5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Zubeen Garg’s journey: ‘অনামিকা’ৰ পৰা পেছাদাৰী সংগীত জগতত কেনেদৰে জড়িত হৈ পৰিছিল জুবিন গাৰ্গ? জানক বহুতো নজনা কথা

আজি হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ ওপজা দিন। নিশা ১২ বজাত জোনালীস্থিত ষ্টুডিঅ'ত কেক কাটি উদযাপন কৰিলে ৫৩ বছৰীয়া জন্মদিন। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে জুবিনে।

Zubeen Garg’s journey: ‘অনামিকা’ৰ পৰা পেছাদাৰী সংগীত জগতত কেনেদৰে জড়িত হৈ পৰিছিল জুবিন গাৰ্গ? জানক বহুতো নজনা কথা
‘অনামিকা’ ৰ পৰা পেছাদাৰী সংগীত জগতত কেনেদৰে জড়িত হৈ পৰিছিল জুবিন গাৰ্গ?
barasha-misra
Barasha Misra | Updated On: 18 Nov 2024 16:59 PM

১৯৭২চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী. এম. বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ‌ উপাধি হিচাপে ব্যৱহাৰ কৰে।

জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল[8] আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ’বলগীয়া হৈছিল। স়েয়েহে কণমানি জুবিনৰ ল’ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ‌ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী: জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দূৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য’ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল।

জুবিন গাৰ্গ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ‌ কণ্ঠদান কৰিছে।

১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ।

বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ। ১৯৯২ চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। এই অগতানুগতিক এলবামটোয়ে অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰতত ই‌ন্‌ষ্টেণ্ট হিটৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল আৰু আহি থকা একৈশ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্যপটৰে নতুন সংজ্ঞা দাঙি ধৰিছিল। তাৰ পিছত, জুবিনে পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। নিজৰ নামতে প্ৰায় চল্লিশটাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪ খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে। তেওঁৰ শেহতীয়া বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে। যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপিও এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০-তকৈ অধিক গীত গাইছে। ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়। ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল। ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। তেওঁ সঞ্জয় ঝাৰ দ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰীংছৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ’ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি।

২০১৩ চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান “য়া আলী” পৰিবেশন কৰে। ইয়াৰ প্ৰতিক্ৰিয়াত আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই জুবিন গাৰ্গক “ভাৰতীয় সাংস্কৃতিক আগ্ৰাসনৰ এজেণ্ট” বুলি অভিহিত কৰি তেওঁক সংঘাতৰ বাবে সাৱধান কৰি দিয়ে। এই ঘটনাত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জুবিনক সমৰ্থন কৰি তেওঁক নিৰাপত্তা প্ৰদান কৰে। অৱশ্যে দুদিনমান পিছত এই বিবাদৰ মীমাংসা হয়।

অসমৰ কবি-সাহিত্যিক-গীতিকাৰ হীৰেন ভট্টাচাৰ্য-ই জুবিন গাৰ্গৰ জনপ্ৰিয়তা সম্পৰ্কে কৈছে– জুবিন সঁচাই আচৰিত৷ ইমান কম বয়সতে, ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ৷ জুবিন কোনো ৰেডিঅ’ৰ শিল্পী নহয়৷ দূৰদৰ্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই৷ জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নি:সন্দেহে৷

Latest News