IC814: বিমান হাইজেকৰ সময়ত কি কি হৈছিল যাত্ৰীসকলৰ লগত? কিয় বিতৰ্কত ভোলা, শংকৰ…
বিমানত থকা যাত্ৰীসকলক সন্ত্ৰাসবাদীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ উচতনি দিছিল আৰু ধৰ্মক লৈ প্ৰেৰণাদায়ক ভাষণো দিছিল। সকলো যাত্ৰীকে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ যোৰ দিছিল।
বৰ্তমান সময়ত বিতৰ্কত সোমাই পৰা এখন ৱেব ছিৰিজ হ’ল “IC814 দ্যা কাণ্ডাহাৰ হাইজেক” । অনুভৱ সিনহাৰ নিৰ্দেশনাত নিৰ্মাণ হোৱা এই ৱেব ছিৰিজখন মুক্তি লাভ কৰাৰ পাছতেই বিবাদৰ মাজত সোমাই পৰিছিল। ইয়াক লৈ দিল্লী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল হোৱাৰ লগতে চৰকাৰেও এই ক্ষেত্ৰত হস্তক্ষেপ কৰিছিল। এই ৱেব ছিৰিজন ১৯৯৯ চনৰ বিমান হাইজেক কৰা এটা সঁচা কাহিনীৰ ওপৰত নিৰ্মিত। সেই সময়ত বিমানখনত স্বামীৰ লগত যাত্ৰা কৰা চত্তিশগড়ৰ পূজা কাটাৰিয়াই TV9 ভাৰতবৰ্ষৰ আগত বহু কথা খুলি কয়।
সেই সময়ত বিমান হাইজেকৰ সময়ত বিমানখনৰ ভিতৰত থকা যাত্ৰীসকলৰ লগত কি কি হৈছিল সেই সকলো কথা পূজাই খুলি কয়। ৱেব ছিৰিজখনৰ সন্ত্ৰাসবাদীৰ নামক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত পূজাই কয় যে, ছিৰিজখনক লৈ যি বিবাদ আৰম্ভ হৈছে সেয়া অপ্ৰয়োজনীয়। পূজাই কয়, বাহিৰত হাইজেকাৰ সকলৰ নাম বেলেগ আছিল কিন্তু বিমানৰ ভিতৰত তেওঁলোকে এটাই আনটোক ভোলা, শংকৰ আদি নামেৰেই মাতিছিল। গতিকে ছিৰিজখনত যি নাম দেখুৱাইছে ঘটনাটো তেনেকুৱায়ে আছিল, কোনো সাল- সলনি হোৱা নাই।
পূজাই কয় যে, বিমানত থকা যাত্ৰীসকলক সন্ত্ৰাসবাদীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ উচতনি দিছিল আৰু ধৰ্মক লৈ প্ৰেৰণাদায়ক ভাষণো দিছিল। সকলো যাত্ৰীকে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ যোৰ দিছিল। পূজাই কয়, বহু যাত্ৰীয়ে সন্ত্ৰাসবাদীৰ ভাষণৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু অনুভৱ কৰিছিল যে জীৱন ৰক্ষাৰ বাবে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগে।
পূজাই লগতে কয় যে অমৃতসৰত চৰকাৰে বিমানখন ৰখাবলৈ অভিযান চলাব লাগিছিল কিন্তু সেয়া হোৱা নাছিল। পূজাই কয় যে বিমানখন হাইজেক হোৱাৰ দিনটো তেওঁৰ জন্মদিন আছিল। সেইদিনা বাৰ্গাৰ নামৰ এজন হাইজেকাৰে তেওঁক এখন চল উপহাৰ দিছিল । সেই চলখনত এটা বাৰ্তাও লিখি দিছিল আৰু আজি পৰ্যন্ত পূজাই সেয়া সংৰক্ষণ কৰি ৰাখিছে।
উল্লেখ্য যে, ৱেব ছিৰিজখনত সন্ত্ৰাসবাদীৰ বাবে বাৰ্গৰ, ছীফ, শংকৰ আৰু ভোলা নাম ব্যৱহাৰ কৰিছে। যাৰ বাবে একাংশই দাবী কৰিছে যে, এই নামৰ দ্বাৰা সন্ত্ৰাসবাদীৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰখাৰ চেষ্টা কৰা হৈছে। ২০০০ চনৰ ৬ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি সন্ত্ৰাসবাদীসকলৰ প্ৰকৃত নাম আছিল – ইব্ৰাহিম, ছাহিদ আখতাৰ ছৈয়দ,ছনী আহমেদ কাজী, মিস্ত্ৰী জহুৰ ইব্ৰাহিম আৰু চাকিৰ।
১৯৯৯ চনত নেপালৰ কাঠমাণ্ডুৰ পৰা দিল্লীলৈ আহিবলগীয়া ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান IC 814 খন সন্ত্ৰাসবাদীয়ে হাইজেক কৰিছিল। পাছত বিমানখন বিভিন্ন পথেৰে লৈ গৈ কণ্ডাহাৰ, আফগানিস্তানলৈ নিছিল। পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীসকলে চৰকাৰক বিভিন্ন দাবী কৰিছিল। সেই দাবী অনুসৰি কুখ্যাত ৩ সন্ত্ৰাসবাদীক চৰকাৰে মুকলি কৰি দিছিল। গতিকে এনেবোৰ কাৰণতে ৱেব ছিৰিজখন বিতৰ্কত সোমাই পৰিছে। অৱশ্যে চৰকাৰৰ হস্তক্ষেপৰ পাছত বিভাগীয় কৰ্তৃপক্ষই ভুলৰ শুধৰণি কৰাৰ কথা উল্লেখ কৰিছে।