নিশাটোৰ ভিতৰতে বেশ্যাবৃত্তি গ্ৰহণ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰঃ শ্মশানলৈ ঠেলাত লৈ যোৱা হ’ল মৃতদেহ
সাধাৰণ লোকসকলৰ সমুখত জাকজমকতাৰে ভৰপূৰ বলীউড জগতখন। পিছে এই জাকজমকতাৰ আঁৰত বলীউড সদায়েই ৰহস্যময়ী। এই ৰহস্যৰে এক উদাহৰণ হৈ পৰিছিল একালৰ বলীউডৰ জনপ্ৰিয় নায়িকা ভিমি। অসমীয়া ভাষাৰ সেই ‘একালৰ বৃন্দাবন একালত পৰে ছন’ বাক্যশাৰীৰ জলন্ত উদাহৰণ হৈ থাকি গ’ল একালৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী।

একালৰ বৃন্দাবন একালত পৰে ছন! এই উক্তিটোৰ অৰ্থ নিশ্চিতভাৱে বহলাই বাখ্যা নকৰিলেও হ’ব। ভিন্ন দিশত নাম, খ্যাতি তথা সফলতাৰে দপদপাই থকা বহু প্ৰতিপত্তিশীল লোক ক্ষণিকৰ ভিতৰতে বিপৰ্যস্ত হৈ পৰাৰ অনেক উদাহৰণ আমাৰ চকুৰ সমুখত আছে। তেনে উদাহৰণ বলীউড জগতখনতো অনেক আছে। সাধাৰণ লোকসকলৰ সমুখত জাকজমকতাৰে ভৰপূৰ বলীউড জগতখন। পিছে এই জাকজমকতাৰ আঁৰত বলীউড সদায়েই ৰহস্যময়ী। এই ৰহস্যৰে এক উদাহৰণ হৈ পৰিছিল একালৰ বলীউডৰ জনপ্ৰিয় নায়িকা ভিমি।
সুনীল দত্ত, ৰাজকুমাৰ, শাম্মি কাপুৰ আৰু শশী কাপুৰৰ দৰে বহু ৰথী-মহাৰথীৰ সৈতে ভিমিয়ে ইখনৰ পিছত সিখনকৈ হিট চিনেমাৰে বলীউডৰ শীৰ্ষস্থানীয় নায়িকা হৈ পৰিছিল। এনে সাফল্যৰে জনপ্ৰিয় এই ভিমিয়েই পিছে বলীউডৰ ৰঙীন পৰিচয় এৰি খোজ দিছিল বেশ্যাবৃত্তিত। শ্মশানলৈ ঠেলাত লৈ যোৱা হৈছিল তেওঁৰ নিঠৰ দেহ। পিছে বলীউডৰ প্ৰথমগৰাকী ‘দামী’ নায়িকাৰ ক্ষেত্ৰত কিয় আহি পৰিছিল এনে পৰিস্থিতি।
সৰুৰে নৃত্য-গীতত পাকৈত ভিমিয়ে চিনেমাত অভিনয়ৰ স্বপ্ন দেখিছিল, পিছে এই স্বপ্ন পূৰণ হোৱাৰ আশা তেওঁৰ মনত কেতিয়াও অহা নাছিল। শিক্ষা সমাপ্ত হোৱাৰ পিছত পিতৃ-মাতৃয়ে ঠিক কৰা অনুসৰিয়েই মুম্বাইৰ শিৱ পেটেল নামৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিয়াত বহে। কেইবছৰমানৰ ভিতৰতে দুয়োৰে সংসাৰলৈ আহে দুটি সন্তান। সেই সময়ত এখন আলোচনীত প্ৰকাশ পাইছিল ভিমিৰ বলীউড যাত্ৰাৰ কাহিনী।
