এটা ভয়ংকৰ কাহিনী! সেই নিশা শ্যাম ৰামছেৰ লগত প্ৰকৃততে হৈছিল কি?

Horror movie: আজৰি সময়ত চিনেমা চোৱা বহু মানুহৰ অভ্যাস। বহু মানুহে ভুতৰ ছবি চাই ভাল পায়। কিন্তু কিছুমান ছবি এনে আছে যি চাই দৰ্শকে সঁচাকে ভয়ত কঁপি যায়। আনকি অকলে এনে ছবি চাব ভয় কৰে।

এটা ভয়ংকৰ কাহিনী! সেই নিশা শ্যাম ৰামছেৰ লগত প্ৰকৃততে হৈছিল কি?

ভুতৰ ছবি

Published: 

13 Jan 2025 15:28 PM

আজৰি সময়ত বহুতে চিনেমা চাই ভাল পায়। কিছুমানৰ যদি ভৌতিক বা ভুতৰ ছবি প্ৰিয়, আন কিছুমানে আকৌ এক্সন, থ্ৰিলাৰ আদি ভাল পায়। কিন্তু হিন্দী চিনেমাৰ ক্ষেত্ৰত যেতিয়াই ভুতৰ ছবিৰ কথা কোৱা হয় তেতিয়াই  ৰামছে ব্ৰাদাৰ্ছৰ নাম লোৱা যায়। শ্যাম  ৰামছে আৰু তুলসী ৰামছে, এই দুয়োজন ছবি নিৰ্মাতা ভৌতিক ছবি নিৰ্মাণৰ বাবে জনপ্ৰিয় আছিল। তেওঁলোকে নিৰ্মাণ কৰা ছবিবোৰ এনে আছিল যিবোৰ কোনোৱে এবাৰ চোৱাৰ পাছত অকলে থাকিবলৈ ভয় কৰে বা বহুতে অকলে এই ছবি চাব নোৱাৰে। তেওঁলোকৰ এনে এখন জনপ্ৰিয় ছবিৰ নাম ‘বীৰনা’। এই ছবিখন প্ৰায় ৩৬ বছৰ পূৰ্বে মুক্তি লাভ কৰিছিল। কিন্তু আজিও এই ছবিখন চালে মানুহে ভয় কৰে।

বীৰনা ছবিখনক অভিনেত্ৰী জেছমিনৰ বাবে বিভিন্নজনে মনত কৰে। ছবিখনত তেওঁক ভুত হিচাপে দেখুওৱা হৈছে যিয়ে পুৰুষক জালত পেলাই আৰু পাছত হত্যা কৰে। ফাতেহচান্দ ৰামছেৰ নাতিনীয়েক আলিছা কৃপ্লানীয়ে তেওঁৰ গ্ৰন্থ ‘ঘোষ্টছ ইন আৱাৰ বেকয়াৰ্ড: দ্য ৰামছেছ’ ৰিয়েল লাইফ এনকাউণ্টাৰছ উইথ দ্য ছুপাৰনেচাৰেল’ত প্ৰকাশ কৰিছে যে ৰামছে ব্রাদাৰ্ছে কেনেদৰে এই ছবিখন নিৰ্মাণৰ ধাৰণা লৈছিল।

প্ৰকৃত ভুত!

১৯৮৮ চনত বীৰনা নামৰ ছবিখন মুক্তি লাভ কৰিছিল । কিতাপত উল্লেখ থকা অনুসৰি, ছবিখন মুক্তিৰ প্ৰায় ৫ বছৰ পূৰ্বে ৰামছে ব্ৰাদাৰ্ছৰ এজন শ্যাম ৰামছেৰ লগত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাই তেওঁক কঁপাই তুলিছিল। এই সমগ্ৰ ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ পাছলৈ তেওঁলোকে বীৰনা নামৰ ছবিখন নিৰ্মাণ কৰিছিল। এই সন্দৰ্ভত লিখা কিতাপত উল্লেখ থকা মতে, ‘পুৰণা মন্দিৰ’ নামৰ ছবিখনৰ শ্বুটিঙৰ বাবে শ্যাম ৰামছে মহাবলেশ্বৰ মন্দিৰত আছিল। এয়া ১৯৮৩ চনৰ ঘটনা আছিল। শ্বুটিং শেষ হোৱাৰ পাছত সম্পূৰ্ণ টিমটো সেই অঞ্চলৰ পৰা ঘূৰি আহিছিল যদিও শ্যাম ৰামছে তাতেই আছিল।

কিছুদিন সেই ঠাইত থকাৰ পাছত এদিন মাজনিশা তেওঁ ঘৰলৈ আহি আছিল। তেওঁ ঘৰলৈ আহি থাকোতে এগৰাকী মহিলাই তেওঁৰ গাড়ী ৰখাই সহায় বিচাৰিছিল। মহিলাগৰাকী যথেষ্ঠ ধুনীয়া আছিল। মহিলাগৰাকীয়ে কোনো স্থানলৈ যাবলগীয়া আছিল বুলি কৈছিল আৰু সেয়ে শ্যাম ৰামছে তেওঁক সহায় কৰি গাড়ীত বহুৱাইছিল। শ্যাম ৰামছে মহিলাগৰাকীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিল, কিন্তু তেওঁ অনুভৱ কৰিছিল যে কিবা সমস্যা নিশ্চয় আছে। তেতিয়া তেওঁ গাড়ীৰ আইনাখনৰ ফালে চাইছিল।

তাৰ পাছত শ্যাম ৰামছে দেখিছিল যে মহিলাগৰাকীৰ ভৰিখন ভাজ লগা আছিল আৰু তেওঁ এটা কবৰস্থানৰ ওচৰত গাড়ীৰ পৰা নামি গৈছিল। এই ঘটনাৰ ফলত তেওঁৰ একো ক্ষতি হোৱা নাছিল যদিও এই ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ বীৰনা নিৰ্মাণ কৰিছিল। আজিও বহুতে অভিনেত্ৰী জেচমিনক মনত কৰে। অৱশ্যে এই ছবিখনৰ পাছত অভিনেত্ৰীগৰাকীক অন্য কোনো ছবিত দেখা পোৱা নগ’ল। জানিব পৰা মতে, অভিনেত্ৰীগৰাকীয়ে এই ছবিৰ পাছত অভিনয় কেৰিয়াৰ ত্যাগ কৰিছিল।

 

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!