SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আলমত নিৰ্মাণ হৈছে নেকি 'জয় হনুমেন'? জানক ছবিখনৰ মুক্তিৰ তাৰিখ | himanshu prasad das new movie jai hanumen will release in 18th october know the story Assam news - Assam Tv9

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আলমত নিৰ্মাণ হৈছে নেকি ‘জয় হনুমেন’? জানক ছবিখনৰ মুক্তিৰ তাৰিখ

Updated On: 

21 Aug 2024 19:20 PM

অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। শেহতীয়াকৈ বিদুৰভাইৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে হিমাংশু প্ৰসাদ দাসৰ ব্যতিক্ৰমধৰ্মী কাহিনীৰে 'জয় হনুমেন'। কি হ'ব ছবিখনৰ কাহিনী জানক...

1 / 5জয় হনুমেন

জয় হনুমেন

2 / 5

আপুনি হয়টো স্পাইডাৰ মেন, ছুপাৰ মেন, বেটছমেনৰ কাহিনী বহুত শুনিছে কিন্তু হনুমেনৰ কথা শুনা নাই। অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷

3 / 5

ছবিখনত দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেবাখনো চিনাকী মুখ ৷ অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক।

4 / 5

‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷

5 / 5

এতিয়া সকলোৰে মাজত কৌতুহল সৃষ্টি হৈছে চিনেমাখনৰ কাহিনীক লৈ । বিভিন্নজনে ক'ব বিচাৰে যে এয়া SI জোনমণি ৰাভাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, আন কাৰোবাৰ মতে এয়া এজন হনুমান ভক্তৰ ওপৰত আধাৰিত কাহিনী। এই সকলো কৌতুহলৰ সমাপ্তি ঘটিব মাথোঁ ১৮ অক্টোবৰত।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!