আলোচনীখনত উল্লেখ থকা মতে ভিমিয়ে স্বামী শিৱ পেটেলৰ সৈতে এক চিনেমা পাৰ্টিলৈ যোৱাৰ সময়তে পৰিচালক বি আৰ চোপ্ৰাৰ চকু পৰে ভিমিৰ ওপৰত। সেই পাৰ্টিতে ভিমিয়ে লাভ কৰে প্ৰথমখন চিনেমাৰ অফাৰ। ১৯৬৭ চনত মুক্তি পায় সুনীল দত্তৰ সৈতে ভিমিৰ কেৰিয়াৰৰ প্ৰথমখন ছবি ‘হামৰাজ’। এই ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰথমখন ছবিৰ পৰাই এক নিশাৰ ভিতৰতে ছুপাৰষ্টাৰ হৈ পৰিছিল ভিমি।
ইয়াৰ পিছত আৰু পিছলৈ ঘূৰি চোৱা নাছিল ভিমিয়ে, লাভ কৰিছিল ইখনৰ পিছত সিখন ছবিৰ অফাৰ। সেই সময়ত হিন্দী ছবিৰ আটাইতকৈ দামী নায়িকা আছিল ভিমি। প্ৰতিখন ছবিৰ বাবে তেওঁৰ মাচুল আছিল তিনি লাখ টকা। কিন্তু ভাগ্যই নিৰূপণ কৰিছিল ভিমিৰ আন এক ভৱিষ্যত। চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ মতে দ্ৰুত সফলতা লাভৰ প্ৰয়াসত ভিমিয়ে ইখনৰ পিছত সিখন ভুল ছবিত চহী কৰিবলৈ আৰম্ভ কৰিছিল।
কিন্তু প্ৰতিখন ছবিয়েই এখনৰ পিছত এখনকৈ ফ্লপ হৈ পৰে। নিশাটোৰ ভিতৰতে প্ৰযোজকৰ নয়নৰ মণি ভিমি হৈ পৰিল বলীউডৰ শত্ৰু। ইফালে নিজৰ অনিয়ন্ত্ৰিত জীৱনশৈলীৰ বাবে বহুত টকা খৰচ কৰিছিল ভিমিয়ে। যাৰ ফলত ধনৰ নাটনিৰো সন্মুখীন হয় ভিমি। সেই সময়তে তেওঁৰ বৈবাহিক সম্পৰ্কও ছিন্ন হয়। ইয়াৰ পিছতে তেওঁ জলী নামৰ বলীউডৰ প্ৰযোজক এজনৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়।
ইফালে বাতৰি অনুসৰি ভিমিৰ হাতত কোনো ছবি নথকাৰ বাবে প্ৰযোজক স্বামীয়ে ভিমিক দেহ ব্যৱসায়ত জড়িত কৰায়। ইয়াৰ পিছতে লাহে লাহে অন্ধকাৰ জীৱনত ভৰি দিয়ে ভিমিয়ে। এনে বিপৰ্যয়ৰ মাজতে ভিমিৰ সংগ ত্যাগ কৰে প্ৰযোজক স্বামীয়ে। লাহে লাহে আৰ্থিক অনাটন আৰু নিসংগতাই ভিমিক মৃত্যুৰ দিশে ঠেলি দিয়ে। তাৰ পাছত ১৯৭৭ চনৰ আগষ্ট মাহৰ এক বৰ্ষামুখৰ নিশা মুম্বাইৰ দুটা কোঠাৰ ফ্লেটৰ পৰা ৩৪ বছৰীয়া ভিমিৰ মৃতদেহ উদ্ধাৰ হয়।
এখন আলোচনীত প্ৰকাশিত বাতৰি অনুসৰি ভিমি বেশ্যাবৃত্তিৰ লগত জড়িত হোৱাৰ বাবে নিন্দিত হোৱাৰ ভয়ত চুবুৰীৰ কোনো লোকে ভিমিৰ মৃতদেহো শ্মশানলৈ নিব বিচৰা নাছিল। এনে পৰিস্থিতিত ভিমিৰ নিথৰ দেহটো এখন বগা কাপোৰেৰে মেৰিয়াই এখন ঠেলাৰে শ্মশানলৈ লৈ যোৱা হ’ল। এইদৰেই একালত বলীউডত দপদপাই থকা ভিমিয়ে অন্ত পেলাইছিল কাৰুণ্যৰে ভৰা জীৱন।