স্বীকাৰ কৰে।