২০২৪ত কোন কেইখন অসমীয়া ছবিয়ে জিনিলে দৰ্শকৰ হৃদয়? কোন কেইখন হ’ল ফ্লপ?

এই বৰ্ষটোত এনে বহু ঘটনা ঘটিছে যিয়ে অসমীয়া ছবি উদ্যোগটোক নতুন দিশ দেখুৱাইছে। আহিছে বহু ভাল খবৰ। বৃদ্ধি পাইছে মুক্তি লাভ কৰা অসমীয়া ছবিৰ সংখ্যা। যথেষ্ট আগ্ৰহ দেখা গৈছে দৰ্শকৰ মাজত। পিছে মুক্তি লাভ কৰা ২৫খনৰ ছবি বেছিভাগই বিফল হ’ল ব্যৱসায়িকভাৱে ৷ বহু ছবিত মনোৰঞ্জনৰ লগতে আছিল সামাজিক বাৰ্তাও ৷

২০২৪ত কোন কেইখন অসমীয়া ছবিয়ে জিনিলে দৰ্শকৰ হৃদয়? কোন কেইখন হল ফ্লপ?

২০২৪ত কোন কেইখন অসমীয়া ছবিয়ে জিনিলে দৰ্শকৰ হৃদয়?

Updated On: 

29 Dec 2024 20:43 PM

পোৱা-নোপাৱাৰ মাজতে বিদায় ল’বলৈ সাজু হৈছে ২০২৪ বৰ্ষটো। নতুন বৰ্ষক আদৰিবলৈ সকলোৱে আৰম্ভ কৰিছে প্ৰস্তুতি। অসমীয়া ছবিজগতৰ বাবে ২০২৪ বৰ্ষটো আছিল মধ্যমীয়া। চলিত বৰ্ষত মুক্তি লাভ কৰে ২৫ খনকৈ অসমীয়া ছবিয়ে। য’ত আছিল এক্সন, ড্ৰামা,ৰোমাঞ্চ সকলো। বহুতে জয় কৰিছিল দৰ্শকৰ মন। বহুতে আজুৰি আনিবলৈ সক্ষম হৈছিল ৰাজ্যিক তখা ৰাষ্ট্ৰীয় বঁটা।

এই বৰ্ষটোত এনে বহু ঘটনা ঘটিছে যিয়ে অসমীয়া ছবি উদ্যোগটোক নতুন দিশ দেখুৱাইছে। আহিছে বহু ভাল খবৰ। বৃদ্ধি পাইছে মুক্তি লাভ কৰা অসমীয়া ছবিৰ সংখ্যা। যথেষ্ট আগ্ৰহ দেখা গৈছে দৰ্শকৰ মাজত। পিছে মুক্তি লাভ কৰা ২৫খনৰ ছবি বেছিভাগই বিফল হ’ল ব্যৱসায়িকভাৱে ৷ বহু ছবিত মনোৰঞ্জনৰ লগতে আছিল সামাজিক বাৰ্তাও ৷ বছৰটোৰ সৰ্বাধিক উপাৰ্জনকাৰীত ছবিত পৰিণত হৈছে বিদুৰভাই। তালিকাত আছে জুবিনৰ চিকাৰ। বিতৰ্কিত ছবি হিচাপে ৰৈ গ’ল জয় হনুমেন। এই প্ৰতিবেদনত জানো আহক চলিত বৰ্ষৰ কেইখনমান বিশেষ ছবিৰ বিষয়ে…

 

বিদুৰভাই

২০২৪ত অসমীয়া ছবিজগতৰ আটাইতকৈ সফল ছবিখন আছিল বিদুৰভাই। ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা চিত্ৰগৃহত মুক্তি দিয়া হৈছিল ছবিখন। ছবিখনে প্ৰায় ১১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। Rootstock Entertainmentsৰ বেনাৰত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।‘বিদুৰভাই’ৰ ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে আৰু প্ৰযোজনাত আছে অৰ্ণৱ হাজৰিকা ৷ বহু অসমীয়া ছবিৰ অভিলেখ ভংগ কৰিছে বিদুৰভাই ছবিখনে। ‘বিদুৰভাই’ প্ৰথমটো দৰ্শনীৰ পৰাই ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে হাউচফুল হৈ পৰিছিল ।

চিকাৰ

২০ ছেপ্তেম্বৰত মুক্তি লাভ কৰিছে জুবিন গাৰ্গৰ অভিনিত ছবি ‘চিকাৰ’। শ্ৰীৰঘূপতি, বিদুৰভাই, পিশাচ আৰু লোকেল কম্ফু৩ ৰ জনপ্ৰিয়তাৰ পিছত অসমীয়া ছবি ‘চিকাৰ’ মুক্তি পাইছিল। ছবিখনৰ মুঠ উপাৰ্জন আছিল প্ৰায় ৫ কোটি টকা। চিকাৰে প্ৰথম দিনটোতেই ৩২ লাখৰো অধিক টকা আয় কৰিবলৈ সক্ষম হয়। দ্বিতীয় দিনটোৰ আয় প্ৰায় ৫৩ লাখ টকা আৰু তৃতীয় দিনটোত ১ কোটি ৫ লাখ ২৫ হাজাৰ ৬৮১ টকা উপাৰ্জন কৰিছিল জুবিন গাৰ্গৰ চিকাৰে। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে। ছবিখনত শংকৰ চিকাৰী ৰূপে দেখা গৈছে জুবিন গাৰ্গক। চাহ বাগানীয়া যুৱক শংকৰে কেনেকৈ লণ্ডণলৈ গৈ প্ৰেমিকাক হত্যা কৰাৰ প্ৰতিশোধ লয় তাক দেখুওৱা হৈছে ছবিখনত। পৰম্পৰাগত আৰু আধুনিকতাৰ মাজৰ সংঘৰ্ষ আৰু সম্পৰ্কৰ সন্ধান কৰা ই এক একশ্যন থ্ৰীলাৰ।

