5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ঘটনাটোৰ সৈতে মই প্ৰত্যক্ষভাৱে জড়িত নহয়,পৰিয়ালটোক সহায় কৰিবলৈ সাজু আছোঁ: কাৰামুক্ত হৈ ঘটনা সন্দৰ্ভত কি ক’লে আল্লু অৰ্জুনে…

আল্লু অৰ্জুনে আকৌ এবাৰ কয় যে তেওঁ ভুক্তভোগীৰ পৰিয়ালক সকলো ধৰণে সহায় কৰিব। লগতে কয় যে তেওঁ এই ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু তেওঁ সহায়ৰ বাবে উপস্থিত থাকিব।

ঘটনাটোৰ সৈতে মই প্ৰত্যক্ষভাৱে জড়িত নহয়,পৰিয়ালটোক সহায় কৰিবলৈ সাজু আছোঁ: কাৰামুক্ত হৈ ঘটনা সন্দৰ্ভত কি ক’লে আল্লু অৰ্জুনে…
কাৰামুক্ত হৈ কি ক’লে আল্লু অৰ্জুনে
trishna-kalita
Trishna Kalita | Updated On: 14 Dec 2024 13:32 PM

আল্লু অৰ্জুনক ১৪ ডিচেম্বৰৰ ৰাতিপুৱা চঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। মুক্তিৰ পিছত, তেওঁ সন্ধ্যা থিয়েটাৰত সংঘটিত ঘটনাটোৰ বিষয়ে কয় আৰু ঘটনাটোক লৈ শোক প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাৰ সৈতে তেওঁ প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু ভুক্তভোগীৰ পৰিয়ালটো সকলো ধৰণে সহায় কৰিব। এয়া প্ৰথমবাৰ নহয়, ঘটনাটো সংঘটিত হোৱাৰ খৰব পোৱাৰ পিছতে আল্লু অৰ্জুনে পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াইছিল।

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰি আল্লু অৰ্জুনে কয়, “পৰিয়ালটোৰ বাবে মই বৰ দুঃখিত। মই ব্যক্তিগতভাৱে সকলো ধৰণে সহায় কৰিবলৈ সাজু আছোঁ। মই মোৰ পৰিয়ালৰ সৈতে থিয়েটাৰৰ ভিতৰত চিনেমাখন চাই আছিলো আৰু দুৰ্ঘটনাটো বাহিৰত সংঘটিত হৈছিল। এই ঘটনাটোৰ মোৰ সৈতে কোনো পোনপটীয়া সম্পৰ্ক নাই। এইটো সম্পূৰ্ণৰূপে আকষ্মিক আৰু অনিচ্ছাকৃত আছিল।”

তেওঁ আকৌ কয়, “মই যোৱা ২০ বছৰ ধৰি একেখন থিয়েটাৰলৈ গৈ আছোঁ। আৰু মই একে ঠাইলৈ ৩০কৈও অধিকবাৰ গৈছো। এনে ধৰণৰ ঘটনা আগতে কেতিয়াও হোৱা নাছিল। লগতে কয়, “মই মোৰ মন্তব্য সংৰক্ষিত ৰাখিব বিচাৰো। মই বিষয়টোত সমস্যা সৃষ্টি হোৱাকৈ একো ক’ব নিবিচাৰো।” ইয়াৰ পূৰ্বে, এক বিবৃতিত আল্লু অৰ্জুনে কয় যে তেওঁ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিব। সকলোকে ধন্যবাদ জনাই কয় যে, “মই আইনক সন্মান কৰোঁ। যিটো দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া অতি শোকাৱহ আছিল। ভুক্তভোগীৰ পৰিয়াললৈ মোৰ সমবেদনা। মই তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিম।”

এয়া প্ৰথমবাৰৰ বাবে নহয়, ঘটনাটো সংঘটিত হোৱাৰ পিছতে আল্লু অৰ্জুনে ভুক্তভোগীৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছিল। তেওঁ সহায় হিচাপে ২৫ লাখ টকা দিয়া প্ৰতিশ্ৰুতি দিছিল। একে সময়তে, তেওঁ আকৌ এবাৰ কৈছে যে তেওঁ সকলো ধৰণে সহায় কৰিব।

উল্লেখ্য ষে, ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা-২’ চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ সময়ত যথেষ্ট ভিৰৰ সৃষ্টি হৈছিল। য’ত অনুৰাগীৰ উন্মাদনাৰ ফলশ্ৰুতিত পদপিষ্ট হৈ এগৰাকী ৩৫ বছৰীয়া মহিলা নিহত হোৱাৰ লগতে আহত হয় তেওঁৰ ৮ বছৰীয়া শিশু। ভুক্তভোগীৰ পৰিয়ালে ঘটনাটোৰ বাবে ছবিখনৰ অভিনেতা আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তা দল আৰু থিয়েটাৰ মেনেজমেণ্টৰ বিৰুদ্ধে চিক্কাডপাল্লি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল। উক্ত অভিযোগৰ ভিত্তিত, আল্লু অৰ্জুনক কালি গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত তেওঁক নিম্ন আদালতত হাজিৰ কৰোৱা হয়।

নিম্ন আদালতে আল্লু অৰ্জুনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছত, তেওঁৰ অধিবক্তাসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চ ন্যায়ালয়ে আল্লু অৰ্জুনে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক ৪ সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। শুকুৰবাৰে নিশাটো কাৰাগাৰত কটাব লগা হৈছিল আল্লু অৰ্জুনে। কিয়নো কৰ্তৃপক্ষই নিশা লৈকে জামিন আদেশৰ প্ৰতিলিপি লাভ কৰা নাছিল। তেওঁ গোটেই নিশা কাৰাগাৰত কটাবলগীয়া হৈছিল। ৰাতিপুৱাই তেওঁ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। অহা বৰ্ষৰ ২১ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

Latest News