লোকেল কুংফু ৩

‘লোকেল কুংফু ১’ আৰু ‘লোকেল কুংফু ২’ ৰ ধাৰাবাহিক সফলতাৰ পাছত ‘লোকেল কুংফু ৩’ লৈ যে দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল । ছবিখনত দৰ্শকে হাস্যমধুৰ চৰিত্ৰৰ লগতে উপভোগ কৰিবলৈ পাইছে দুৰ্দান্ত একশ্যনো । এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু আৰু তানসেনৰ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৰ অভিনয়ে দৰ্শক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । কেনি বসুমতাৰীৰ পৰিচালনাৰ এই ছবিখনত শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ সম্পর্কই হৈছে আটাইতকৈ গুৰুত্বপূর্ণ বিষয় । ৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এই নতুন অসমীয়া ছবিখনৰ এসপ্তাহৰ মুঠ উপাৰ্জন ১.২১ কোটি টকা । আনহাতে ছবিখনৰ মুক্তিৰ চাৰিদিনৰ মুঠ উপাৰ্জন আছিল ২ কোটি টকা ।

পিশাচ

২ আগষ্টত মুক্তি পাইছিল আন এখন অসমীয়া ছবি ‘পিশাচ। ‘ফায়াৰ ফ্লাই ফিল্মছ’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ অমিত ৰাগৰ পৰিচালনা আৰু প্ৰযোজনা অনিমা লহকৰৰ। চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা । অনিমা লহকৰে প্ৰযোজনা কৰা ‘পিশাচ’ৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ ।
ছবিখনে এদিনতে ৪ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।ইফালে মুক্তিৰ দুদিনতে ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছে ৫.০৭ লাখ টকা। আনফালে ছবিখনৰ ৩ দিনত উপাৰ্জন হয় ১১.৬৩ লাখ টকা।

স্বৰ্গৰথ

৭ জুনত মুক্তিলাভ কৰিছিল অসমীয়া ছবি ‘স্বৰ্গৰথ’। ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা, প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু ড৹ অক্ষতা নাৰায়ণে । আনহাতে ছবিখনত অভিনয় কৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন, বনী দেউৰী, ৰিণ্টু বৰা, উদ্ভৱন শইকীয়া, ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিছ শ্বেইখ, মাধুৰীমা চৌধুৰী আদি। তিনিটা দিনত মুঠ উপাৰ্জন ৫১ লাখ ২৮ হাজাৰ ৮৭৭ টকা । ইণ্ডিয়ান পেন’ৰামালৈ নিৰ্বাচিত হয় ৰাজেশ ভূঞাৰ পৰিচালিত ছবি ‘স্বৰ্গৰথ’৷

অভিমন্যু

১৫ নৱেম্বৰত মুক্তি পাইছিল বহু প্ৰত্যাশিত অসমীয়া ছবি ‘অভিমন্যু’। শ্বৱনমচ্ এন্টাৰটেইনমেন্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ প্ৰযোজনা আৰু অচিন্ত শংকৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত হৈছে নতুন অসমীয়া ছবিখন। মুক্তিৰ পিছতে দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছিল অভিমন্যু ছবিখনে। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা দেৱজিৎ মজুমদাৰ, শ্বেয়া বৰঠাকুৰ, অমৃতা গগৈ, দীপলিনা, কমললোচন, হিমাংশু ডেকা , কৌশিক নাথ, ভাস্কৰ দত্তৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীসকলে। মুক্তিৰ দ্বিতীয় সপ্তাহত বক্স অফিচত ছবিখনে উপাৰ্জন কৰিছিল ১ কোটি টকা।

জয় হনুমেন

১৮ অক্টোবৰত মুক্তি লাভ কৰিছিল বিতৰ্কিত ছবি জয় হনুমেন। ছবিখনত আছিল অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী। ‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷ ছবিখনে  সনাতনী চিন্তাধাৰা আৰু হিন্দুৰ আত্মাক অপমান আৰু আঘাত কৰাৰ অভিযোগ আনে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। ছবিখন বক্স অফিচত ফ্লপ প্ৰমাণিত হৈছিল।

ইয়াৰ উপৰিও ২০২৪ত মুক্তি লাভ কৰা আন ছবিসমূহ আছিল কইনা কন্দা শিল, সত্য দ্য ট্ৰুথ, মিনি,এটা নিৰ্জন দুপৰীয়া, কুঁহি, দাদাগিৰি, ৱাইড এংগল, ইতি তোমাৰ, ফাইণ্ডিং মাইনি, গোৱৰধন চৰিত, জিয়া, প্ৰতিশ্ৰুতি, হ’মবইজ, ইমন, সেউজ সন্ধান আৰু চিলনী চোৰ, ভূত জলকীয়া, সুন্দৰপুৰ কেঅছ, ডেউকা।

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...